At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Thursday, 3 October 2013

সজ কথা, ভাল কথা, উপযোগী কথা



সজ কথা, ভাল কথা, উপযোগী কথা

কেইটামান কাম কৰাৰ পৰা আমি বিৰত থাকিব পাৰিলে ভাল৷ আমি প্ৰায় সকলোৱে কম-বেছি পৰিমাণে এই কাম কেইটা কৰি থাকোঁ, বহুসময়ত আমি কথাটো মনেই নকৰোঁ৷ দেখাত উপদেশ যেন লাগিব পাৰে, উপদেশ শুনিবলৈ বহুতে বেয়া পায় কিন্তু আমি এই কথাবোৰ মানি চলিব পাৰিলে আমাৰ নিজৰেই মঙ্গল৷ 

১) আনৰ বদনাম শুনি ভাল পোৱা:
আনৰ বিষয়ে বেয়া কথা তৃতীয়জনলোকৰ আগত কোৱাটো উচিত নহয় বুলি আমি সৰুৰে পৰা শুনি আহিছো, কিন্তু আনে আমাৰ আগত যদি আনৰ বিষয়ে বেয়া কথা কৈ থাকে, আনৰ সমালোচনা কৰি থাকে, তেতিয়া আমি বাৰু কি কৰো? আমি তেনে কথাত মনোযোগ দি উপভোগ কৰোনেকি? তেনে কৰিলে আমাৰ মনতো নেতিবাচক চিন্তাই ঠাই ল’বহি, আমাৰ মনটোও কলুষিত হ’ব৷ কোনোবাই আমাৰ আগত আনৰ বদনাম কৰি থাকিলে আমি সম্পূৰ্ণ কলা-বোবাৰ দৰে থাকিবলৈ যত্ন কৰাই ভাল৷ আমি আগ্ৰহ নেদেখুৱালে আনৰ কুটসা ৰটনা কৰি ফুৰা মানুহবোৰ লাহে লাহে নিমাত হৈ পৰিবলৈ বাধ্য৷ যি মানুহে আনৰ বদনাম আমাৰ আগত কয়, সেই মানুহে আমাৰ বদনাম যে আনৰ আগত নকৰিব তাৰ কি নিশ্চয়তা আছে?

২) নিজক আনৰ বাহ্যিক ৰূপৰ লগত কৰা তুলনা:
শুনিবলৈ আচৰিত লাগিলেও এই কথা সঁচা যে বহু সময়ত আমাৰ দুখ-অসন্তুষ্টিৰ মূল কাৰণ আমাৰ নিজৰ দুখ নহয়, আনৰ সুখ-আনন্দহে৷ আনক আমি বাহ্যিক ৰূপতহে দেখা পাওঁ৷ আনৰ অন্তৰত কি চলি আছে সেইটো দেখা নাপাওঁ, বুজি নাপাওঁ৷ গতিকে আনৰ বাহ্যিক ৰুপটোক আমাৰ নিজৰ আচল অৱস্থাৰ লগত তুলনা কৰাটো অৰ্থহীন৷ আমি নিজক উন্নত কৰাতে, নিজে ভাল হ’বলৈ যত্ন কৰাতে মনোনিবেশ কৰি থকা ভাল৷

৩) কোনো কামৰ বাবে সদায় পৰনিৰ্ভৰশীল হোৱা:
নিজৰ কাম নিজে কৰিবলৈ ল’লে আমাৰ মনোবল বৃদ্ধি পাব, আত্ম-বিশ্বাস বাঢ়িব৷ সদায় আনৰ ওপৰত নিৰ্ভৰ কৰি চলিলে আমি সদায় পৰমুখাপেক্ষীয়েই হৈ থাকিম৷ কিছুমানলোকে আনৰ সহায় নোলোৱাকৈ একো কামেই কৰিব নোৱাৰা হৈ থাকে এই বেয়া অভ্যাসটোৰ কাৰণে৷ কেতিয়াবা নিৰ্ভৰযোগ্য বন্ধু-বান্ধৱ, আত্মীয়-স্বজন আদিৰ সহায়ৰ প্ৰয়োজন হ’ব পাৰে কিন্তু সেইটো এটা নিয়মত পৰিণত হোৱা উচিত নহয়৷

৪) যি ঘটি গ’ল তাকে লৈ অশান্তি কৰি থকা:
অতীত ঘটি যোৱা কোনো দুখৰ কথা, বিফলতাৰ কথাই আমাক আমনি কৰিব খোজে মাজে মাজে৷ কিন্তু অতীতৰ বোজাৰে ভাৰাক্ৰান্ত হৈ থাকিলে আমি আগলৈ আগুৱাম কেনেদৰে? অতীতৰ আমনিদায়ক কথাবোৰ যিমান সোনকালে পাহৰিব পৰা যায় সিমানেই ভাল৷ নিজৰ দুখৰ কথা আনৰ আগত কৈ সহানুভুতি লাভ কৰিবলৈ কোনো কোনো লোকে ভাল পায়, কিন্তু তেনেলোকক মানুহে লাহে লাহে এৰাই চলিব ধৰে৷

৫) আমি বেয়া পোৱা, টান পোৱা বিষয়ত মনোনিবেশ কৰা:
সাধাৰণতে টানপোৱা কাম, বিষয় আদি আমি এৰাই চলিব বিচাৰো৷ টান কামবোৰ পিছত কৰিম কৰিম বুলি পিছুৱাই থলে অধিক বোজাস্বৰূপ হৈ পৰে৷ কিন্তু তেনে বিষয়বোৰৰ সাহসেৰে মুখামুখি হৈ সেইবোৰত অধিক মনোযোগ দিবলৈ ধৰিলে সময়ত টান কামো সহজ হৈ পৰে৷ এয়া আচৰিত যেন লাগিলেও সত্য৷ 

(সংগ্ৰহ)

1 comment: