At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Friday, 4 October 2013

প্ৰকৃত সুন্দৰতা



প্ৰকৃত সুন্দৰতা
ইংৰাজীত এষাৰ কথা আছে, “ বিউটি ইজ অ’নলি স্কিন দীপ” অৰ্থাত্ মানুহৰ সৌন্দৰ্য গাৰ ছালৰ সমানহে গভীৰ৷ বা আনকথাত ক’বলৈ গ’লে ই বেছিদিন স্থায়ী নহয়৷ ছালত বয়সৰ আঁচোৰ পৰাৰ লগে লগে সুন্দৰতাও হ্ৰাস পাবলৈ ধৰে৷ কিন্ত মানুহৰ প্ৰকৃত সুন্দৰতা, স্থায়ী সুন্দৰতা মানুহৰ আত্মাৰ সমানেই গভীৰ৷ এই সুন্দৰতা স্থায়ী, কেতিয়াও ম্লান পৰি নাযায়৷ কোনো কোনো দুৰ্ভাগ্যপূৰ্ণ পৰিস্থিতিত মানুহৰ শাৰীৰিক সৌন্দৰ্য চিৰদিনৰ বাবে হেৰাই যোৱাও আমি দেখিবলৈ পাওঁ, কিন্তু আন্তৰিক বা আভ্যন্তৰীণ সুন্দৰতা চিৰস্থায়ী৷ বাহ্যিক সুন্দৰতাই মানুহক দেখাত আকৰ্ষণীয় কৰি তোলে যদিও তেনে মানুহক আনে ভাল নাপাবও পাৰে, শ্ৰদ্ধা-ভক্তি কৰাটো দূৰৰে কথা যদিহে ব্যক্তিগৰাকী আন্তৰিক ভাবে অসুন্দৰ হয়৷
মানুহৰ প্ৰকৃত সুন্দৰতাৰ উদাহৰণ দিবলৈ গ’লে সততেই উদাহৰণ দিয়া হয় মাদাৰ টেৰেচা, অব্ৰাহাম লিঙ্কন আদিৰ কথা৷ মাটাৰ টেৰেচাৰ প্ৰকৃত সুন্দৰতা আছিল সাগৰৰ দৰে গভীৰ প্ৰেমেৰে উপচি থকা এখন হৃদয়৷ কিন্তু অব্ৰাহাম লিঙ্কনৰ কথা ক’বলৈ গ’লে দুটা সম্পূৰ্ণ বিপৰীত অৱস্থা আমি দেখিবলৈ পাওঁ৷
অব্ৰাহাম লিঙ্কন দেখিবলৈ অতিশয় আপচু আছিল৷ এবাৰ তেখেতে ঘোঁৰাৰে এঠাইলৈ গৈ থাকোঁতে বাটত এজন মানুহ লগ পালে৷ মানুহজনে অব্ৰাহাম লিঙ্কনক দেখি ক’লে,
“মহাশয়, আপোনাৰ বাবে মোৰ হাতত এবিধ বস্তু আছে৷ অনুগ্ৰহ কৰি গ্ৰহণ কৰিবনে?”
“মোৰ বাবে? কি বস্তু?” লিঙ্কনে আচৰিত হৈ সুধিলে৷
মানুহজনে অলপ ৰসিকতা কৰি ক’লে, “ মোৰ হাতত এখন ছুৰী আছে৷ মোক এজন মানুহে ছুৰীখন দি কৈছিল যে মোতকৈ দেখাত আপচু কোনো মানুহক লগ পালে সেই মানুহজনক মই ছুৰীখন দিব লাগিব৷ গতিকে ছুৰীখন আপোনাৰ প্ৰাপ্য৷ গ্ৰহণ কৰক৷”
কথাখিনিৰ অৰ্থ আমি নিশ্চয় বুজি পাইছো৷
অব্ৰাহাম লিঙ্কনে মাজে মাজে এই ঘটনাটো উল্লেখ কৰি ৰসিকতা কৰি কৈছিল, “সেইদিনধৰি ছুৰীখন মোৰ লগতে আছে৷ ছুৰীখন দিব পৰা কোনো মানুহ মই লগ পোৱা নাই আজি পৰ্যন্ত৷”
অৰ্থাত্ তেখেত আমেৰিকাৰ সমলোতকৈ কুন্ধচ লোক বুলি অব্ৰাহাম লিঙ্কনে মানি লৈছিল আৰু কোনো লাজ বা আক্ষেপ নকৰাকৈ সেই কথা আনৰ আগত কৈছিল৷ কিন্তু মন কৰিবলগীয়া কথা যে তেখেত দেখাত কুন্ধচ আছিল বাবে বিখ্যাত হোৱা নাছিল৷ অব্ৰাহাম লিঙ্কনৰ অন্তৰাত্মা সুচৰিত্ৰ, সততা, সাহস আৰু সৰলতাৰ দৰে সৌন্দৰ্যেৰে সুশোভিত আছিল ; লগতে আছিল নম্ৰতা আৰু ক্ষমাশীলতাৰ অলঙ্কাৰ৷ সেইবাবেই তেওঁ বিখ্যাত হৈছিল৷
এৰা, এনে সুন্দৰ লোক সকলো ঠাইতে আছে৷ দূৰৰ পৰা সহজে চিনি পোৱা নাযায়৷ কিন্তু তেনেলোকৰ মুখমণ্ডলত জিলিকি উঠে আন্তৰিক সৌন্দৰ্যৰ আভা৷

No comments:

Post a Comment