At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Saturday, 5 December 2015

আবৰ্জনা..

আবৰ্জনা..
ফ্লেটত খকাৰ সুবিধা যেনেদৰে আছে অসুবিধাও বহুত আছে৷ বহুতো নীতি-নিয়ম মানি চলিবলগীয়া হয়৷ কামবোৰ কৰোঁতে আনে যাতে কোনো অসুবিধা নাপায়, কোনো ধৰণৰ অশান্তিৰ যাতে সৃষ্টি নহয় তালৈ লক্ষ্য ৰাখি চলিব লাগে৷ গুৱাহাটীত ফ্লেট এটা কিনি থাকিবলৈ লোৱা প্ৰায় দহবছৰেই হৈ গ’ল হাজৰিকাৰ৷ মাটি কিনি ঘৰ নিজে সাজি লোৱাৰ সাহস কৰিব নোৱাৰি ফ্লেটকে ল’বলৈ ভাল পালে তেওঁ৷ সৰু-সুৰা সমস্যাবোৰ আহি থাকিল যদিও কেনেদৰে ফ্লেটত চলিব লাগে লাহে-লাহে সকলো শিকি ল’লে৷ হাজৰিকা এনেও অলপ বেছি ভদ্ৰ৷ গাড়ীখন পাৰ্ক কৰাৰ সময়তো বহুত চিন্তা কৰে৷ বেলেগৰ অসুবিধা নহয়তো? আন গাড়ী কাষেৰে পাৰ হৈ যোৱাত অসুবিধা নহয়তো? তেওঁ পাৰ্ক কৰাৰ পাছতো গাড়ীখনলৈ চাই এবাৰ চিন্তা কৰে৷ সেইটো আচলতে তেওঁৰ ভদ্ৰতা নে ভীৰুতা মাজে-মাজে তেওঁ নভবা নহয়৷ আনৰ নিচিনা দাদাগিৰি কৰি, সকলোৱে দেখাকৈ নীতি-নিয়ম অমান্য কৰি চলিব তেও্ঁ নোৱাৰে৷ কোনো ধৰণৰ বেমেজালিত তেওঁ পৰিব নোখোজে৷ বাটত গাড়ী চলাওঁতে আনক সহজে পাৰ হৈ যাবলৈ ঠাই এৰি দিয়ে৷ প্ৰায় ক্ষেত্ৰতেই মনৰ খং মনতে মাৰ নিয়াই চলাত তেওঁ অভ্যস্ত হৈ গৈছে৷

গুৱাহাটীত ফ্লেটলৈ অহাৰ পাছত এবছৰমান ভালেই গৈছিল যদিও লাহে-লাহে আবাসীবোৰৰ মাজত নানা ধৰণৰ কন্দলৰ সৃষ্টি হ’বলৈ ধৰে৷ দুই-এটা ঘটনাত পুলিচ মাতিবলগীয়া অৱস্থাও হৈ পৰিছিল৷ হাজৰিকাই সেই সকলোৰে পৰা সাৱধানে নিজক আঁতৰাই ৰাখি চলি আহিছে আজিলৈকে৷

চাকৰিৰ খাটিৰত হাজৰিকা আজি কিছুদিন আগৰ পৰা নতুন ঠাইত অকলে আছেহি৷ অফিচৰ পৰা প্ৰায় দুই কিলোমিটাৰমান দূৰতে ফ্লেট এটা ভাড়ালৈ লৈ থাকিবলৈ লৈছে৷ নতুন ফ্লেট৷ বাৰটা ফ্লেটৰ সৰু চোচাইটি৷ তাৰে কেইঘৰমান মানুহ বিদেশতে থাকে৷ বছৰত এবাৰকৈ আহি ফ্লেটটো চাই যায়৷ মাত্ৰ ছটামান ফ্লেটতহে নিয়মীয়াকৈ মানুহ থাকে বুলি হাজৰিকাই দুমাহমান থাকি বুজি পাইছিল৷ কাৰো লগত বেছি একো কথা-বতৰা নহয়৷ মাজে-মাজে তত্ত্বায়ধায়ক জনৰ লগতে কথা পাতে৷ একেবাৰে বাটৰ কাষতে ফ্লেটটো৷ নতুনকৈ গঢ়ি উঠিছে ঘৰ-বাৰী, ফ্লেট, দোকান-পোহাৰ চাৰিওফালে৷

ফ্লেটলৈ আহিয়েই হাজৰিকাই খবৰ ল’লে ঘৰৰ আৱৰ্জনা পেলোৱাৰ কিবা ব্যৱস্থা সমুহীয়াকৈ কৰা আছে নে নাই৷ গুৱাহাটীৰ ফ্লেটত ৰাতিপুৱাতে ফ্লেটৰ সম্মুখত ৰাখি থৈ দিয়া আৱৰ্জনাৰ টোপোলা চোচাইটিয়ে ৰাখি থোৱা কৰ্মীয়ে সংগ্ৰহ কৰি লৈ যায়৷
“কোনোবাই ৰাতিপুৱা ঘৰৰ আৱৰ্জনা সংগ্ৰহ কৰিবলৈ আহে নে?” তেওঁ তত্ত্বাৱধায়কজনক সুধিছিল৷
“নাই কোনো নাহে৷ তেনে কোনো ব্যৱস্থা কৰা নাই এতিয়ালৈকে৷”  তত্ত্বাৱধায়কজনে উত্তৰ দিলে৷
“তেনেহলে মানুহে জাবৰ-জোথৰ ক’ত পেলায়?” হাজৰিকাই অলপ চিন্তিত ভাবেই সুধিলে কাৰণ য’তে-ত’তে জাবৰ-জোথৰ পেলাই এই অচিনাকী ঠাইত তেওঁ কোনো বেমেজালিত পৰিব নিবিচাৰে৷
“আমাৰ ফ্লেটৰ আগফালে বাটৰ কাষতে পেলাই দিয়ে৷ মাজে-মাজে সেইবোৰ আমি জ্বলাই দিওঁ৷” তত্ত্বাৱধায়কজনে বুজাই দিলে৷

আবেলি হাজৰিকাই বাটৰ পিনে ওলাই গৈ ভালদৰে চালে৷ তেওঁলোকৰ বিল্ডিংটোৰ কাষতে থকা হাউচিং চচাইটিৰ গেটৰ কাষতে থকা দেৱালৰ সম্মুখতে আৱৰ্জনাৰ এটা প্ৰকাণ্ড দ’ম দেখিলে৷ দেৱালত লিখা আছে, লেতেৰা নকৰিব বুলি৷ মানুহবোৰে পেলোৱা আৱৰ্জনাৰ মাজেৰে লিখাখিনি জিলিকি আছে৷
প্ৰথম দুদিনমান হাজৰিকাই আৱৰ্জনা নেপেলালে৷ পলিথিনৰ পেকেট এটাতে ভৰাই ৰাখিলে৷ তেওঁ মন কৰি থাকিল কোনোবাই সেই ঠাইখিনিত আৱৰ্জনা পেলায় নেকি৷ ৰাতি দহমান বজাত এজনে পলিথিনৰ পেকেট এটা পেলোৱা দেখি তেৱোঁ নিজৰ পেকটটো লৈ মাজনিশা নামি গ’ল ফ্লেটৰ পৰা৷ ইফালে-সিফালে চালে৷ কোনো নাই৷ পেকেটটো আৱৰ্জনাৰ দ’মটোৰ পিনে দলিয়াই দি প্ৰায় দৌৰ মাৰি অহাৰ নিচিনাকৈয়ে উভটি আহিল৷ খোৱা বস্তুৰ সন্ধানত কেইটামান কুকুৰ আহি পেকটটোৰ ওপৰত জপিয়াই পৰা বুলি তেওঁ বুজিলে কুকুৰৰ মাজত হোৱা ভুকভুকনিৰ শব্দৰ পৰাই৷ এটা স্বস্তিৰ নিশ্বাস পেলাই তেওঁ টোপনি যাবলৈ চেষ্টা কৰিলে৷

তেনেদৰেই সেই ঠাইতে জাবৰ পেলাই থাকিল তেওঁ সেই একে সময়তে, মাজৰাতি৷ ইতিমধ্যে কুকুৰ কেইটাইও তেওঁক ভালদৰে চিনি পোৱা হৈ গৈছিল৷ মাজে-মাজে কোনোবাই জাবৰবোৰ জ্বলাই দিয়ে৷ পোৰা প্লাস্টিক, ৰবৰ আদিৰ গোন্ধটো সহজে আহি নাকত লাগে৷ সেই ধোঁৱা স্বাস্থ্যৰ বাবে হানিকাৰক বুলি তেওঁ জানে যদিও সকলোৱে চাৰিওফালে তেনেদৰেই আৱজৰ্নাবোৰ পলিথিনৰ পেকেটত ভৰায়েই পেলায় আৰু মাজে-মাজে জ্বলাই থাকে৷

এদিন ৰাতিপুৱা মানুহৰ গালি-গালাজৰ শব্দত তেওঁ সাৰ পালে৷ কোনোবাই চিঞৰি-চিঞৰি কাৰোবাক কিবা কৈ আছে৷ সেই ঠাইত আৱৰ্জনা পেলোৱা বাবেই কিবা বিতৰ্কৰ সৃষ্টি হোৱা নাইতো? হাজৰিকাৰ মনত সন্দেহ উপজিল৷ অফিচলৈ ওলাই যাওঁতে দেখিলে তেওঁলোকে জাবৰ পেলোৱা ঠাইখিনিত দপ-দপাই জুই জ্বলি আছে৷ তাৰমানে তেওঁৰ অনুমান ঠিক বুলি বুজিলে৷ সেই ঠাইত আৱৰ্জনা পেলোৱাকে লৈ ৰাতিপুৱাতে চিঞৰ-বাখৰ চলিছিল৷ সেইপিনে চাই অলপ চিন্তিত মনেৰেই হাজৰিকা অফিচলৈ গুচি গ’ল৷
আবেলি উভতি আহি দেখিলে জাবৰ পেলোৱা ঠাইখিনি পৰিষ্কাৰ কৰি তাৰ ওপৰত অলপ নতুনকৈ মাটি দি একেবাৰে ৰূপেই সলনি কৰি পেলোৱা হ’ল ঠাইখিনিৰ৷ তাতে গাড়ী এখনো পাৰ্ক কৰি থৈছে কোনোবাই৷ কেৱল সেই ঠাইখিনিয়েই নহয়, আশে-পাশে থকা সকলো ঠাইৰ জাবৰ-জোথৰবোৰ সাৰি গোটাই জ্বলাই দি গোটেই পৰিৱেশটোৱেই সলনি কৰি পেলোৱা হ’ল৷ দেখি ভাল লাগিল যদিও এতিয়া জাবৰ ক’ত পেলাব সেই চিন্তাইহে হাজৰিকাক আমনি কৰিবলৈ ধৰিলে৷

পিছদিনা ৰাতিপুৱা হাজৰিকাই বাটৰ আনটো দিশে সৰু-সৰু পেকেট দুটামান পৰি থকা দেখিলে৷ ৰাতি কোনোবাই পেলাই থৈ গৈছে৷ অলপ পাছত মানুহ এজন আহি সেই ঠাইৰ আৱৰ্জনাবোৰ গোটাই জ্বলাই দিলে৷ হয়তো পৰিষ্কাৰ-পৰিচ্চন্নতাৰ কিবা বিশেষ অভিযান চলিছে৷ কথাটো ভালেই কিন্তু আৱৰ্জনাবোৰ পেলোৱাৰ সুব্যৱস্থা এটাৰো প্ৰয়োজন৷ হাজৰিকাই কেইদিনমান আৱজৰ্নাবোৰ পেকেটত ভৰাই ভৰাই ঘৰতে জমা কৰি ৰাখিলে৷ আন মানুহে ক’ত আৱৰ্জনা পেলায় লক্ষ্য কৰি থাকিল৷ তেওঁলোকৰ চচাইটিৰ মানুহবোৰে এতিয়া ক’ত আৱৰ্জনা পেলাবলৈ লৈছে গম নাপালে, সুধিবলৈও লাজ লাগিল৷ আশে-পাশে ক’তো ৰাজহূৱা ডাষ্টবিন আদিও চকুত নপৰিল৷ লাহে-লাহে হাজৰিকাৰ ঘৰত আৱৰ্জনাৰ পেকেট বাঢ়ি আহিল৷ প্ৰায় এসপ্তাহমান হৈ গ’ল৷ ঘৰত সোমালেই গেলা-পচা গোন্ধ এটা নাকত লগা হ’ল৷

আজি কিবা এটা কৰিবই লাগিব৷ জাবৰবোৰ ক’ৰবাত পেলাবই লাগিব৷ হাজৰিকাই ভাবিলে৷ অফিচলৈ যাওঁতে তেওঁ গাড়ীখন লাহে-লাহে চলাই গ’ল৷ বাটৰ দুয়োকাষে নিৰীক্ষণ কৰি গ’ল জাবৰ পেলাবলৈ ক’ৰবাত সুবিধাজনক ঠাই আছে নেকি৷ প্ৰায় ১০০ মিটাৰ মান যোৱাৰ পাছত অলপ জন বসতি সেৰেঙা ঠাই এডোখৰ পালে৷ বাটৰ কাষত দুটামান সৰু সৰু পেকেট পৰি আছে৷ ওচৰে-পাজৰে মানুহৰ ঘৰ বেছি নাই বাবে হয়তো জাবৰ-জোথৰো পেলাওঁতা কোনো নাই তেতিয়ালৈকে৷ ঠাইখিনি ভালদৰে মনত ৰাখিলে হাজৰিকাই৷ আবেলি অফিচৰ পৰা আহোঁতেও ঠাইখিনি আকৌ চাই আহিল তেওঁ৷

ৰাতি এঘাৰমান বজাত ভাত-পানী খাই হাজৰিকাই ডাঙৰ পেকেট এটা ল’লে৷ তাতে আৱৰ্জনাৰে ভৰা সৰু-সৰু পেকেট চাৰিটা থেলি-হেঁচি ভৰাই পেকেটটো খুব ভালদৰে বান্ধি ল’লে৷ তাৰপাছত সন্তৰ্পণে নামি গ’ল তললৈ৷ গাড়ীৰ দুৱাৰ খুলি পেকেটটো দ্ৰাইভাৰৰ কাষৰ চীটৰ ভৰি থোৱা ঠাইখিনিত ৰাখিলে৷ তাৰপাছত গাড়ীত বহি ষ্টাৰ্ট কৰি লাহে-লাহে আগবাঢ়ি গ’ল দিনত চাই থোৱা সেই ঠাইখিনিৰ ফালে৷ ঠাইখিনি পাওঁ পাওঁ হওঁতেই সম্মুখৰ পৰা গাড়ী এখন আহি থকা যেন দেখি হাজৰিকাই গাড়ী নৰখাই ধীৰ গতিৰে আগবাঢ়ি গ’ল৷ কিছুদূৰ আগুৱাই গৈ এঠাইত গাড়ীখন ৰখালে৷ গাড়ীখন ঘূৰাই লৈ তেওঁ আকৌ লাহে-লাহে আহিবলৈ ধৰিলে ঠাইখিনিৰ ফালে৷ ঠাইখিনি পাই গাড়ীখন বাটৰ কাষত ৰখালে৷ দুৱাৰ খুলি গাড়ীৰ পৰা নামিল৷ বিপৰীত পিনৰ দুৱাৰখন খুলি ইফালে-সিফালে চালে৷ ঘোপমৰা আন্ধাৰ৷ গাড়ী-মটৰ আদিৰ হেডলাইটৰ পোহৰো অহা নাই কোনো দিশৰ পৰা৷ সম্পূৰ্ণ নিৰাপদ দেখি তেওঁ আৱৰ্জনাৰ প্ৰকাণ্ড পেকেটটো হাতত ল’লে আৰু ততালিকে বাটৰ কাষলৈ দলিয়াই দিলে৷ ক’ত পৰিল চোৱাৰ প্ৰয়োজনবোধ নকৰিলে তেওঁ৷

তেনেতে সম্মুখৰ পৰা মটৰ চাইকেল এখন অহা দেখি হাজৰিকাই নিজৰ গাড়ীৰ চকা কেইটা ভালদৰে চোৱাৰ অভিনয় কৰিলে৷ যেন চকাৰ পাম কম হৈছে নেকি পৰীক্ষা কৰিবলৈহে গাড়ীখন তেওঁ তাত ৰাখিছিল৷ তাৰপাছত সম্পূৰ্ণ ভদ্ৰ ভাবে গাড়ীত বহি সন্তুষ্ট মনেৰে ঘৰ অভিমুখে গাড়ী চলাই দিলে৷
পিছদিনা অফিচলৈ যাওঁতে সেই ঠাইখিনি পাই নাচাওঁ বুলিও বাটৰ কাষলৈ চালে হাজৰিকাই৷ ইতিমধ্যে ভালেকেইটা পলিথিনৰ পেকেটেৰে ঠাইখিনি ওপচি পৰিছে যদিও তেওঁ পেলোৱা নীলা ৰঙৰ প্ৰকাণ্ড পেকেটটো চিনি পোৱাত অসুবিধা নহ’ল তেওঁৰ৷ সেই ঠাইৰ পৰা পেকেটটোৱে তেওঁলৈ চাই যেন হাঁহি এটাহে মাৰিলে এনেকুৱা লাগিল হাজৰিকাৰ৷
তাৰপৰা দৃষ্টি আঁতৰাই লাহে-লাহে তেওঁ আগবাঢ়ি গ’ল৷

----------------------ডঃ মাখন লাল দাস, ৫ ডিচেম্বৰ, ২০১৫, নৱচাৰি, গুজৰাট

2 comments:

  1. কাহিনীটো আত্মকথা যেন লাগিল যদিও ই এটা বাস্তৱ সামাজিক ছবি প্ৰতিফলিত কৰিছে ৷

    ReplyDelete