At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Sunday, 6 December 2015

আত্ম-সন্মান

আত্ম-সন্মান

সময়মতেই উৰিল উৰাজাহাজখন৷ লাহে-লাহে ওপৰ উঠিবলৈ ধৰিলে৷ খিৰিকিৰে দিগন্তই তললৈ চাই থাকিল আপোনমনে৷ সুউচ্চ অট্টালিকাবোৰ লাহে-লাহে পুতলাযেন দেখা গ’ল৷ এটা সফল যাত্ৰাৰ সামৰণি পৰিল৷ হেঁপাহ পলুৱাই উপভোগ কৰিলে সিহঁতে যোৱা পোন্ধৰটা দিন৷ দেশখনৰ পূব-পশ্চিম-উত্তৰ-দক্ষিণ সকলোপিনে ভুমুকি মাৰিলে৷ কিছুদিনৰ বাবে সকলো পাহৰি গৈছিল সি৷  গুৱাহাটীত থকা তাৰ ব্যৱসায়, বন্ধু-বান্ধৱ, ল’ৰা-ছোৱালী সকলো৷ এনেদৰে কিছুদিন কটোৱাটো তাৰ আৰু উপাসনাৰ বাবে প্ৰয়োজনীয় আছিল৷ বিয়াৰ পাছত হনিমুন বুলি ক’লৈকো যোৱাই নহ’ল সিহঁতৰ৷ তেতিয়া দিগন্তৰ ব্যৱসায় আৰম্ভ হৈছেহে মাত্ৰ৷ কোনোমতে ঠন ধৰি উঠিব ধৰিছে তাৰ কাৰখানাটো৷ এদিনো আহৰি নাই৷ বিয়াখনো ঘৰৰ হেঁচাত পৰিহে পাতিবলৈ মত দিছিল সি সিমান সোনকালে৷ তাৰপাছত পৰিয়াল বাঢ়িল৷ ব্যৱসায়ো বাঢ়িল৷ চাওঁতে-চাওঁতে ত্ৰিশটা বছৰ পাৰেই হৈ গ’ল চকুৰ পচাৰতে৷ উপাসনাই অৱশ্যে কোনো দিনে আপত্তি কৰা নাই এনে এটা ব্যস্ত জীৱনৰ বাবে৷ ঘৰৰ সকলো তায়েই চম্ভালি আহিছে  আজিলৈকে৷

ত্ৰিশ বছৰীয়া বিবাহ-বাৰ্ষিকীটো অলপ ডাঙৰকৈয়ে পাতিছিল দিগন্তই৷ হাইস্কুল-কলেজত একেলগে পঢ়া প্ৰায় সকলোবোৰ বন্ধু-বান্ধৱকে মাতিছিল সি৷ ফেচবুক-হোৱাটচআপৰ যোগেদি প্ৰায়বোৰৰ লগতেই পুনৰ সম্বন্ধ স্থাপন হৈ গৈছিল ইতিমধ্যে৷ গুৱাহাটীত থকা সকলোবোৰ আহিছিল৷ দূৰত থকা বন্ধুও ভালেকেইজন আহিছিল৷ বিদেশত থকা কিছুমানে মেচেজ পঠাইছিল৷ সেই উৎসৱমুখৰ পৰিৱেশতে সুজিত নামৰ উৎপতীয়া বন্ধু এজনে দিগন্ত আৰু উপাসনা দুয়োকো সকলোৰে সম্মুখলৈ টানি নি সিহঁতৰ প্ৰথম হনিমুনৰ অভিজ্ঞতা বৰ্ণাবলৈ অনুৰোধ কৰিছিল৷ এক মিনিটো পলম নকৰি হাঁহি মুখে দিগন্তই ঘোষণা কৰি দিছিল সিহঁত হনিমুনলৈ নগ’লেই বুলি৷
“মিছা কথা, হ’বই নোৱাৰে৷ উপাসনা, তুমি ইমান দিন কিয় মনে-মনে আছা? এতিয়াও সময় আছে৷ ইট ইজ বেটাৰ লেট ডেন নেভাৰ৷” সুজিতে কৈছিল৷
“য়েচচচ.. এইবাৰ ভালকৈয়ে ফুৰি আঁহা ৷ ভাৰতত নহয়, বিদেশলৈ যাব লাগিব৷ উপাসনাৰ প্ৰাপ্য তেনে এটা ডাঙৰ উপহাৰ৷” কুন্তলাই সমৰ্থন কৰি কৈছিল৷ সকলোৱে হাত-চাপৰি মাৰি সমৰ্থন জনাইছিল সেই প্ৰস্তাৱত৷
“আমেৰিকাত ইমানবোৰ বন্ধু আছে, আমেৰিকালৈকে যোৱা৷ তাৰ পৰা ইউৰোপ হৈ উভতি আহিবা৷” আন এজনে পৰামৰ্শ দিলে৷

তাৰ পৰাই আৰম্ভণি৷ কথাটো দিগন্তই গুৰুত্ব সহকাৰে ল’লে৷ সি এতিয়া যথেষ্ট ধন-সম্পত্তিৰ মালিক যদিও এবাৰো বিদেশলৈ যোৱাই নাই৷ যাবলৈ চেষ্টাও কৰা নাই, আহৰিও পোৱা নাই৷ তাৰ সহপাঠী বহুতেই বিদেশত, ঘাইকৈ আমেৰিকাত নিগাজীকৈ থাকিবলৈ ল’লে কেতিয়াবাৰ পৰাই৷ চেষ্টা কৰা হ’লে দিগন্তও যাব পাৰিলেহেতেন বিদেশত থাকিবলৈ৷ সি কিন্তু অসমতে থাকি যাবলৈ ভাল পালে৷ অসমতে উদ্যোগ এটা খুলি অসমৰ উন্নতিত কিঞ্চিত হ’লেও অৰিহণা যোগোৱা তাৰ লক্ষ্য আছিল৷ নানা ঘাত-প্ৰতিঘাতৰ মাজেৰে সি তাৰ উদ্যোগটো গঢ়ি তুলিছে, জীয়াই ৰাখিছে, শতাধিক লোকক কৰ্ম-সংস্থান দিছে, ৰাজ্যৰ বাবে অলপ হ’লেও ৰাজহ বৃদ্ধি কৰিছে৷ সেয়েই তাৰ সন্তুষ্টি৷

আমেৰিকাৰ কথা ভাবোঁতেই প্ৰথমেই তাৰ মনলৈ আহিছিল মৃদুলৰ কথা৷ তাৰ বাল্যকালৰ অতি নলে-গলে লগা বন্ধু৷ সৰুৰে পৰা দুয়ো একেলগে পঢ়া৷ প্ৰাইমাৰী স্কুলৰ পৰা দশম শ্ৰেণীলৈকে দুয়ো একেলগে বহা৷ শ্ৰেণীত মৃদুল সদায় প্ৰথম, সি দ্বিতীয়৷ অংকত অতিপাত চোকা আছিল মৃদুল৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম দহজনৰ মাজত মৃদুলে স্থান পাব বুলি সকলোৱে আশা কৰিছিল৷ কিন্তু ফলা-ফলে সকলোকে আচৰিত কৰি দিছিল যেতিয়া দিগন্তইহে অসমীয়াত সৰ্বোচ্চ নম্বৰ পাই মৃদুলতকৈ বহুখিনি বেছি নম্বৰ পাই পাছ কৰিছিল৷ দিগন্ত সকলো বিষয়তে সমানে ভাল বাবেই মৃদুলতকৈ সৰ্বমুঠ নম্বৰ বেছিকৈ পালে৷ ৰিজাল্ট পাই মৃদুল হতাশ হ’ল নিজে বেছি ভাল নকৰা বাবে নহয়, কিন্তু দিগন্তই তাতকৈ অধিক ভাল নম্বৰ পোৱা বাবেহে৷ তদুপৰি অসমীয়াত অসমৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ পোৱা বাবে দিগন্তৰ নাম সকলোৰে মুখে-মুখে৷ ইমান দিনে সেই ঠাইত সদায় প্ৰাধান্য পাই অহা মৃদুলে কথাটো সহজে হজম কৰিবলৈ টান পালে৷ সি দিগন্তৰ লগত মাত-বোল কৰিবলৈকে এৰি দিলে ৰিজাল্ট ওলোৱাৰ পিছৰ পৰা৷
দিগন্ত গুচি আহিল গুৱাহাটীলৈ৷ কটন কলেজত নাম ভৰ্তি কৰিলে৷ মৃদুলে তাতকৈ কম নম্বৰ পোৱা বাবে কটন কলেজত চীট নাপালে৷ গুৱাহাটীৰে আন এখন কলেজত সি নাম লগালে৷ মৃদুলে দিগন্তৰ লগত কোনো ধৰণৰ যোগাযোগ ৰখা নাছিল যদিও আনৰ পৰা মৃদুলৰ সকলো খবৰ দিগন্তই পাইছিল৷ প্ৰাক-বিশ্ববিদ্যালয় পৰীক্ষাতো দিগন্তৰ ৰিজাল্ট বেচ ভালেই হ’ল৷ সি গুচি গ’ল অসমৰ বাহিৰলৈ ইঞ্জিনিয়াৰিং পঢ়িবলৈ৷ অসমৰ বাহিৰৰ সেই বিখ্যাত কলেজত সি মৃদুলৰ মুখামুখি হ’ল আকৌ৷ মৃদুলে দিগন্তৰ নিচিনা ভাল বিভাগত চীট নাপাই কোনেও পঢ়িব নিবিচৰা বিভাগ এটাতে নাম ভৰ্তি কৰিছিল৷ দিগন্তক দেখিও নেদেখা ভাও ধৰি মৃদুল আঁতৰি গৈছিল৷ সকলো ধৰণে সি দিগন্তক এৰাই চলিছিল৷ কথাটোৱে দিগন্তক কিন্তু যথেষ্ট আমনি কৰিছিল মানসিক ভাবে৷ মৃদুলক সি কোনো দিনে তাৰ প্ৰতিদ্বন্দ্বী বুলি ভবা নাই৷ কিন্তু সৰুৰে পৰা সদায় প্ৰথম হৈ অহা মৃদুলে হয়তো সহজভাবে ল’ব পৰা নাই দিগন্ত তাতকৈ আগবাঢ়ি যোৱা বাবে৷ দিগন্তই মৃদুলৰ লগত সহজ হ’বলৈ চেষ্টা কৰিও বিফল হৈছিল বাৰে-বাৰে৷ মৃদুলে তাক সম্পূৰ্ণৰূপে এৰায়েই চলিল কলেজৰ গোটেই বছৰ কেইটা৷

দিন পাৰ হৈ গৈ থাকিল৷ কথাবোৰ সহজ ভাবে ল’বলৈ শিকিলে দিগন্তইও৷ পৰীক্ষাৰ ফলাফল ভালেই কৰি গ’ল দিগন্তই৷ মৃদুলো আগবাঢ়িল৷ যথাসময়ত পাছ কৰি অসমলৈ উভতি আহি ব্যৱসায়ত মন দিলে দিগন্তই৷ কিছুদিনৰ বাবে বাকী সকলো পাহৰি গ’ল সি কৰ্মব্যস্ততাৰ মাজত৷

এবছৰমান আগৰ পৰা ইন্টাৰনেটৰ যোগেৰে মৃদুলৰ লগত আকৌ সম্বন্ধ স্থাপন কৰিলে সি৷ ইঞ্জিনিয়াৰিং পাছ কৰি মৃদুল আমেৰিকালৈ গুচি যোৱা বুলি দিগন্তই শুনিছিল আনৰ মুখত৷ মাজে-মাজে মৃদুল অসমলৈ আহিছিল যদিও দিগন্তৰ লগত কেতিয়াও মুখা-মুখি হোৱা নাছিল৷ মৃদুলে আমেৰিকাত খুব ভাল নাম কৰিছে, তাতে নিগাজীকৈ থাকিবলৈ লৈছে৷ আমেৰিকাত থকা অসমীয়া প্ৰতিজনেই তাক ভালদৰে চিনি পায়৷ ফেচবুকত মৃদুলৰ প্ৰফাইলটো বিচাৰি উলিয়াবলৈ অসুবিধা নহ’ল দিগন্তৰ৷ প্ৰফাইল ফটোখন আগ্ৰহেৰে চালে৷ একেই হৈ আছে দেখাত৷ চুলিও সৰা নাই এডালো৷ সি অলপো সংকোচ নকৰাকৈ ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাই দিলে মৃদুললৈ৷ মৃদুলে ততালিকে সেই ৰিকুৱেষ্ট গ্ৰহণ কৰাত সি আচৰিতেই হ’ল৷ বহুদিনৰ পাছত আকৌ বাৰ্তালাপ৷ খবৰৰ আদান-প্ৰদান৷ হেৰোৱা বন্ধুক পুনৰ ঘূৰাই পাই দিগন্তৰ ভাল লাগিল৷ বুকুৰ পৰা ডাঙৰ বোজা এটা আঁতৰি যোৱা যেন লাগিল তাৰ৷

আমেৰিকালৈ ফুৰিবলৈ যোৱাৰ সিদ্ধান্ত লোৱাৰ পাছতে দিগন্তই মৃদুলক কথাটো জনালে৷
“বঢ়িয়া৷ কেতিয়া কেনেকৈ আহিবা মোক সবিশেষ জনাবা৷ তোমালোক দুয়ো মোৰ ঘৰতে থাকিব পাৰিবা৷ বেছি সময় হাতত লৈ আহিবা৷ গোটেইখন আমেৰিকা দেখুৱাই দিম৷” মৃদুলে অতি উৎসাহেৰে মেচেজ পঠালে৷

সেই অনুসাৰেই সকলো আগবাঢ়িল৷ যথাসময়ত দিগন্ত আৰু উপাসনা আমেৰিকাত উপস্থিত হ’লগৈ৷ মৃদুলে সিহঁতক আথে-বেথে নিজৰ ঘৰলৈ লৈ গ’ল৷ দিগন্তহঁতক এটা ডলাৰো সি খৰচ কৰিবলৈ নিদিলে আমেৰিকাত থকা দিন কেইটাত৷ তেনেদৰে পোন্ধৰটা দিন কেনেদৰে পাৰ হৈ গ’ল দিগন্তহঁতে গমেই নাপালে৷ বিদেশত থকা যেন এবাৰো অনুভৱেই নহ’ল সিহঁতৰ৷

আজি গধুৰ মনেৰে বিদায় লৈ দিগন্তহঁত পুনৰ উৰা মাৰিছে, ভাৰতলৈ বুলি৷
“সাংঘাটিক ভাল লাগিল দেই৷ দিনকেইটা কেনেদৰে পাৰ হ’ল গমেই নাপালো৷” ভাবত বিভোৰ হৈ থকা দিগন্তক উদ্দেশ্যি ক’লে উপাসনাই৷
“ওঁ”, উপাসনাৰ ফালে নোচোৱাকৈয়ে উত্তৰ দিলে দিগন্তই৷
“ইমান ভাল বন্ধু এজনৰ লগত ইমান দিনে কিয় সম্পৰ্ক নৰখাকৈ আছিলা তুমি?”
‘হুঁ?” উপাসনাৰ প্ৰশ্নৰ কি বুলি উত্তৰ দিব ভাবি নাপালে দিগন্তই৷ সি নিজেও সম্পূৰ্ণকৈ বুজি উঠা নাই মানুহৰ পাৰস্পৰিক সম্পৰ্কৰ খুটি-নাটিবোৰ৷

সিহঁতৰ উৰাজাহাজখন তেতিয়া অপাৰ মহাসাগৰৰ ওপৰত আপোনমনে উৰিছে৷



No comments:

Post a Comment