At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Monday, 1 February 2016

অন্য এক চিন্তা

অন্য এক চিন্তা
(পঢ়ি ভাল লগা ইংৰাজী লেখা এটা অসমীয়াতে লিখি পেলালোঁ৷ মূল লেখক অজ্ঞাত)


দক্ষিণ ভাৰতৰ সৰু চহৰ এখনৰ এজন বৃদ্ধ মুম্বাইলৈ আহিছিল পুতেকৰ ওচৰলৈ৷ পয়ত্ৰিশ বছৰীয়া পুতেক সফল ব্যৱসায়ী, মুম্বাইতে থাকে ঘৈণীয়েক আৰু একমাত্ৰ ল’ৰাটোৰ সৈতে৷

বৃদ্ধজনে গোটেই জীৱনটো নিজৰ সৰু চহৰখনতে কটালে বুলিব পাৰি৷ হিন্দী বা ইংৰাজী ভালদৰে নাজানে৷ মাৰাঠী দূৰৰে কথা৷ কিন্তু তেওঁ পৰোৱা কৰা নাই, “মই মোৰ ল’ৰা আৰু তাৰ পৰিয়ালৰ লগত দুদিনমান কটাবলৈহে আহিছো৷ আন মানুহৰ লগত মিলামিচা কৰিবলৈতো অহা নাই৷ ভাষা নাজানিলে কোনো কথা নাই,” তেওঁ নিজকে কয়৷

পুতেক কিন্তু খুব আনন্দিত দেউতাক মুম্বাইলৈ অহা বাবে৷ দেউতাক থকা সময়খিনি খুব ভালদৰে পাৰ কৰিব বিচাৰিলে তেওঁ৷ তেওঁ আৰু ঘৈণীয়েকে দেউতাকক খুব ভালদৰে মুম্বাইখন দেখুৱাবলৈ ধৰিলে৷ সদায় সন্ধিয়া পুতেকে বৃদ্ধ দেউতাকক উলিয়াই লৈ যায় তেওঁৰ প্ৰিয় বাৰখনলৈ৷ তাতে দুয়ো একেলগে বহি নিজৰ পচন্দৰ পানীয় পান কৰে৷ দুয়ো বন্ধুৰ দৰে৷

দুদিনমান আগৰ কথা৷ পুতেকৰ মনটো ভাল লাগি আছিল৷ সন্ধিয়া দেউতাকক ক’লে, “আজি আমি এখন ফাইভ ষ্টাৰ হোটেলৰ বাৰত খাবলৈ যাওঁ ব’লক৷” বৃদ্ধই জীৱনত তেনে হোটেল আগতে দেখাই নাই৷ তালৈ পিছে ভ্ৰূক্ষেপ নাই৷ লগত পুতেক আছে, কিহৰ চিন্তা? দুয়ো সেই সুন্দৰ মনোমোহা পৰিবেশত বহি পানীয় উপভোগ কৰিবলৈ ধৰিলে নানা ধৰণৰ কথা পাতি৷ পানীয়ৰ লগতে চালাদ, বাদাম, চিপচ আদি কিবা কিবি দিছিল৷ বৃদ্ধৰ দাঁত নায়েই বাবে সেইবোৰ খোৱাত বেছি মন নাছিল৷ অৱশেষত খোৱা হ’ল৷ দুয়ো বহাৰ পৰা উঠিল৷ বৃদ্ধৰ কিবা মন গ’ল, দুমুঠিমান ভজা বুট লৈ পিন্ধি থকা ধুতিখনৰ খোঁচত ভৰাই ল’লে৷ হয়তো ভাবিছিল গাড়ীত বহি যাওঁতে চোবাই চোবাই যাব৷ পুতেকে দেখিছিল যদিও একো নক’লে৷

কিন্তু বাহিৰলৈ ওলাই আহিব ধৰোঁতেই ক’ৰবাত উজুটি খাই বৃদ্ধ হামখুৰা খাই পৰিল আৰু ধুতিৰ খোঁচত বান্ধি অনা ভজা বুটবোৰ চাৰিওফালে সিঁচৰতি হৈ পৰিল হোটেলৰ সেই দামী কাৰ্পেটৰ ওপৰত৷ সকলোৱে সেই ফালে চালে৷

কোনো কথা নাই৷

অৱস্থাটো কল্পনা কৰি চাওঁকচোন৷ বৃদ্ধজনৰ পুতেকৰ ঠাইত আন কোনোবা হোৱাহেতেন হয়তো লাজতে মৰি গ’লহেতেন৷ হয়তো তেনে অস্বস্তিকৰ পৰিস্থিতিৰ সৃষ্টি কৰা বাবে বাপেকৰ লগতে নিজকো শাও দিলেহেতেন৷ ‘এই বুঢ়াক আৰু কেতিয়াও এনেকুৱা হোটেললৈ নানো’ বুলি হয়তো শপত খালেহেতেন৷

কিন্তু তেনে নহ’ল৷ বৃদ্ধজনৰ পুতেক বেলেগ ধৰণৰ আছিল৷

তেওঁ হাঁহিলে, দেউতাকক উঠি থিয় হোৱাত সহায় কৰিলে৷ লাজ পোৱাৰ সলনি পুতেকে ৰগৰহে পালে৷ দুয়ো হাঁহি হাঁহি ওলাই গ’ল৷ পিছৰটো দেওবাৰে দুয়ো একেখন হোটেললৈকে আকৌ খাবলৈ আহিবলৈ সিদ্ধান্ত ল’লে৷

বৃদ্ধজনে হোটেলখন খুব ভাল পাইছিল, লগতে সেই বুট ভজাখিনিও৷ কেইদিনমান পাছত এজন বন্ধুৰ ঘৰত বাপেক-পুতেক দুয়ো এই ঘটনাটো বৰ্ণাই সকলোকে হঁহুৱাইছিল৷

“আপোনাৰ লাজ লগা নাছিলনে?” কোনোবা এজনে পুতেকক সুধিলে৷

“কিয় লাজ লাগিব লাগে? তেওঁ মোৰ দেউতা৷ মোৰ মাতৃভাষাত কথা কয়৷ বেলেগ ভাষা বুজি নাপায়৷ আনকি অতি দামী হোটেললৈও তেওঁ ধুতি পিন্ধিহে যাবলৈ ভাল পায়৷ হোটেলৰ বাৰৰ পৰা বুট ভজা তুলি লৈ আহে পাছত খাবলৈ, যি ভাল লাগে তাকে কৰে….. তাতে কিনো হ’ল? তেওঁৰ অভ্যাস বা স্বভাৱক লৈ মই কিয় লাজ পাব লাগে? তেওঁ যেনেদৰে চলা-ফুৰা কৰি ভাল পায়, যি কৰি ভাল পায় তাক বাধা দিয়াৰ অধিকাৰ কাৰো নাই৷ যদিহে আন কাৰো অসুবিধা বা একো অপকাৰ নহয়৷”

হোটেলৰ কৰ্মচাৰীবোৰেনো সেই ঘটনাটোৰ বিষয়ে কি ভাবিলে তাকো লৈ পুতেকে মূৰ নঘমায়৷ পুতেকে কয়, “ তেওঁলোকে বিলৰ টকা আদায় পালেনে নাই আৰু ৱেইটাৰ কেইজনে টিপচ পালেনে নাই তাকে চিন্তা কৰক৷ বেলেগ চিন্তা কৰাৰ প্ৰয়োজন নাই৷ আৰু মই মোৰ দেউতাৰ আনন্দৰ কথা চিন্তা কৰিম৷”

বৃদ্ধৰ বোৱাৰীয়েকেও সেই কথা মানি লয়৷ তেওঁ জানে, শহুৰেকৰ গাত বহুত ভাল গুণ আছে যিবোৰক লৈ তেওঁ গৌৰৱ কৰিব পাৰে৷

তেওঁলোকক তেওঁলোক হিচাবেই গ্ৰহণ কৰক৷

ওপৰৰ ঘটনাটোৰ মাজেৰে দেউতাকৰ প্ৰতি পুতেকৰ মৰম প্ৰকাশ পোৱাৰ লগতে আনৰ ব্যক্তিগত জীৱন প্ৰণালীটো বুজি লৈ তাৰ প্ৰতি সন্মান বজাই ৰখাৰ কথাটোও প্ৰকাশ পাইছে৷

সত্তৰৰ দেওনা পাৰ হোৱা বৃদ্ধ এজনে জীৱনধাৰণৰ প্ৰণালী সলনি কৰিব নিবিচাৰে৷ তেওঁ যিধৰণে পিন্ধে, খায় বা কথা-বতৰা পাতে তাকেই ভাল পায়৷ পুৰণি আদৱ-কায়দাৰ মাজত তেওঁ একো ভুল দেখা নাপায়৷

পুতেকেও কয়, সকলো ঠিকে আছে৷ নিজৰ ইচ্ছামতে জীৱন নিৰ্বাহ কৰাৰ অধিকাৰ সকলোৰে আছে৷ এই বয়সত মইনো কিয় তেওঁক জোৰ কৰিব লাগে কাঁটা চামুচ ব্যৱহাৰ কৰিবলৈ শিকিবলৈ, যদিহে শিকিবৰ মন তেওঁৰ নাই? তেওঁ কিবা অনৈতিক বা আনৰ বাবে হানিকাৰক কামত লিপ্ত হ’লেহে মই বেয়া পোৱা উচিত৷ নহ’লে কোনো আপত্তি নাই৷ তেওঁ মোৰ দেউতা৷ মই তেওঁক ভাল পাওঁ, শ্ৰদ্ধা কৰোঁ৷”

আমি সকলোৱে এনেদৰে চিন্তা কৰিব পাৰোঁনে?

আমাৰ পৰিয়ালৰ লোকৰ তথাকথিত পুৰণিকলীয়া ব্যৱহাৰত আমি কিমানে লাজ পাওঁ, সংকোচ কৰোঁ৷ আনৰ আগতো হয়তো আপত্তি কৰি ক্ষমা বিচাৰোঁ৷

“মোৰ মা-দেউতা পুৰণিকলীয়া৷ কোনো আধুনিক জাকজমক অনুষ্ঠানলৈ তেখেতসকলক লগত লৈ যাবলৈ বেয়া পাওঁ৷ কাঁটা চামুচ ব্যৱহাৰ কৰিব নাজানে৷ কোনো বিলাসী ৰেষ্টোঁৰালৈ তেওঁলোকক লৈ যাবলৈ লাজ পাওঁ৷”

“মোৰ পৰিবাৰে ভালদৰে ইংৰাজী ক’ব নাজানে৷ কোনো পাৰ্টিলৈ লগত লৈ যাব নোখোজোঁ৷”

“মোৰ স্বামী এজন সাধাৰণ কেৰাণী৷ মোৰ ধনী বান্ধৱীসকলৰ আগত তেখেতক চিনাকি কৰি দিবলৈ সংকোচ বোধ কৰোঁ৷”


আমি বাৰু কেনেদৰে চিন্তা কৰোঁ?
অধিক আত্ম-সচেতন হৈ, মানুহে কি ক’ব তাকে ভাবি আমি আমাৰ অতি আপোন সকলৰ প্ৰতি এনে ব্যৱহাৰ কৰা উচিতনে?

4 comments: