At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Saturday, 24 September 2016

স্বান্তঃ সুখায়



স্বান্তঃ সুখায়

তুমি কি পাবা কবিতা লিখি,
তুমি নাজানা/
তুমি নাজানা যদি সেইটো ক’ৰবাত ছপা হয়,
সেইটো কোনোবাই পঢ়িব নে নাই/
ক’ত সেইটো সযতনে ৰখা হ’ব, আৰু ক’ত—
তাৰে ঠোঙা বনোৱা হ’ব
চাৰি অনাৰ চাধা ভৰাই/
তুমি নাজানা তাকে লৈ
তোমাৰ নামেৰে কেতিয়াবা কোনো চিঠি আহিবনে নাই,
গালিৰে ভৰা.. অথবা সুগন্ধৰে ভৰপূৰ হৈ/
নে সময় যাব এনেকৈয়ে পাৰ হৈ /
কোনো কথা উঠিবনে তাৰ বিষয়ে কেতিয়াবা,
ইঙ্গিতেৰেও/
কিন্তু তুমি ভালদৰেই জানা যে-
তুমি একো সলনি কৰিব নোৱাৰিবা কবিতা লিখি
বস্তিবোৰ তেনে হৈয়ে থাকিব-
পোহৰহীন অথবা জাকজমক
পলচোড়া মকড়াৱন হওঁক অথবা ৱাশ্বিংটন
মানুহো থাকিব একেই সুখী বা অসুখী
জৰ্জ বুশ্ব অথবা দৌলজী কাছী
তথাপি তুমি কবিতা লিখা/
কিয়নো কোনো কবিতা লিখাৰ পাছত
তুমি গম পোৱা যে-
তোমাৰ মুখমণ্ডলত থকা চিন্তাৰ ৰেখা কিছু কমিছে/
আৰু শ্বাস-প্ৰশ্বাস সুস্থিৰ হৈ পৰিছে/

মূল (হিন্দী) নৰেন্দ্ৰ শৰ্মা, অসমীয়া অনুবাদ : ডঃ মাখন লাল দাস

চাৰি অনা: কবিতা লিখাৰ সময়ত চাৰি অনাৰ মুদ্ৰাৰ প্ৰচলন আছিল
পলচোড়া মকড়াৱন- উজ্জৈনৰ ওচৰৰ এখন সৰু গাঁও
দৌলজী কাছী-কৃষি বনুৱা/কৃষকৰ নাম

No comments:

Post a Comment