At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Wednesday, 12 October 2016

প্ৰতিদান



প্ৰতিদান..

আশ্ৰয়….. অনাথৰ আশ্ৰয়স্থল৷ পিতৃ-মাতৃ নোহোৱা ল’ৰা-ছোৱালীৰো আশ্ৰয়, সন্তানে অৱহেলা কৰি বা বাধ্য হৈ থৈ যোৱা বৃদ্ধ-বৃদ্ধাৰো আশ্ৰয়৷ প্ৰায় চল্লিশ বছৰ ধৰি সমাজ সেৱা কৰি আহিছে আশ্ৰয় নামৰ এই অনুষ্ঠানটিয়ে৷ ৰজাঘৰৰ পৰা পুৰস্কাৰো পাইছে, সহায়ো পাইছে৷ টকা-পইছা, সা-সুবিধাৰ কোনো অভাৱ নাই৷ বিভিন্ন উৎসৱ-পাৰ্বণত ডাঙৰ-ডাঙৰ মানুহে আহি অশ্ৰয়ত থকা শিশু তথা বৃদ্ধ-বৃদ্ধাৰ প্ৰতি মৰম-চেনেহ প্ৰদৰ্শন কৰেহি৷ বহুতো লোকে নিজৰ বা পৰিয়ালৰ আনলোকৰ জন্মদিন পালন কৰেহি আশ্ৰয়লৈ আহি৷ আশ্ৰয়ৰ আবাসীবোৰে ভালেই পায়৷ কৃত্ৰিম আদৰ বুলি জানিলেও সাময়িকভাবে মনটো ভাল লাগে, সকলো পাহৰি যায়৷

ৰাতিপুৱা দহমান বজাতে আশ্ৰয়ৰ সম্মুখত দামী গাড়ী এখন আহি ৰ’ল৷ গাড়ীৰ পৰা সুন্দৰ-সুঠাম চেহেৰাৰ মানুহ এজন প্ৰথমে নামিল৷ বয়স প্ৰায় ত্ৰিশ বছৰমান হ’ব৷ অভিজাত লোক বুলি দেখিলেই বুজিব পাৰি৷ বহুজাতিক কোম্পানীত ডাঙৰ চাকৰি কৰা অভিনৱ হাজৰিকা৷ প্ৰায় একে সময়তে সম্মুখৰ আনখন দুৱাৰ খুলি নামিল চালে চকুৰোৱা সাজপাৰ পৰিহিতা আধুনিকা মহিলা এগৰাকী৷ অভিনৱ হাজৰিকাৰ ধৰ্মপত্নী প্ৰমীলা৷ কোনো চাকৰি নকৰে, আধুনিক হাউচ উৱাইফ প্ৰমীলা হাজৰিকা৷ পিছফালৰ দুৱাৰ খুলি নামি পৰিল দুটি শিশু৷ ল’ৰা এটা ছোৱালী এজনী৷ হাজৰিকাৰ দুই সন্তান৷ আৰু সদৌ শেষত নামি পৰিল প্ৰায় সত্তৰ বছৰীয়া এজন লোক৷ অভিনৱ হাজৰিকাৰ বৃদ্ধ পিতৃ মনোৰম হাজৰিকা৷ মনোৰম হাজৰিকাৰ মূৰত এডালো চুলি নাই৷ চেলাউৰি পকি কপাহৰ দৰে হৈ পৰিছে৷ ভালদৰে খোজ কাঢ়িব নোৱাৰে আঁঠুৰ বিষৰ বাবে৷ তথাপি কাৰো সহায় নোলোৱাকৈ লাহেলাহে খোজ কাঢ়ে৷ অভিনৱ  মনোৰম হাজৰিকাৰ একমাত্ৰ সন্তান৷ প্ৰায় দহবছৰেই হৈ গ’ল হাজৰিকাৰ পত্নীবিয়োগ ঘটাৰ৷

গোটেই হাজৰিকা পৰিয়ালটো লাহেলাহে আশ্ৰয়ৰ ভিতৰ সোমাই গ’ল৷ সকলোটি ধুনীয়া অফিচৰুমটোলৈ সোমাই গ’ল৷ অভিনৱে ইতিমধ্যেই কথা-বতৰা পাতি থৈছিল৷ অফিচত বহি থকা মহিলা গৰাকীৰ সৈতে দেউতাকক চিনাকী কৰাই দিলে অভিনৱে৷ তাৰপাছত গাড়ীৰ পৰা দেউতাকৰ বয়-বস্তুবোৰ নমাই আনিবলৈ বাহিৰ ওলাই গ’ল৷
মহিলাগৰাকীয়ে মনোৰম হাজৰিকালৈ চাই সুধিলে,
“আপুনি কেনেকুৱা ৰুমত থাকিব খোজে? সকলো আধুনিক সা-সুবিধা থকা, এ চি লগোৱা ৰুমো আছে আৰু সাধাৰণ ৰুমো আছে৷”
“আধুনিক নালাগে৷ আমি পুৰণিকলীয়া মানুহ৷ সাধাৰণ ৰুম এটাতে থাকিম৷ আৰুনো কেইটাদিন?” মনোৰম হাজৰিকাই নিৰ্বিকাৰভাবে উত্তৰ দিলে৷
বোৱাৰীয়েক আৰু নাতি-নাতিনীয়েকহঁত ইতিমধ্যে বাহিৰ ওলাই গৈ চৌহদটো চাবলৈ ধৰিছে৷
“আপুনি অলপ বহক, মই আহি আছো” বুলি মহিলাগৰাকীও বাহিৰ ওলাই গ’ল৷
ইতিমধ্যে হাজৰিকাৰ সকলো বয়-বস্তু গাড়ীৰ পৰা নমাই আনি বাৰান্দাত ৰাখিছিলহি অভিনৱে৷ বয়-বস্তু বুলি বিশেষ একো নাই৷ চুটকেচ এটা আৰু বেগ এটা মাথোন৷ 

মহিলাগৰাকীয়ে নিজে লৈ গ’ল অভিনৱক হাজৰিকাৰ ৰুমটো দেখুৱাবলৈ৷ পিছে পিছে প্ৰমীলা আৰু ল’ৰা-ছোৱালীদুটাও যাবলৈ ধৰিলে৷ কামকৰা ল’ৰা এটাই চুটকেচ আৰু বেগটো কঢ়িয়াই লৈ গ’ল৷
বয়বস্তুবোৰ ৰুমত থৈ সকলোটি ওলাই আহিল৷ মনোৰম হাজৰিকা এতিয়াৰ পৰা আশ্ৰয়তে থাকিব৷ দেউতাকক মাত লগাবলৈ বুলি অভিনৱ অফিচৰ পিনে আগবাঢ়ি গ’ল৷ ভিতৰ সোমাই দেখে দেউতাক নাই৷ অফিচত কোনো নাই৷ অলপ আচৰিত হৈ অভিনৱে প্ৰমীলাক সুধিলে,
“দেউতা ক’ত? ইয়াতে নাছিল জানো?”
“মই কেনেকৈ জানিম? আমিতো ইয়াতে বহুৱাই থৈ গৈছিলো৷” প্ৰমীলাৰ উত্তৰ৷
অভিনৱ বাহিৰ ওলাই গ’ল দেউতাকক বিচাৰি৷ প্ৰমীলা অফিচতে বহি থাকিল৷
ইফালে-সিফালে চাই অভিনৱে চৌহদৰ এমূৰত গছ এজোপাৰ তলত দেউতাকক দেখিলে৷ বৃদ্ধমানুহ এজনৰ লগত আপোনমনে কথা পাতি আছে৷ আনজন মানুহ চিনি পাবলৈ অভিনৱৰ অসুবিধা নহ’ল৷ বিনন্দ পাঠক৷ আশ্ৰয়ৰ মূল মানুহ৷ দেউতাকক থোৱাৰ বিষয়ে কথা পাতিবলৈ আহোঁতে অভিনৱে তেখেতৰ সৈতে কথা পাতিছিল৷ অনুষ্ঠানটো ইমানদিন ধৰি তেখেতেই সুচাৰুৰূপে চলাই আহিছে৷ কিন্তু দেউতাকৰ লগত ইমান আপোনভাবে কথা পতা দেখি অভিনৱ আচৰিত হ’ল৷ ভাবিলে, ভালেই হ’ল, দেউতাকে হয়তো আগৰ পৰাই বিনন্দ পাঠকক ভালদৰে চিনি পায়৷ গতিকে এই অনাথ আশ্ৰমত দেউতাকে অকলশৰীয়া অনুভৱ নকৰিব৷

লাহেলাহে দেউতাকহঁত অভিনৱহঁতৰ পিনে আগবাঢ়ি আহিল৷
“ আমি বেছি দেৰী নকৰোঁ৷ মোৰ জৰুৰী মিটিং এখন আছে৷ মাজেমাজে আমি আহি থাকিম৷ ব’লক, আপোনাক আপোনাৰ ৰুমটো দেখুৱাই দিওঁগৈ৷” অভিনৱে ক’লে৷
দেউতাকে একো উত্তৰ নিদি অভিনৱৰ পিছে-পিছে খোজ ল’লে৷ বিনন্দ পাঠক বাৰান্দাতে থিয় হৈ ৰ’ল৷
দেউতাকক ৰুমত থৈ অভিনৱ ওলাই আহিল৷ বিনন্দ পাঠক তেতিয়াও বাৰান্দাতে থিয় হৈ আছিল৷ অভিনৱে তেখেতৰ পিনে চালে৷ পাঠকেও চালে অৰ্থপূৰ্ণ ভাবে৷ কিবা যেন ক’ব খুজিও ক’ব পৰা নাই পাঠকে এনে অনুভৱ হ’ল অভিনৱৰ৷
“দেউতাক থ’লো৷ আশাকৰো আপোনালোকৰ লগত  ভালে-কুশলে থাকিব৷” অভিনৱে ভদ্ৰতাৰ খাটিৰত কথাষাৰ ক’লে৷
“চিন্তা কৰিব নালাগে৷ আমি তেখেতক খুব ভালদৰে ৰাখিম৷ তদুপৰি তেখেত মোৰ বহুদিন আগৰ পৰাই চিনাকী৷” বিনন্দ পাঠকে আৰু কিবা ক’ব খুজিও যেন ৰৈ গ’ল, এনে ভাব হ’ল অভিনৱৰ৷
“হয়নেকি? জানি ভাল লাগিল৷ কিন্তু আপোনাৰ লগত বহুদিনীয়া চিনাকী বুলিতো আমাক কেতিয়াও কোৱা নাছিল দেউতাই৷ কেতিয়াও আপোনাৰ ওচৰলৈ দেউতা অহাও মোৰ মনত নপৰে৷”
মুখত ঈষৎ হাঁহি এটা বিৰিঙি উঠিল বিনন্দ পাঠকৰ৷ তাৰপাছত অভিনৱৰ ফালে নোচোৱাকৈ লাহেকৈ ক’লে,
“চিনাকী বহুদিনৰ৷ তেখেতৰ কোনো সন্তান নাছিল৷ তেখেতসকল স্বামী-স্ত্ৰী দুয়ো সময়-সুবিধা পালেই আমাৰ ইয়ালৈ আহি কণ-কণ শিশুবোৰৰ লগত সময় কটাইছিল৷ প্ৰায় ত্ৰিশবছৰ আগতে তেখেতে আমাৰ ইয়াৰ পৰাই কেচুৱা ল’ৰা এটা তুলি লৈ গৈছিল৷…”
বিনন্দ হাজৰিকাই আৰু কি কৈছিল অভিনৱৰ কাণেৰে নোসোমাল৷ 

বিনন্দ হাজৰিকা কেতিয়া তাৰপৰা আঁতৰি গ’ল অভিনৱই গমকে নাপালে৷ ত্ৰিশবছৰ আগৰ কেঁচুৱা ল’ৰাটো কোন বুজিবলৈ অসুবিধা নহ’ল অভিনৱৰ৷ চাৰিওফালৰ পৃথিবীখন চক্ৰাকাৰে ঘূৰিবলৈ ধৰা যেন লাগিল৷

কিছুসময় পাছত প্ৰমীলাই বজোৱা গাড়ীৰ হৰ্ণৰ শব্দত অভিনৱে সম্বিৎ ঘূৰাই পালে৷

(ক’ৰবাত পঢ়া সৰু ঘটনা এটাৰ অলমত)

No comments:

Post a Comment