At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Saturday, 8 October 2016

বোজা



বোজা…….
বৰুৱাই নিজকে খুব ভাগ্যবান বুলি বিবেচনা কৰিছিল কাৰণ তেওঁৰ দুয়োজন পুত্ৰ সৰুৰে পৰা পঢ়া-শুনাত খুব ভাল ফলাফল দেখুৱাই আহিছিল আৰু দুয়োজনেই আই আই টিৰ  পৰা ডিগ্ৰী লৈ   আমেৰিকাত কোটি টকা দৰমহা পোৱা চাকৰি কৰি আছিল৷ সুবিধা পালেই বৰুৱাই আনৰ আগত দুয়ো পুত্ৰৰ কথা অতি গৌৰৱেৰে কৈছিল৷ আমেৰিকাৰ ফটো দেখুৱাইছিল৷ বৰুৱাৰ আন কোনো সন্তান নাছিল৷ চাকৰিৰ পৰা অৱসৰ পোৱাৰ পাছত বৰুৱাই ঘৰটো নতুনকৈ সজাইছিল৷ পুতেকহঁতে আমেৰিকাৰ পৰা টকা পঠিয়াইছিল৷ কোনো কৃপণালি নকৰাকৈ খৰচ কৰি ৰাজ প্ৰাসাদৰ দৰে চালে চকুৰোৱা বিয়াগোম অট্টালিকা সাজি উলিয়াইছিল৷ বৰুৱাই আশা কৰিছিল কোনোবা এজন পুতেক আমেৰিকাৰ পৰা উভতি আহি তেওঁৰ লগত থাকক৷ ইতিমধ্যে যথেষ্ট টকা উপাৰ্জন কৰিলে দুয়োজনেই৷ যিমান উপাৰ্জন কৰিলে তাৰে কেবাপুৰুষো চলিব পাৰিব ভাৰতত৷ বৰুৱাই হিচাব কৰি চাইছিল৷ কথাটো পুতেকহঁতক জনাওঁতে কিন্তু কোনোজন পুতেকেই ভাৰতলৈ পুনৰ ঘূৰি আহিবলৈ মান্তি নহ’ল৷ পুতেকহঁতে বৰুৱা-বৰুৱানীকহে আমেৰিকালৈ মাতি পঠিয়ালে আৰু তাতেই থাকি যাবলৈ পৰামৰ্শ দিলে৷ নিজৰ ঠাই এৰি বিদেশত থাকিবলৈ বৰুৱাহঁতৰ অলপো মন নাছিল৷ তথাপি কিছুদিন থাকি চোৱা বেয়া নহ’ব বুলি ভাবি দুয়ো আমেৰিকা পাইছিলগৈ ৷ কিন্তু প্ৰায় তিনিমাহমান থাকি বিৰক্তি লগাত দুয়ো আকৌ অসমলৈ উভতি আহিছিল৷
পুতেকহঁতৰ সৈতে ফেচবুক, হোৱাটচাপ, স্কাইপ আদিৰ যোগেৰে নিয়মিতভাবে যোগাযোগ ৰক্ষা কৰি চলিছিল যদিও লাহে-লাহে বৰুৱা-বৰুৱানীৰ মন গধুৰ হৈ আহিব ধৰিছিল জীৱনৰ বিয়লিবেলাত কাষত কোনোজন পুতেককো নাপায় বুলি জানি৷ বৰুৱানীৰ গা দিনে দিনে বেয়া হৈ আহিছিল৷ বৰুৱাৰো শৰীৰ বেছি ভাল নাছিল আগৰ পৰাই৷ হৃৎপিণ্ড দুৰ্বল আছিল৷ মাজে-মাজে চিকিৎসকৰ পৰামৰ্শ লৈছিল৷ কিন্তু বৰুৱানীৰ অৱস্থাহে অতি দ্ৰুতগতিত বেয়া হৈ আহিব ধৰাত বৰুৱাই নিজৰ কথা পাহৰি যাবলৈ ধৰিলে৷ অৱশেষত প্ৰচণ্ড দুৰ্যোগ নামি আহিল বৰুৱা-বৰুৱানীৰ জীৱনলৈ৷ এদিন ৰাতিপুৱাতে বৰুৱানীৰ ষ্ট্ৰোক হোৱাত বৰুৱাই চুবুৰীয়াৰ সহায়ত হস্পিটেল পোৱালেগৈ যদিও বৰুৱানী সম্পূৰ্ণৰূপে সুস্থ হৈ নুঠিল৷ এফাল পেৰালাইচিচ হৈ গ’ল বৰুৱানীৰ৷ কথা ক’বও নোৱাৰা হৈ পৰিল৷ শয্যাশায়ী ঘৈণীয়েকৰ সকলো দায়িত্ব পৰিল এতিয়া বৰুৱাৰ ওপৰত৷ পুতেকহঁতে নাৰ্চ এগৰাকী ৰাখিবলৈ পৰামৰ্শ দিলে৷ টকা-পইচাৰ কথা চিন্তা কৰিব নালাগে বুলি ক’লে, কিন্তু সকলো সময়তে ঘৰত থাকি সহায় কৰা নাৰ্চ ৰাখিবলৈ বৰুৱাৰ মন নগ’ল৷ নিজেই ঘৈণীয়েকৰ আলপৈচান ধৰিবলৈ সিদ্ধান্ত ল’লে৷ ভাবিলে, আন একো কাম নাই, ঘৈণীয়েকৰ আলপৈচান ধৰিলে সময়খিনি ভালদৰে পাৰ হৈ যাব, পতিধৰ্ম পালন কৰা হ’ব৷
দিনৰ পিছত দিন, মাহৰ পিছত মাহ পাৰ হৈ গ’ল৷ বৰুৱাই যন্ত্ৰৰ দৰে নিজৰ দায়িত্ব পালন কৰি গ’ল৷ পুতেকহঁতৰ লগত ফেচবুক, হোৱাটচাপৰ যোগেৰে কথা-বতৰা চলি থাকিল যদিও আগৰ দৰে সময় নোপোৱা হ’ল৷ বৰুৱানীৰ আলপৈচান ধৰোঁতে কেতিয়াবা নিজৰ স্বাস্থ্যৰ যত্ন ল’বলৈ বৰুৱাই পাহৰি যায়৷ পুতেকহঁতে কথাটো মনত পেলাই দি থাকে৷
এদিন ৰাতি ঘৈণীয়েকক ভাত-পানী খুৱাই, খুৱাবলগীয়া দৰৱ খুৱাবলৈ লওঁতেই বৰুৱাৰ গাটো অলপ বেয়া লাগিবলৈ ধৰিলে৷ ঘৈণীয়েকক দৰৱখিনি খুৱাই বৰুৱাই কাষৰ বিচনাখনতে দীঘল দি পৰিল৷ বৰুৱানীয়ে কথাটো মন কৰিছিল যদিও মুখেৰে একো মাতিব নোৱাৰে বাবে কেৱল আকুল ভাবে চাই থাকিল৷ নিজকে যিমান পাৰে স্বাভাৱিক দেখুৱাবলৈ চেষ্টা কৰি বৰুৱাই শুবলৈ চেষ্টা কৰিলে৷ এঘন্টামান পাৰ হৈ হ’ল৷ বৰুৱানীৰো টোপনি আহিল৷ ৰাতি দুইমান বজাত বৰুৱাই বিচনাত চটফটাবলৈ ধৰিলে৷ নিমিষতে প্ৰাণবায়ু উৰি গ’ল হৃৎপিণ্ডৰ স্পন্দন বন্ধ হৈ৷ কাষৰ বিচনাত শুই থকা বৰুৱানীয়ে গমেই নাপালে৷
ৰাতিপুৱা ছয়বজাত বৰুৱানীয়ে সাৰ পালে৷ সদায় সেইখিনি সময়তে বৰুৱাই বৰুৱানীক ধৰি ধৰি লৈ যায় প্ৰাতঃকৰ্ম সম্পন্ন কৰোৱাবলৈ৷ কিন্তু বৰুৱাৰ কোনো সাৰসুৰ নাই৷ যিমানেই সময় পাৰ হৈ যাবলৈ ধৰিলে সিমানেই বৰুৱানীৰ দুশ্চিন্তা বাঢ়ি যাবলৈ ধৰিলে৷ কোনোমতে কষ্ট কৰি বৰুৱানী বিচনাৰ পৰা নামিবলৈ চেষ্টা কৰিলে৷ শৰীৰটোক সৰ্বশক্তি প্ৰয়োগ কৰি টানিবলৈ চেষ্টা কৰিলে আৰু অৱশেষত বিচনাৰ পৰা বাগৰি পৰিল৷ তাৰপাছত কোনোমতে চুচৰি চুচৰি প্ৰায় দহ-পোন্ধৰ মিনিটমানৰ পাছত বৰুৱাৰ ওচৰ পালেগৈ৷বৰুৱানীয়ে গিৰিয়েকক স্পৰ্শ কৰি জোকাৰি দিবলৈ চেষ্টা কৰিলে৷ বৰুৱাৰ কোনো সাৰ-সুৰ নাই৷ বৰুৱানীৰ বুজিবলৈ বাকী না্থাকিল বৰুৱাই শেষ নিশ্বাস ত্যাগ কৰিলে বুলি৷
পেৰালাইচিচ হোৱা বাবে বৰুৱানীৰ মুখৰ মাতো নাছিল যে কাৰোবাক চিঞৰি মাতিব৷ কি কৰিম কি নকৰিম বুলি কিছুপৰ তভক মাৰি ৰ’ল বৰুৱানী৷ তাৰপাছত মনলৈ এটা বুদ্ধি আহিল৷ দূৰৰ টেবুলখনত বৰুৱাৰ মোবাইল ফোনটো আছিল৷ সেইখিনিলৈকে নিজক চোচোৰাই চোচোৰাই নিবলৈ বৰুৱানীয়ে চেষ্টা কৰিলে৷ প্ৰায় আধাঘন্টামান অশেষ কষ্ট কৰাৰ পাছত বৰুৱানী টেবুলখনৰ কাষ পালেগৈ৷ টেবুলৰ এচুকত ধৰি থিয় দিবলৈ চেষ্টা কৰিলে যদিও ভাৰসাম্য হেৰুৱাই টেবুলখন বাগৰি বৰুৱানীৰ গাতে পৰিল৷ মোবাইলটো মজিয়াত পৰি গ’ল৷
এইবাৰ মজিয়াত পৰি থকা মোবাইলটোৰ পিনে যাবলৈ শৰীৰৰ বাকী থকা শক্তিখিনি প্ৰয়োগ কৰিলে বৰুৱানীয়ে৷ অৱশেষত চেতনা থকা হাতখেনেৰে মোবাইলটো ধৰিবলৈ সক্ষম হ’ল৷ চুবুৰীয়াৰ ভিতৰত শইকীয়াই বৰুৱাহঁতৰ সকলোতকৈ নিকট আছিল৷ বৰুৱানীয়ে শইকীয়াৰ নম্বৰটো ডায়েল কৰিবলৈ সক্ষম হ’ল৷ কিন্তু কথা কোৱাৰ ক্ষমতা বৰুৱানীৰ নাছিল৷ আনফালে শইকীয়াৰ ফোনটো ঠিকেই বাজিল৷
শইকীয়াই ফোনটো ধৰিলে, বৰুৱাৰ নম্বৰটো চিনি পালে৷ ইফালৰ পৰা কাৰো মাত নুশুনিহে চিন্তাত পৰিল৷ কিবা এটা অঘটন ঘটা বুলি সন্দেহ  কৰি লগেলগে কাপোৰ সলাই বৰুৱাৰ ঘৰলৈ বুলি লৰ মাৰিলে৷ ওচৰ-চুবুৰীয়া আৰু দুজনমানক খবৰটো দিলে৷
মানুহবোৰ আহি বৰুৱাৰ দুৱাৰত ঢকিয়াই কোনো সঁহাৰি নাপাই দুৱাৰ ভাঙি ভিতৰ সোমাই গ’ল৷ সোমাই বুজি পালে ঘটনা ডাঙৰ বুলি৷ মজিয়াত টেবুল এখন বাগৰি পৰি আছে অলপ কাষতে নিথৰ হৈ পৰি আছে বৰুৱানী৷ কোঠাটোৰ এখন বিচনাত পৰি আছে বৰুৱাৰ শৰীৰ৷ স্বামী-স্ত্ৰী দুয়ো এগেলগে স্বৰ্গগামী হোৱা বুলি সকলোৱে বুজি পালে৷
যাকে য’তে পাৰে খবৰ দিয়া হ’ল৷ চুবুৰীৰ মানুহবোৰ গোট খালেহি৷ আমেৰিকাত থকা বৰুৱাৰ দুই পুত্ৰলৈকো খবৰ পঠিউৱা হ’ল৷ কেইঘন্টামানৰ পাছত আৰম্ভ হ’ল শৱযাত্ৰা, শ্মশানলৈ বুলি৷ অগাপিছাকৈ স্বামী-স্ত্ৰী দুয়োৰে৷ মৃতদেহ কঢ়িয়াবলৈ চুবুৰীৰ ডেকাবোৰ আগবাঢ়ি আহিল আৰু নিজৰ নিজৰ কান্ধ পাতি দিলে৷ কেৱল দুখন কান্ধ অনুপস্থিত থাকিল যাৰ পৰা মাক-দেউতাকৰ আশা আছিল৷ হয়তো সেইদুখন কান্ধ কোটি টকাৰ ভাৰ বৈ কেতিয়াবাই ভাগৰি পৰিছিল৷
(ইন্টাৰনেটত পোৱা হিন্দী কাহিনী এটাৰ অসমীয়া ৰূপান্তৰ)

No comments:

Post a Comment