At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Monday, 21 November 2016

বেলেগ যেন লাগে...

বেলেগ যেন লাগে…

মোত থাকি বেলেগ যেন লাগে
মোৰ হৈও বেলেগ যেন লাগে৷

যেতিয়া মই বিফলহৈ ওভটিছোঁ
নিজৰেই ঘৰ বেলেগ যেন লাগে৷

দুৰ্ভাগ্যই ক’লৈযে মূৰ দোঁৱাই নিলে
আজি এই মূৰ বেলেগ যেন লাগে৷

ডালত থকা চৰাই উৰি গুচি গ’ল
এতিয়া এই দৃশ্য বেলেগ যেন লাগে৷

এজন পৰাজিত শ্বাহেনশ্বাহৰ
নিজৰেই সেনা বেলেগ যেন লাগে৷

এতিয়াও নতশিৰ মই তোমাৰ দ্বাৰত
তোমাৰ দ্বাৰহেচোন বেলেগ যেন লাগে৷

মোৰ কবিতাই মোক বিদ্ৰুপ কৰে
আজি কবিকচোন বেলেগ যেন লাগে৷



মূল : (হিন্দী/উৰ্দু) নৰেন্দ্ৰ শৰ্মা
অনুবাদ: ডঃ মাখন লাল দাস

No comments:

Post a Comment