At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Friday, 24 March 2017

মানৱতা, সংবেদনশীলতা…

মানৱতা, সংবেদনশীলতা…

পোষ্টমেনজন নতুনকৈ সেই ঠাইলৈ আহিছে৷ এদিন এটা ঘৰৰ দুৱাৰমুখত থিয় হৈ চিঞৰিলে,
“ঘৰত কোন আছে? চিঠি এখন আছে৷ লৈ যাওঁকহি৷”
“আহি আছো , অলপ ৰ’ব৷” ভিতৰৰ পৰা ছোৱালী এজনীৰ মাত ভাঁহি আহিল৷ পোষ্টমেনজনে দুৱাৰমুখত ৰৈ থাকিল৷তিনি-চাৰি মিনিট পাৰ হৈ গ’ল কিন্তু কোনো ওলাই নহাত অধৈৰ্য হৈ তেওঁ আকৌ মাত দিলে,

“বোলো ঘৰত কোন আছে৷ সোনকালে আহক, চিঠিখন লওঁকহি৷ চিঠি বিলাবলৈ মই আন ঘৰলৈকো যাব লাগিব নহয়৷”

ভিতৰৰ পৰা আকৌ সেই ছোৱালীজনীৰ মাত ভাঁহি আহিল,
“ আহি আছো ৰ’ব৷ পোষ্টমেন ডাঙৰীয়া, আপুনি নহলে চিঠিখন দুৱাৰৰ তলেৰে ভৰাই দিয়ক৷ মই আহি লৈ ল’ম৷”

“নাই, তেনেদৰে নহ’ব৷ কোনোবা আহিব লাগিব কাৰণ ৰেজিষ্টাৰ্ড চিঠি, তাতে একনলেজমেটত চহী কৰিব লাগিব নহয়৷” পোষ্টমেনজনে অলপ খং আৰু বিৰক্তি প্ৰকাশ কৰি চিঞৰি ক’লে৷

প্ৰায় ছয়-সাত মিনিটমানৰ পাছত অধৈৰ্য হৈ তেওঁ আকৌ চিঞৰিব খোজোঁতেই দুৱাৰখন খোল খালে আৰু তেওঁৰ চকু থৰ লাগিল৷ দুৱাৰ খুলি দি তেওঁলৈ চাই মিচিকিয়া হাঁহি মাৰি থিয় হৈ আছে এজনী ছোৱালী৷ ছোৱালীজনীৰ ভৰি নাই, পঙ্গু৷

“বেয়া নাপাব ডাঙৰীয়া, মোৰ ওলাই আহোঁতে অলপ বেছি দেৰী হ’ল,” ছোৱালীজনীয়ে দুখ প্ৰকাশ কৰি ক’লে৷

লাজতে তলমূৰ কৰি পোষ্টমেনজনে চিঠিখন আগবঢ়াই দিলে আৰু নিৰ্দিষ্ট ঠাইত চহী লৈ গুচি গ’ল৷

দহ পোন্ধৰ দিনৰ মূৰে মূৰে সেই ছোৱালীজনীৰ চিঠি আহে, পোষ্টমেনজনে দুৱাৰ মুখৰ পৰা মাত দিয়ে আৰু ছোৱালীজনী ওলাই অহালৈকে ধৈৰ্যেৰে অপেক্ষা কৰে৷

ছোৱালীজনীয়ে এদিন লক্ষ্য কৰিলে যে পোষ্টমেনজনৰ ভৰিত কোনো জোতা বা চেণ্ডেল নাই৷ দেৱালীলৈ বেছি দিন নাছিল৷তাই ভাবিলে তাইৰ বাবে ধৈৰ্যেৰে অপেক্ষা কৰা পোষ্টমেনজনক কিবা এটা উপহাৰ দিয়া ভাল হ’ব৷
পোষ্টমেনজন যোৱাৰ পাছত তাই মক্ষ্য কৰিলে মানুহজনৰ ভৰিৰ চিন পৰিছিল মাটিৰ ওপৰত৷ তাই তাতে কাগজ এখন পাতি মানুহজনৰ ভৰিৰ ছবি এখন আঁকি ল’লে৷পিছদিনা ঘৰৰ কাম কৰিবলৈ অহা মহিলাগৰাকীৰ হতুৱাই সেই কাগজখন দোকানলৈ পঠিয়াই এযোৰ জোতা কিনাই আনিলে৷

দেৱালী আহিল৷পোষ্টমেনজনে সেই চুবুৰীৰ ঘৰে ঘৰে দেৱালীৰ বকচিচ লৈ ফুৰিছিল৷তেওঁ ভাবিলে সেই পঙ্গু ছোৱালীজনীৰ পৰানো কি বকচিচ ল’ব? তথাপি চুবুৰীলৈ আহিছে যেতিয়া মাত এষাৰ লগাই যোৱাই ভাল হ’ব৷ তেওঁ দুৱাৰত টুকুৰিয়ালে৷ ভিতৰৰ পৰা মাত দিলে,

“কোন”

“মই, চিঠি দিয়া পিয়ন৷” উত্তৰ গ’ল৷

কিছু সময় পিছত হাতত উপহাৰৰ বাকচ এটা লৈ ছোৱালীজনী ওলাই আহিল আৰু মানুহজনৰ হাতত দি ক’লে,
“খুড়া, এইটো আপোনাৰ বাবে দেৱালীৰ উপহাৰ৷”
“তুমি মোৰ বাবে নিজৰ ছোৱালীৰ নিচিনা, মোক কিয় উপহাৰ দিব লাগে?”

ছোৱালীজনীয়ে জোৰ কৰি উপহাৰটো হাতত তুলি দি ক’লে,
“আপুনি ল’বই লাগিব৷ কিন্তু আপুনি পেকেটটো ঘৰলৈ গৈহে খুলিব৷”

লওঁ নলওঁ কৈ উপহাৰৰ পেকেটটো তেওঁ হাত পাতি ল’লে৷ ঘৰলৈ গৈ খুলি চাই চকু থৰ লাগিল৷ তাৰ ভিতৰত চিকচিকাই আছিল এযোৰ দামী জোতা৷ তেওঁৰ ভৰিৰ জোখৰ সৈতে খাপ খাই মিলি যোৱা৷ মানুহজনৰ চকু চলচলীয়া হৈ পৰিল৷

পিছদিনা অফিচলৈ আহি পোষ্টমেনজনে পোষ্ট মাষ্টাৰক ক’লে,
“চাৰ, মোক আন ঠাইত চিঠি বিলাবলৈ দিয়ক, সেই চুবুৰীৰ পিনে আৰু মই যাব নোৱাৰোঁ৷”

পোষ্টমাষ্টৰে কাৰণ সুধিলত পোষ্টমেনজনে জোতাযোৰেৰে সৈতে টোপোলাটো টেবুলত ৰাখি গোটেই কাহিনী বৰ্ণনা কৰিলে ৷ 
তাৰ পাছত চলচলীয়া চকু আৰু থোকাথুকি মাতেৰে ক’লে,
“আজিৰ পৰা আৰু মই সেই গলিলৈ যাব নোৱাৰিম৷ সেই পঙ্গু ছোৱালীজনীয়েতো মোৰ খালী ভৰিৰ বাবে জোতা দি দিলে কিন্তু মই তাইক দুখন ভৰি কেনেকৈ দিওঁ?”

সংবেদনশীলতাৰ এয়া এক অপূৰ্ব উদাহৰণ৷ আনৰ দুখ বেদনা বুজি পোৱা, আনৰ দুখ-শোকৰ অংশীদাৰ হোৱা এনে মহান গুণ অবিহনে মানব জীৱন সম্পূৰ্ণ নহয়৷ এনে গুণৰ অধিকাৰী মানুহৰ সংখ্যা বৃদ্ধি পাওঁক যাতে দুখ-বিপদত পৰা মানুহে এই বুলি ভাবি নালাগে যে এই পৃথিবীত তেওঁ অকলশৰীয়া বৰং তেওঁ যাতে এনে অনুভৱ কৰিব পাৰে যে পৃথিবীত মানৱতা জীৱিত আছে৷

(ইন্টাৰনেটত পোৱা ইংৰাজী লেখা এটাৰ পৰা অসমীয়া অনুবাদ কৰা হৈছে৷ মূল লেখক : অজ্ঞাত)

No comments:

Post a Comment