At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Monday, 27 March 2017

এধানি মৰম

এধানি মৰম..
                                                          (মূল লেখক: অজ্ঞাত; অসমীয়া ৰূপান্তৰ: ডঃ মাখন লাল দাস)

আবেলি মানৱ ঘৰলৈ উভটিছে৷ 
সদায় অহা বাছখন আজি ধৰিব নোৱাৰা বাবে বেলেগ এখন বাছত আহি আন এঠাইত নামি ঘৰলৈ খোজ লৈছে এটা নতুন বাটেৰে৷ 
বাটত মানুহ-দুনুহ বেছি নাই৷ যান-বাহনৰ চলাচলো কম৷ 
মানৱে মাৰ যাব ধৰা বেলিৰ পোহৰত আপোনমনে বাট বুলিছে৷

তেনেদৰে আহি সৰু কাঠৰ দলং এখন পালে৷ দলঙত উঠাৰ আগতে এখন সৰু চাইনবোৰ্ড দেখিলে৷ তাতে বগা কাগজ এখনত গোট গোট আখৰেৰে ডাঙৰ ডাঙৰকৈ লিখা গোহাৰি এখন লগাই থোৱা আছে৷ মানৱে ওচৰ চাপি গৈ পঢ়িলে:


"মোৰ এখন এশটকীয়া নোট হেৰাইছে৷ বাটতে ক'ৰবাত পৰিল৷ মই চকুৰে ভালদৰে নেদেখোঁ বাবে বিচাৰি নাপালোঁ৷ কোনো সদাশয় লোকে যদি নোটখন বাটত ক'ৰবাত পৰি থকা পায় তেনে অনুগ্ৰহ কৰি মোক দিয়ে যেন৷ মোৰ ঠিকনা:

......

......."

মানৱৰ কথাটো অলপ আচৰিত লাগিল৷ নোট এখন হেৰালে কোনেনো তেনেদৰে গোহাৰি লগাব? নোট এখন পালেও কোনেনো তেওঁক দিবলৈ যাব? 
তথাপি মনত কিবা এটা খুদুৱনি লগাত মানৱে জাননীখনত থকা ঠিকনাটো বিচাৰি আগবাঢ়িল সি৷

কিছুদূৰ গৈ, মানুহক সুধি, ঠিকনাটো বিচাৰি উলিয়ালে৷

এটা পুৰণা ঘৰ৷ 
বাৰান্দাত কোনো নাই৷ 
ভিতৰত পোহৰ নাই৷ কাৰো-ক'তো মাত-বোলো নাই৷ নিমাও-মাও পৰিৱেশ৷ 
ইফালে-সিফালে চাই মানৱ দুৱাৰমুখ পালেগৈ৷ তাৰপাছত লাহেকৈ দুৱাৰত টুকুৰিয়ালে৷ প্ৰথমতে কোনো সঁহাৰি নাহিল৷ মানৱে আকৌ টুকুৰয়ালে, এইবাৰ অলপ জোৰকৈ৷

"কোন?" ভিতৰৰ পৰা মহিলা এগৰাকীৰ মাত ভাঁহি আহিল৷

"মোক চিনি নাপাব৷ অলপ ওলাই আহিবনেকি বাহিৰলৈ? " মানৱে উত্তৰ দিলে৷

অলপ পাছত থৰক-বৰক খোজেৰে বুঢ়ী মানুহ এগৰাকী ওলাই আহিল৷ ভিতৰৰ পৰা বাৰান্দাৰ লাইটটো জ্বলাই দিলে৷ মানৱে মানুহ গৰাকীক ভালদৰে লক্ষ্য কৰিলে৷ বয়স সত্তৰৰ অধিক হ'ব৷ মানুহগৰাকীয়ে মানৱলৈ অৰ্থপূৰ্ণ ভাবে চালে৷

"কওঁকচোন৷ মই চকুৰে ভালদৰে নেদেখোঁ৷ ঘৰত আন কোনো নাই৷ কাকো ভালদৰে চিনিও নাপাওঁ৷ আপুনি বা কোন? কি বা কামত আহিল?" মানৱে কিবা কোৱাৰ আগতেই মানুহগৰাকীয়ে ক'বলৈ ধৰিলে৷

মানৱৰ মনত ইতিমধ্যে নানা ধৰণৰ চিন্তাৰ উদ্ৰেক হৈছে৷ অলপ সময় তভক মাৰি মানৱে পকেটত হাত ভৰাই মণিবেগটো উলিয়ালে, তাৰ পৰা এশটকীয়া নোট এখন উলিয়াই মানুহগৰাকীৰ পিনে আগবঢ়াই দি লাহেকৈ ক'লে,

"আপোনাৰ হেৰোৱা নোটখন মই পাইছিলো৷ গতিকে দিবলৈ আহিলো৷ লওঁক৷"

মানুহগৰাকীয়ে হাত পাতি ল'লে নোটখন৷ তাৰপাছত মানৱৰ মুখলৈ চাই গহীন ভাবে ক'বলৈ ধৰিলে:

"আচলতে মোৰ কোনো নোট হেৰোৱা নাই৷ কিন্তু আজি কিছুদিনৰ পৰা মোৰ ওচৰলৈ এনেদৰে মানুহ আহে আৰু মোক এশটকীয়া নোট একোখন দি থৈ যায়৷ ক'ৰবাত হেনো মোৰ নামত কোনোবাই জাননী এখন লগাই থৈছে৷ তাকে চাই মানুহবোৰ মোৰ ঘৰলৈ আহে আৰু নোট দি থৈ যায়৷ এতিয়ালৈকে কমেও ত্ৰিশজনমান মানুহ আহি মোক টকা দি থৈ গৈছে৷ "
মানৱে অবাক হৈ শুনি থাকিল৷ মানুহগৰাকীয়ে কৈ গ'ল,

"চাওঁক, মই কোনো ভিখাৰী নহয়৷ মই অকলশৰীয়া, বুঢ়ী মানুহ৷ যথেষ্ট অভাৱত থাকোঁ যদিও কেতিয়াও কাৰো পৰা ভিক্ষা কৰা নাই; কিন্তু কোনোবাই সেই জাননীখন লগাই দিয়াৰ পাছৰ পৰা মোক নিজকে ভিখাৰী যেন লগা হৈছে৷ আপুনি দিয়া নোটখন মই গ্ৰহণ কৰিছো বাৰু, কিন্তু অনুগ্ৰহ কৰি আপুনি সেই জাননীখন তাৰ পৰা গুচাই দিব৷"

মানৱে কি উত্তৰ দিব ভাবি নাপালে৷ লাহেকৈ "বাৰু" বুলি কৈ আতৰি আহিল৷

কোনো সদাশয় মানুহে বুঢ়ীগৰাকীক তেনেদৰে পৰোক্ষ ভাবে সহায় কৰিবলৈ সেই জাননীখন তাত লগাই থোৱা বুলি মানৱে বুজিলে৷ মানুহ গৰাকীৰ অনুৰোধ মতে জাননীখন সি আঁতৰাই নিদিলে৷ তেনে কৰিলে সেই জাননী লিখা মানুহজনৰ মানৱতাক অবহেলা কৰা হ'ব বুলি ভাবিলে সি৷

(ইন্টাৰনেটত পোৱা পোষ্ট এটাৰ আধাৰত)

No comments:

Post a Comment