At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Tuesday, 8 August 2017

কেতিয়াও সমালোচনা নকৰোঁ....

কেতিয়াও সমালোচনা নকৰোঁ....

সুখী পৰিয়াল কেনেদৰে গঢ়িব লাগে সেই বিষয়ে আলোচনাচক্ৰ এখন আয়োজিত হৈছিল৷ তাত এটা কথা বিশেষভাৱে গুৰুত্ব দি কোৱা হৈছিল যে স্বামী-স্ত্ৰীৰ মাজত ভাল সম্বন্ধ বজাই ৰাখিবলৈ হ'লে পৰস্পৰে পৰস্পৰৰ দোষবোৰ যিমান পাৰে আওকাণ কৰিব লাগে, সমালোচনা কৰিবলৈ এৰি দিব লাগে, ইত্যাদি৷

আলোচনাচক্ৰৰ সামৰণি পৰিল৷ এগৰাকী মহিলাই আন এগৰাকীক ক'লে,

" খুব ভাল কথা ক'লে আজি৷ সঁচাকৈয়ে আমি গিৰিয়েকসকলক একেবাৰে সমালোচনা কৰিব নালাগে৷ তেওঁলোকৰ দোষ আনৰ আগত কেতিয়াও ক'ব নালাগে৷ আমাৰ এওঁৰ কথাই চাওঁকচোন৷ এওঁৰ মূৰত গৰুৰ গোৱৰহে আছে বুলি ক'ব পাৰি৷ এক নম্বৰ বুৰ্বক৷ একো বুজি নাপায়৷ বজাৰৰ পৰা কিবা আনিবলৈ ক'লে কিবা লৈ আহে৷ দেখিবলৈও এঙাৰৰ দৰে ক'লা৷ দাতকেইটা কি চাব? চাধা চোবাই চোবাই হালধীয়া  পৰি গৈছে৷ ঘৰৰ কুটা এগছ ইফালৰ পৰা সিফাল নকৰে৷ আচলতে একো কৰিব নাজানেও৷ মাকে যে কেনেদৰে ডাঙৰ কৰিলে ৷ এনেকুৱা মতাবোৰে বিয়া পাতিবই নালাগে৷ মোক আজিলৈকে ভাল উপহাৰ এটা দি পোৱা নাই৷ বিদেশলৈ ফুৰাবলৈ নিয়াতো দূৰৰে কথা৷ আচলতে তেওঁৰ লগত কেনেদৰে জীৱন কটাই আছোঁ মইহে জানো৷ মই বুলিহে চলি আছোঁ৷
তথাপি মইতো কেতিয়াও তেওঁক সমালোচনা কৰা নাই৷ তেওঁৰ দোষৰ কথা আনৰ আগত কোৱা নাই..........."

No comments:

Post a Comment