At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Monday, 30 January 2017

ভয়ানক উত্তৰ

ভয়ানক উত্তৰ..
পৰীক্ষাৰ বহীত কোনে যে কি নিলিখে!
এবাৰ বুৰঞ্জীৰ পৰীক্ষাত এজন পৰীক্ষাৰ্থীয়ে পানিপথৰ যুদ্ধৰ বিষয়ে লিখা উত্তৰ অতি ভয়ানক আছিল৷

পানিপথৰ যুদ্ধ অতি ভয়ানক যুদ্ধ আছিল৷ বাবৰৰ দিনতে আৰম্ভ হৈছিল কিন্তু বাবৰ মৰি যোৱাৰ পাছত আকবৰে যুদ্ধ কৰিবলৈ লৈছিল৷ আকবৰ আৰু হিমুৰ মাজত তয়াময়া যুদ্ধ লাগিছিল৷ তয়াময়া মানে তই-মই৷ মানে হয় তই জিকিবি, নহলে মই জিকিম৷ কোনোমতে দ্ৰ হ'ব নোৱাৰিব৷
আকবৰৰ হাতত আছিল বিশ কেজি ওজনৰ তৰোৱাল৷ তৰোৱালখন দেখিলেই ভয় লাগে৷ কিন্তু সেইখন দেখি হিমুৱে ভয় খোৱা নাছিল৷ কাৰণ হিমুৰ হাতত আছিল দীঘল যাঠি৷ হিমু আৰু আকবৰে যেতিয়া যুদ্ধ কৰিছিল তেতিয়া তৰোৱাল আৰু যাঠিৰ মাজত খুন্দা লাগি শব্দ হৈছিল..খন..খনাখন.খন.খন খনাখন খন.. একেবাৰে জুইৰ ফিৰিঙতি ওলাইছিল৷ তেনেদৰে ৰাতিপুৱাৰ পৰা যুদ্ধ কৰি আছিল৷ লাহে লাহে সূৰ্যৰ ৰ'দ প্ৰখৰ হৈ আহিছিল৷ দুয়োৰে অলপ অলপ ভাগৰো লাগিছিল৷ কিন্তু উপায় নাই৷ যুদ্ধ কৰিবই লাগিব৷ কাৰণ যুদ্ধখন তয়াময়া যুদ্ধ আছিল৷ দুয়োৰে কঁকালত একোটা চামৰাৰ মোনা আছিল৷ তাতে পানী ভৰাই থোৱা আছিল৷ পিয়াহ লাগিলে খাব পাৰি৷ আকবৰৰ আগতে পিয়াহ লাগিল৷ গতিকে এহাতেৰে তৰোৱালখন ঘূৰাই ঘূৰাই আনখন হাতেৰে পানীৰ মোনাটো লৈ পানী খাবলৈ ধৰিলে৷ তাকে দেখি হিমুৰো পানী খাবলৈ মন গ'ল আৰু পানীৰ মোনাটো খুলিবলৈ হাত মেলিলে৷
কিন্তু এহাতেৰে যুদ্ধ কৰি থাকিল.. খন, খনাখন ,খন..থন থনাথন থন..
হিমুৰ পানীৰ মোনাটোৰ সাঁফৰখন অলপ টান আছিল৷ সহজে খুলিক নোৱাৰি৷ গতিকে অলপ বেছি জোৰ দিব লগা হ'ল খুলিবলৈ৷ বিৰাট জোৰেৰে সাঁফৰখন খুলিলে৷ কিন্তু কথাতে কয়, দাতাই দিলেও বিধাতাই নিদিয়ে৷ আকৌ এইবুলিও কয়, কপালৰ লিখন নাযায় খণ্ডন৷ বেচেৰা হিমুৱে পানীৰ মোনাটোত মুখ লগাই পানী খাবলৈ ধৰোঁতেই  কৰবাৰ পৰা কাঁড় এপাত আহি হিমুৰ চকুত সোমাল৷ একেবাৰে চকুৰ ভিতৰ সোমাই গ'ল৷ ধাৰাসাৰে তেজ ওলাব ধৰিলে৷ হিমুৱে চাৰিওফালে অন্ধকাৰ দেখিলে৷ দেখিবই অন্ধকাৰ, চকুত কাঁড় সোমালে কোনে অন্ধকাৰ নেদেখিব৷
হিমুৰ সেই অৱস্থা দেখি আকবৰে সহজে এৰিবনে? কেতিয়াও নেৰে৷ কোনেও নেৰে৷ আকবৰে লগেলগে হিমুৰ ডিঙিত তৰোৱালেৰে আঘাত কৰি দিলে৷ প্ৰচণ্ড আঘাত.. ঘেচেক.. লগেলগে.. হিমুৰ ডিঙি কাটি গ'ল৷ হিমু মাটিত বাগৰি পৰিল৷ হাতৰ পৰা পানীৰ মোনাটো সৰি পৰিল৷ মোনাটোৰ পৰা পানী ওলাই বৈ গ'ল৷ বহুত পানী আছিল৷ সেই পানী নদীৰ দৰে বৈ গ'ল৷
তেতিয়াৰে পৰা সেই ঠাইৰ নামো পানীপথ হ'ল৷

কিমান নম্বৰ দিয়ে দিয়ক এতিয়া৷

Saturday, 21 January 2017

অপ্ৰত্যাশিত পুৰস্কাৰ

“যদি আপুনি কোনো বাধা নথকা বাট এটা পায়, সেই বাটে বোধকৰো আপোনাক ক’লৈকো লৈ নাযায়৷”
                                                                                                                                      - লেখক অজ্ঞাত


প্ৰাচীন কালৰ কথা৷ এজন ৰজাই বাটৰ সোঁমাজত ডাঙৰ শিল এটা ৰাখিলে৷ তাৰপাছত তেওঁ বাটৰ কাষত লুকাই থাকি চাবলৈ ধৰিলে কোনোবাই সেই শিলটো আঁতৰাই থয় নে নথয়৷ ৰাজ্যৰ কিছুমান ধনী, চহকী মানুহ, মন্ত্ৰী আদি সেই পিনে আহিল আৰু শিলটো দেখি অলপ কষ্ট কৰি কাষেৰে পাৰ হৈ গ’ল৷ বহুতে বাটটো পৰিষ্কাৰ কৰি ৰখাত ব্যৰ্থ হোৱা বাবে ৰজাক গালি পাৰি থৈও গ’ল৷ কিন্তু বাটৰ পৰা শিলটো আঁতৰাবলৈ কোনেও একো নকৰিলে৷

তাৰপাছত শাক-পাচলিৰ গধুৰ বোজা এটা কঢ়িৱাই কৃষক এজন আহিল৷ বাটৰ মাজত থকা শিলটো দেখি তেওঁ থমকি ৰ’ল৷ শাক-পাচলিৰ বোজাটো মাটিত থৈ তেওঁ শিলটোৰ ওচৰলৈ আহিল আৰু শিলটো বাটৰ মাজৰ পৰা ঠেলি কাষলৈ নিবলৈ চেষ্টা কৰিলে৷ বহু সময় চেষ্টা কৰি ঠেলি ঠেলি তেওঁ শিলটো আঁতৰাবলৈ সক্ষম হ’ল৷ শিলটো আঁতৰাই শাক-পাচলিৰ বোজাটো পুনৰ মূৰত তুলি ল’ব খোজোঁতেই কৃষকজনে হঠাৎ দেখিবলৈ পালে যে শিলটোৰ তলত এটা ধনৰ মোনা আছিল আৰু শিলটো গুচাই দিয়াৰ পাছত ধনৰ মোনাটো দেখা গৈছে৷ মোনাটোৰ ভিতৰত বহুতো সোণৰ মুদ্ৰা আছিল৷ ভালদৰে চাই কৃষকজনে দেখিলে মোনাটোৰ ভিতৰত ৰাজমোহৰ মৰা কাগজ এখন৷ তাত লিখা আছিল: যিজনে শিলটো আঁতৰাব তেওঁলৈ পুৰস্কাৰ হিচাবে এই সোণৰ মুদ্ৰাৰ টোপোলাটো ৰজাৰ পৰা দিয়া হ’ল৷

প্ৰতিটো বাধাই আচলতে কিবা এটা নতুন শিকাৰ সুযোগ আগবঢ়ায়৷

কৃষকজনে এটা নতুন কথা শিকিলে৷ বাকীসকল বঞ্চিত হ’ল, শিকাৰ পৰাও, পুৰস্কাৰৰ পৰাও৷

(ইন্টাৰনেটত পোৱা লেখা এটাৰ অসমীয়া ৰূপান্তৰ)

Wednesday, 4 January 2017

ৰচীদ হেৰাই গ’ল……

ৰচীদ হেৰাই গ’ল……
-------------------------


মিছাৰ অন্ধকাৰত সত্যতা হেৰাই গ’ল
বেলি মাৰ যোৱাত ছাঁবোৰ হেৰাই গ’ল

গাঁৱৰ একেই মাটি, পথাৰো একেই পিছে
মাতৃৰ সঙ্গ হেৰালত, আমো হেৰাই গ’ল

অপৰাধী আছিল যিবোৰ সাৰি গ’ল নিৰ্বিঘ্নে
দেখা সাক্ষী বেচা গ’ল, সাক্ষ্য হেৰাই গ’ল

বৰ কথাৰ মানুহৰ কথা মানি লোৱা হ’ল
মোৰ নীৰৱতাৰ সব আবেদন হেৰাই গ’ল

তেওঁ, তুমি আৰু মই সকলো ধাৰ শুজিলোঁ পিছে
মই অসাৱধান বাবে, মোৰ ৰচীদ হেৰাই গ’ল৷


মূল: (হিন্দী) নৰেন্দ্ৰ শৰ্মা
অনুবাদ: ডঃ মাখন লাল দাস