ডাঙৰ হ’লে
বুজিবা..
কথাবোৰ এতিয়া
মনত পৰিলে হাঁহি উঠে, কিন্তু সৰু ল’ৰা-ছোৱালীয়ে কেনেদৰে চিন্তা কৰে সেই কথা উপলব্ধি
কৰিব পাৰি৷
সৰু-সৰু মানুহ?
ট্ৰেনজিস্টৰ
তেতিয়াও বজাৰত ওলোৱা নাই৷ আমাৰ ঘৰত এটা প্ৰকাণ্ড “পাই” ৰেডিঅ’ আছিল৷ ৰাতিপুৱা, দুপৰীয়া
আৰু সন্ধিয়া ঘৰত ৰেডিঅ’ বাজিছিল৷ তেতিয়া আমি সৰু সৰু৷ মই হয়তো ক-খ শ্ৰেণীমানত আছিলো৷
ৰেডিঅ’ৰ ভিতৰত মানুহ থাকে বুলি ভাবিছিলো৷ কেতিয়াবা সুবিধা পালে মনে মনে ৰেডিঅ’ৰ পিছফালে
থকা সৰু ফুটাৰে ভিতৰলৈ জুমি চাইছিলো৷ সৰু সৰু লাইটৰ নিচিনা কিবা জ্বলি থকা দেখিছিলো৷
সেইবোৰকে মানুহ বুলি ভাবিছিলো৷কিন্তু ইমান সৰু সৰু মানুহ ক’ৰ পৰা আহিছিল বুজি পোৱা
নাছিলো৷ পিছত ইলেক্ট্ৰনিক্স পঢ়ি বুজি পালো সেইবোৰ ভাল্ভ আছিল বুলি৷
মানুহনে ছবি?
তিতাবৰত এটা
চিনেমা হল আছিল যদিও আমি চিনেমা চাবলৈ কেতিয়াবা গোলাঘাটলৈহে গৈছিলো৷ দেউতাই এদিন চিনেমাৰ
বিষয়ে থূলমূলকৈ বুজাই দিছিল যে চিনেমা আচলতে ফটোহে৷ সেই সময়ত আমাৰ ঘৰত এটা কেমেৰা আছিল
আৰু মাজে মাজে দেউতাই আমাৰ ফটো উঠাইছিল৷ গতিকে ফটোৰ নিগেটিভ দেখাৰ সুযোগ পাইছিলো৷ দেউতাই
কৈছিল চিনেমা মানে তেনেকুৱা কিছুমান নিগেটিভৰ নিচিনা ফটো ৷ তাৰ মাজেদি লাইট মাৰি দিলে
পৰ্দাত পৰি ছবি হৈ যায়৷ মোৰ মনটোয়ে সিমানেই বুজিলে যে “চিনেমা মানে ফটোহে৷ মানুহ নহয়৷”
এদিন চিনেমা চাই থাকোঁতে কাষত বহি থকা ডাঙৰ দাদাক ক’লো৷ চিনেমা মানে ফটোহে৷ মানুহ নহয়৷
দাদাই কিন্তু লগে লগে উত্তৰ দিলে, নহয়, চিনেমা মানে সঁচা মানুহেই৷ মোৰ চিন্তাত আকৌ
আউল লাগিল৷ পৰ্দাৰ পিছপিনে মানুহবোৰ লুকাই থাকে বুলি ভাবিলো৷
শিলৰ খুন্দা?
সৰু ল’ৰাছোৱালীক
কথাবোৰ যিমান পাৰি সহজভাবে কিন্তু শুদ্ধকৈ বুজাই দিব পাৰিলে ভাল৷ প্ৰথম শ্ৰেণীত পঢ়ি
থকা সময়ৰ কথা৷ এদিন পাঠদানৰ সময়ত শিক্ষক এগৰাকীয়ে আমাক মেঘ, বিজুলী আদিৰ বিষয়ে এনেদৰে
বুজাই দিছিল:
মেঘবোৰ আচলতে
প্ৰকাণ্ড প্ৰকাণ্ড শিল৷ আকাশত ঘূৰি ফুৰে৷ যেতিয়া মেঘে মেঘে খুন্দা খায় তেতিয়া শিলে
শিলে খুন্দা খোৱাৰ নিচিনাকৈ গিৰিং কৈ শব্দ হয় আৰু ফিৰিঙতি ওলায়৷ সেয়ে বিজুলী-ঢেৰেকণি
৷ ডাঙৰ হৈ কথাবোৰ বেলেগ ধৰণে বুজাৰ পাছত নিজকে নিজে হাঁহিছিলো৷
নিজে পিতৃ
হোৱাৰ পাছত তেনে অনেক প্ৰশ্নৰ উত্তৰ দিব লগীয়া হৈছিল৷ এদিন স্কুটাৰেৰে সপৰিয়ালে আহি
আছিলো৷ তেতিয়া সন্ধিয়া সাতমান বাজিছে৷ হঠাতে ভৰলু থানাৰ ওচৰ পাওঁতে লাইট গ’ল৷ সকলোপিনে
আন্ধাৰ হৈ গ’ল৷ সন্মুখত থিয় হৈ অহা ল’ৰাটোৱে সুধিলে,
“চব ফালে
আন্ধাৰ হ’ল কিন্তু আমাৰ স্কুটাৰৰ লাইটটো কিয় জ্বলি থাকিল?”
যিমান পাৰো
সহজ ভাবে বুজাই দিলো৷
এদিন হাউলীত
বাছত বহি আছো৷ ল’ৰাটো আৰু মই৷ দ্ৰাইভাৰৰ কাষৰ চীটটোতে৷ ইঞ্জিনটো চলি আছিল৷ বাছখন ৰৈ
আছিল৷ অলপ পাছত পাছত দ্ৰাইভাৰ আহি বহিল আৰু বাছখন চলাবলৈ ধৰিলে৷ লগে লগে ল’ৰাৰ প্ৰশ্ন:
“দ্ৰাইভাৰ
বহাৰ লগে লগে বাছখন কিয় চলিল? ইঞ্জিনটো দেখোন আগতেও চলি আছিল?”
বুজাই দিওঁতে
অলপ কষ্ট হ’ল যদিও ক্লাট্চ, গিয়াৰ আদিৰ কথা কৈ যিমান পাৰো ভালদৰে বুজাই দিলো৷
অৱশ্যে কিছুমান
প্ৰশ্নৰ উত্তৰত “ডাঙৰ হ’লে বুজিবা” বুলিয়েই কৈ থ’ব ল’গা হৈছিল৷