At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Friday 21 October 2016

আকাশৰ পৰা কি পৰিল?

আকাশৰ পৰা কি পৰিল?


সৰু থাকোঁতে আকাশেৰে উৰি যোৱা উৰাজাহাজ দেখিলে আমি ওপৰলৈ তধা লাগি চাইছিলো, একেবাৰে মুখ মেলি মেলি৷ তেতিয়া ধেমালি কৰি এজনে আনজনক কৈছিলো,

:ওপৰলৈ নাচাবি৷ এৰোপ্লেনৰ পায়খানাৰ পৰা ময়লা আহি মুখতে পৰিব৷


ৰেলৰ পায়খানা দেখা সকলোৱে জানে ময়লাবোৰ ৰেলআলিয়ে আলিয়ে পৰি যায় বুলি৷ (অৱশ্যে আজিকালি অলপ সলনি হ'ব ধৰিছে)৷ উৰাজাহাজৰ পায়খানাবোৰ তেনেকুৱাই নেকি বুলি ভাবিছিলো যদিও নহয় বুলি বুজাই দিছিল দাদাহঁতে৷

অলপতে , ৫ অক্টোবৰ ১০১৬ তাৰিখে আবেলি ৰাজস্থানৰ কাৰোলি জিলাৰ নাৰাইনা নামৰ গাঁৱৰ ওচৰত কিছুমান গৰখীয়াই সৰু পাহাৰ এটাৰ আগত গৰু চৰাই থাকোঁতে আকাশৰ পৰা  এচপৰা প্ৰকাণ্ড বৰফ আহি পৰা দেখা পায়৷ বৰফডোখৰ পৰি টুকুৰা-টুকুৰ হয়৷ কাৰো গাত নপৰিল আৰু কোনেও একো আঘাত নাপালে৷ আকাশৰ পৰা সেই বৰফ চাবলৈ বহুতো মানুহৰ সমাগম হয়৷

একেধৰণৰ দুই-এটা ঘটনা আন ঠাইতো ঘটা বুলি জানিব পৰা গৈছে৷

বৰফৰ টুকুৰাটো ক'ৰ পৰা আহিল আৰু তাৰ উপাদান পানী নে আন কিবা সেই বিষয়ে নানা ধৰণৰ জল্পনা-কল্লনা চলাৰ লগতে সৰু-সুৰা গৱেষণাও চলে৷ দিল্লীস্থিত বিশেষজ্ঞ বিমল কুমাৰ শ্ৰীৱাস্তৱৰ মতে সেই বৰফ আন একো নহয়, উৰাজাহাজৰ পায়খানাৰ পৰা ওলোৱা পানী, পেচাব ইত্যাদি গোট মাৰি হোৱা বৰফ৷

ফেচবুকত এইবিষয়ে পঢ়ি হঠাতে সৰু কালৰ কথা মনত পৰি গ'ল৷

অৱশ্যে শূণ্য ডিগ্ৰীতকৈও কম উষ্ণতাৰ মাজেৰে পৰা সেই পায়খানাৰ পানীত কোনো বীজাণু জীয়াই থকাৰ সম্ভাৱনা নিশ্চয় নাই৷ তথাপি পায়খানাৰ পৰা পৰি ওলোৱা বাবেই তাক হাতেৰে চুবলৈ কাৰো মন নাযাব৷ ঘৰৰ মুধচত নপৰিলেই ৰক্ষা৷

Wednesday 19 October 2016

তেখেতৰ জন্মদিন.....

তেখেতৰ জন্মদিন….

তেতিয়া আমি অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ দ্বিতীয় বাৰ্ষিকৰ ছাত্ৰ৷ সেইসময়ত প্ৰথম বাৰ্ষিক নাছিল৷ দুবছৰীয়া প্ৰাকবিশ্ববিদ্যালয় পৰীক্ষা পাছ কৰি আমি ভৰ্তি হৈছিলো দ্বিতীয় বাৰ্ষিকত৷ অৰ্থাৎ আমি আছিলো নবাগত৷ আমাৰ ছাত্ৰাবাসত আমি ষোল্লজন নবাগত আছিলো৷ এজন খাচীয়া, এজন জয়ন্তীয়া আৰু তিনিজন মিজো৷ বাকী থাকিলো আমি অসমীয়া এঘাৰজনহে৷ গতিকে আমাৰ মাজত প্ৰচণ্ড মিল৷  বাৰ আৰু তেৰ নম্বৰ ৰুমত তিনিজনকৈ আমি ছজন আৰু আৰু বাকী পাঁচজন চিনিয়ৰৰ লগত অকলে অকলে বেলেগ বেলেগ ৰুমত৷ গতিকে বাকী কেইজনে প্ৰায় সকলো সময়তে আমাৰ বাৰ বা তেৰ নম্বৰ ৰুমতে আড্ডা মাৰেহি৷ সন্ধিয়া ফুৰিবলৈ, চাহ খাবলৈ, চিনেমা চাবলৈ, খেলিবলৈ প্ৰায় সকলো কামতে আটাইকেইজন একেলগে ওলাই যাওঁ৷

সময় পাৰ হৈ গ’ল৷ আমাৰ পৰীক্ষা ওচৰ চাপি আহিল৷ আমিও পঢ়া-শুনাত মন দিবলৈ ধৰিলো৷ তেনেহেন চিৰিয়াচ সময়তে এটা চিৰিয়াচ সমস্যাই দেখা দিলে৷ ছাত্ৰাবাসৰ সকলোতকৈ চিনিয়ৰ আবাসীজনক আমি যথেষ্ট সমীহ কৰি চলিছিলো৷ বহুবছৰধৰি হোষ্টেলতে আছে৷ যথেষ্ট চিনিয়ৰ হোৱা বাবে তেখেতক আমি “তেখেত” নাম দিছিলো৷ তেখেতৰ কাষৰ কোঠাটোতে আমাৰ লগৰ এজন থাকে৷ এদিন লগৰজনক মাতি তেখেতে ক’লে, “কালি মোৰ জন্মদিন৷ মোৰ ৰুমটো অলপ ডেকোৰেট কৰি দিবা৷ লগৰবোৰকো ক’বা ৰুমটো সজোৱাত লাগি-ভাগি দিবলৈ৷” 

লগৰীয়াজনে আমাক কথাটো ক’লে৷ আমাৰ হাঁহিও উঠিল, খঙো উঠিল৷ হোষ্টেলত জন্মদিন পাতে? তাতে আমাৰ জুনিয়ৰবোৰক কামত খটুৱাবলৈ আহিছে ৰুম সজোৱাত৷ আমি নাযাওঁ বুলি সিদ্ধান্ত ল’লো৷ সন্ধিয়া ভাত খাই ডাইনিং হলৰ পৰা উভতি আহোঁতে বাৰান্দাতে তেখেতে পালে৷ ৰুমমেট এজনক প্ৰায় আদেশ দিয়াৰ দৰে ক’লে, “মোৰ ৰুমলৈ আহিবাচোন৷ কাম আছে৷” ইফালে আমাৰ বহুত পঢ়িবলগীয়া আৰু হোমৱৰ্ক আদি কৰিবলগীয়া আছিল৷ ৰুমমেট অলপ নিমাখিত বিধৰ প্ৰাণী আছিল৷ চিনিয়ৰৰ কথা পেলাব নোৱাৰি মুখেৰে ভোৰভোৰাই ওলাই গ’ল৷ আমি বাকীদুজন ৰুমতে থাকিলো৷ প্ৰায় দুঘন্টামান পাছত ৰুমমেটজন উভতি আহিল৷ আমাৰ আগত আহি আকৌ ভোৰভোৰালে৷ আমাৰো খং ভালকৈয়ে উঠিছিল৷ কাষৰ ৰুমলৈ গ’লো৷ তাতে বাকী গোটেইকেইজন বহি আছিল৷ তেখেতৰ বিৰুদ্ধে মুখ খুলি কোৱাৰ সাহস আমাৰ নাছিল৷ গতিকে আমাৰ উৰ্বৰ মস্তিষ্ক কামত লগালো৷ সকলোৱে মিলি এখন জাননী লিখিবলৈ ধৰিলো৷ হাতৰ আখৰ যাতে কোনেও চিনি পাব নোৱাৰে সেইবাবে এজনে এটা আখৰ লিখোঁ, তাৰপাছত আন এজনে আন এটা আখৰ৷ তেনেদৰে সকলোৰে হাতৰ আখৰ মিহলি কৰি জাননী এখন লিখিলো৷ জাননী মানে সমজুৱা নিমন্ত্ৰণী পত্ৰ৷ তেখেতৰ তেত্ৰিছবছৰীয়া জন্মদিনলৈ বুলি৷ পত্ৰখন যিমান পাৰি ৰসাল কৰি তুলিলো সকলোৱে মিলি৷ তাৰপাছত মাজৰাতি আন কোনেও নেদেখাৰ সুযোগ লৈ আমি পত্ৰখন নোটিচ বোৰ্ডত লগাই দিলো৷

পিছদিনা ৰাতিপুৱাৰ পৰা হোষ্টেলত বিৰাট আমোদৰ সৃষ্টি হ’ল৷ সকলোৱে নোটিচখন পঢ়ে আৰু ঢেকঢেকাই হাঁহে৷ অৱশেষত তেখেতৰ কাণতো পৰিল নোটিচখনৰ কথা৷ “কোনে লিখিছে, কোনে লিখিছে” বুলি খঙতে ভোৰভোৰালে তেখেতে৷ আমি দূৰৰ পৰা আলেখলেখ চাই থাকিলো৷ কোনেও এবাৰো সন্দেহ নকৰিলে আমাৰ নিচিনা নিমাখিত নবাগত কেইজনে সকলোতকৈ চিনিয়ৰ আবাসীজনক লৈ তেনেকুৱা ধেমালি কৰিবলৈ সাহস কৰিব পাৰিম বুলি৷


(তেখেতলৈ ক্ষমা প্ৰাৰ্থনাৰে) 

Friday 7 October 2016

ঐ তই, তই....



ঐ তই, তই….

তই তুচ্চাৰ্থক সম্বোধন যদিও অতি মৰমৰ সকলোকো তই বুলি সম্বোধন কৰা হয়৷ সকলোতকৈ নিকট বন্ধু-বান্ধৱীয়ে পৰস্পৰক তই বুলি সম্বোধন কৰে৷ বৰপেটালৈ থাকিবলৈ অহাৰ পাছত এটা কথা বিশেষভাৱে মন কৰিছিলো যে বৰপেটাত মানুহে তুমি বুলি কমহে সম্বোধন কৰে; চিনাকী-অচিনাকী প্ৰায় সকলোৱে “কিয়ে বাপু, তোৰ ঘৰ ক’ত, ক’ত থাকা? তোৰ দেউতেৰ নাম কি? …. “ বুলিহে কথা পাতে৷ বৰপেটা বিদ্যাপীঠত একেলগে পঢ়া সহপাঠীবোৰৰ কাকো তুমি বুলি সম্বোধন কৰা মনত নপৰে; সকলো তই ৷ শিক্ষকসকলেও আমাক সকলোকে তই বুলিয়েই সম্বোধন কৰি আছিহিল আৰু লগ পালে এতিয়াও তই বুলিয়েই সম্বোধন কৰে৷
আনহাতে কটন কলেজ আৰু অসম ইঞ্জিনিয়াৰিং কলেজত একেলগে পঢ়া বন্ধু-বান্ধৱীসকলৰ খুব কম সংখ্যকেহে মোক তই বুলি সম্বধন কৰা মনত পৰে৷ তেনে বন্ধু-বান্ধৱীৰ সংখ্যা আঙুলিৰ মূৰত গণিব পাৰি৷ অৱশ্যে ভাল বন্ধু-বান্ধৱীৰ সংখ্যা কম নহয়৷
মোৰ দুয়োটা সন্তানৰ জন্ম অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ চৌহদত থাকোঁতেই হৈছিল৷ তাতেই উমলি-জামলি ডাঙৰ হৈছিল দুয়োটা৷ ডাঙৰ ল’ৰাটো সৰুৰে পৰা বৰ ভদ্ৰ৷ মুখত কেতিয়াও টান মাত নুফুটিছিল আৰু আজিও নুফুটে৷ আনক গালি পাৰিবও নাজানিছিল, হয়তো আজিও নাজানে৷ কেতিয়াবা কিবা কথাত মাকৰ ওপৰত ভীষণ খং উঠিলে সি মাকক কেৱল,
“ ঐ তই, তই…. “ বুলিহে গালি পাৰিছিল৷
তই শব্দটোকে বেচেৰাই গালি বুলি ভাবিছিল৷

Thursday 6 October 2016

লেমৰ চিমনি, টাপলি আদি…



লেমৰ চিমনি, টাপলি আদি…
(বন্ধু ৰাজৰ্ষি দত্তচৌধুৰীৰ লেমবিষয়ক লেখা এটা পঢ়ি মনলৈ উভতি অহা কিছু কথা)

সৰুতে বিজুলিবাতিৰ পোহৰতে পঢ়িছিলো যদিও দেউতা ঢুকুৱাৰ পাছত বৰপেটালৈ আহি বিজুলি সংযোগ নথকা ভাড়াঘৰ এটাত থাকিবলৈ লোৱাৰ পাছত লেমৰ খুটিনাটিৰ সৈতে ভালদৰে পৰিচিত হওঁ৷ সকলোতকৈ ডাঙৰ কাম আছিল সদায় আবেলি লেমৰ চিমনি পৰিষ্কাৰ কৰি তাত তেল ভৰোৱাটো৷ ঘৰত আন কাম কৰা মানুহ নাছিল বাবে সেই কাম আমিয়েই কৰিবলগীয়া হৈছিল৷ সচৰাচৰ দাদা এজনে সেই কাম বেছিকৈ কৰিছিল৷

লেমৰ চিমনি ফাটি গ’লে নতুনকৈ এটা কিনি লোৱাটো আমাৰ বাবে সহজ কাম নাছিল৷ চিমনিৰ ফাঁটটোৰ ওপৰেৰে কাগজেৰে টাপলি মাৰি যিমান দিনলৈকে পাৰি কাম চলাবলৈ চেষ্টা কৰিছিলো৷ লেমটো জ্বলোৱাৰ পাছত গৰম হৈ কাগজডোখৰ পুৰি গ’লে আকৌ নতুনকৈ এডোখৰ আঠা লগাই দিছিলো৷ কাগজ লগোৱা ফালেৰে পোহৰ কমকৈ ওলোৱা বাবে পঢ়াৰ সময়ত পোহৰ ভালদৰে ওলোৱা ফালটো গাৰ ফালে কৰি লৈছিলো৷ একেখন মেজতে দুজনে পঢ়িবলগা হ’লেহে কেতিয়াবা টনা-আজোৰা লাগিছিল৷ কেতিয়াবা কাজিয়াৰ সূত্ৰপাতো হৈছিল তাৰে পৰাই৷

লেম আছিল দুবিধ: এবিধ হাত লেম আৰু আনবিধ বৈঠক লেম৷ বৈঠক লেম অ’লৈ-ত’লৈ লৈ ফুৰিব নোৱাৰি৷ তেলৰ সৰু পাত্ৰটোৰ ওপৰতে চিমনিটো মাত্ৰ থাকে, ধৰি লৈ ইফালে-সিফালে নিবলৈ কোনো হেণ্ডেল নাথাকে৷ বৈঠক লেমৰ চিমনিটো দীঘল৷ জাতি লাও এটাৰ নিচিনা৷ পেটটো ডাঙৰ, ডিঙিটো সৰু৷ তাৰ পোহৰো অলপ বেছি৷ 

এদিন দাদাই কাগজৰ চুঙা এটা কৰি বৈঠক লেমৰ চিমনিটোৰ ওপৰত বহুৱাই দিলে৷ গতিকে চিমনিটো আৰু দীঘল হৈ পৰিল৷ লগে-লগে জুইশিখাৰ ৰং সলনি হৈ অধিক নীলা হৈ পৰিল আৰু পোহৰো বাঢ়ি গ’ল৷ আমাৰ উৎসাহো বাঢ়ি গ’ল৷ বাতৰি কাকতেৰে যিমান পাৰি সিমান দীঘলকৈ চুঙা বনাই চিমনিটোৰ ওপৰত বহুৱাই দি চালো৷ পোহৰ আৰু বাঢ়ি যোৱা যেন দেখিলো৷ কিন্তু কাগজৰ চুঙাটো বাগৰি পৰি যাব খোজা বাবে হাতেৰে ধৰি থাকিব লগা হ’ল৷ মুঠতে চিমনিটোকে লৈ আমি পৰীক্ষা-নিৰীক্ষা কৰিবলৈ ধৰিলো৷

মন কৰিবলগীয়া কথা এয়ে যে প্ৰথমে সেই পৰীক্ষা কৰা দাদাজন আৰু দাদাক সহায় কৰা মইও পাছলৈ ইঞ্জিনিয়াৰ হলোঁগৈ৷ তেনেদৰে কাগজৰ চুঙা লগাই দি চিমনিটোৰ উচ্চতা বঢ়াই দিলে কি হয় আৰু পোহৰ কিয় সলনি হয় সেই বিষয়ে অৱশ্যে ভালদৰে পঢ়িবলৈ পালো ইঞ্জিনিয়াৰিং কলেজতহে৷..