পোহৰ বিচাৰি... নীলা ৰঙৰ স্মৃতি
“আমি পোহৰ
বিচাৰি যাওঁ” – মইনা পাৰিজাতৰ মূলমন্ত্ৰ৷
মইনা পাৰিজাত
নামটো কোনে ৰাখিছিল নাজানো, কিন্তু এই শুৱলা অৰ্থবহ নামটোৱে এতিয়াও অন্তৰখন উমাল কৰি
তোলে৷
মইনা পাৰিজাতৰ
সৈতে প্ৰথম পৰিচয় ঘটে ১৯৬৮ চনত তিতাবৰত৷ তেতিয়া মই তিতাবৰ অভ্যসন বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ
ছাত্ৰ৷ এদিন এগৰাকী শিক্ষকে ক’লেহি যে তিতাবৰত মইনা পাৰিজাতৰ অধিবেশন হ’ব৷ তাতে আমাৰ
স্কুলৰ পৰাও যোগদান কৰা হ’ব আৰু সেই উদ্দেশ্যে এটা মইনা পাৰিজাত গঠন কৰা হৈছে৷ নাম
ৰখা হৈছে, কিশলয় মইনা পাৰিজাত চ’ৰা৷ মোকো নিৰ্বাচিত কৰা হৈছে যোগদান কৰিবলৈ৷ অধিবেশনত
বিভিন্ন প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠান আদি হ’ব৷ মোক তৰ্ক প্ৰতিযোগিতা, আকস্মিক
বক্তৃতা, দৌৰ আদিত যোগ দিবলৈ কোৱা হ’ল৷ তৰ্ক প্ৰতিযোগিতাৰ বিষয়টো জনাই দিয়া হ’ল, “উপদেশতকৈ
আৰ্হি শ্ৰেয়৷”
মোৰ বাবে
সেয়া এক নতুন অভিজ্ঞতা৷ আকস্মিক বক্তৃতা মানে কি জানিছিলো যদিও তৰ্ক প্ৰতিযোগিতাৰ বিষয়ে
একো ধাৰণাই নাছিল৷ ঘৰলৈ আহি দেউতাক জনালো৷ দেউতাই বিষয়টোৰ ওপৰত কিবা কিবি লিখি দিলে৷
দুদিনমান পাছত স্কুলত শিক্ষক কেইগৰাকীমানৰ আগত মোক বিষয়টোৰ ওপৰত ক’বলৈ কোৱা হ’ল৷ থিয়
হৈ কঁপি কঁপি এটা বাক্য ক’লো,
উপদেশতকৈ
আৰ্হি শ্ৰেয় কাৰণ…..
ভয়তে কঁপি
কঁপি থৰ লাগিলো৷ দেউতাই লিখি দিয়া কথাবোৰ পাহৰি গ’লো৷
এক মিনিটমান তেনেদৰে থিয় হৈ থকাৰ পাছত ছাৰ এজনে ক’লে,
এক মিনিটমান তেনেদৰে থিয় হৈ থকাৰ পাছত ছাৰ এজনে ক’লে,
“একো নাই
দে৷ ঘৰত ভালকে চাই ল’বি৷ পৰহী আবেলি মিহিৰাম শইকীয়া হাইস্কুললৈ যাব লাগিব৷ তাতে অধিবেশন
বহিব৷ তঁহতি তাতে থাকিব লাগিব৷ কাপোৰ-কানি লৈ ওলাবি৷….”
লাজত ৰঙা-চিঙা
পৰি মই নিমাতে শুনি থাকিলো৷
দেউতাই বেডিং এটা বান্ধি দিলে৷ ডাঙৰ দাদাই চাইকেলত বেডিংটো উঠাই আগে আগে গ’ল৷ সৰু দাদা আৰু মই পিছে পিছে৷ আমাৰ ঘৰৰ পৰা মিহিৰাম শইকীয়া হাইস্কুললৈ খুব বেছি এক কিলোমিটাৰমান আছিল বোধহয়৷ দাদাদুজন তাতে পঢ়ে৷
মিহিৰাম শইকীয়া হাইস্কুলত আমি
গোটেই দলটো একলগ হ’লো৷ ল’ৰা তিনিজনমান আৰু ছোৱালী চাৰি গৰাকীমান আছিলো৷ ইতিমধ্যে যোৰহাট,
গোলাঘাট আদি চহৰীয়া দলবোৰ আহি ভৰি পৰিছেহি৷ স্মাৰ্ট, তজবজীয়া চহৰীয়া ল’ৰা-ছোৱালীবোৰৰ
আত্মবিশ্বাস দেখি মোৰ মনত হীনমন্যতাৰ ভাব উপজিব ধৰিলেই৷
আমাক সৰু শ্ৰেণীকোঠা
এটাত থাকিবলৈ দিয়া হ’ল৷ আমাৰ দলটোৱেই বোধকৰো সকলোতকৈ সৰু দল আছিল৷ বাকী ল’ৰা দুজনে
বেডিং নিয়া নাছিল৷ মোৰ বিচনাখনেই উমৈহতীয়া বিচনা হ’ল৷ ছোৱালী কেইগৰাকীও ওচৰৰ কোঠাত এটাতে থাকিল৷ আমাক তাতে এৰি দাদাহঁত গ’লগৈ৷
আমিও সেই অভিনৱ পৰিবেশৰ সোৱাদ ল’বলৈ ধৰিলো৷
আকস্মিক বক্তৃতা
প্ৰতিযোগিতাত এজন এজনকৈ আহি ফট-ফটাই বক্তৃতা দিলে৷ বিশেষকৈ যোৰহাটৰ ছোৱালী এগৰাকীৰ
মুখত কি আখৈ ফুটা মাত৷ ভয়ত পেটতে হাত ভৰি লুকাল৷ মই ভাবিলো যোগ দি লাভ নাই৷ মনে মনে
বহি থাকিলো৷
তৰ্ক প্ৰতিযোগিতাতো
একেই অৱস্থা৷ যোগদান নকৰিলো৷ কিন্তু কিবা এটাত যোগদান নকৰিলে বেয়া কথা হ’ব বুলি জানি
এশ মিটাৰ দৌৰতেই ভাগ ল’ম বুলি সিদ্ধান্ত ল’লো৷ দাদাহঁতো আহিছিল দৌৰ চাবলৈ৷ স্কুলত দৌৰ
প্ৰতিযোগিতাত ভালেই দৌৰিছিলো৷ কিন্তু সেইদিনা দৌৰিব লগা হ’ল বিভিন্ন ঠাইৰ পৰা অহা প্ৰতিযোগীবিলাকৰ
সৈতে৷ হুইছেল বাজিল৷ প্ৰাণটাকি দৌৰিলো৷ পিছে মই আধামান পাৰ হওঁমানে দুজনমান গৈ পালেই৷
লাজতে মূৰ তল কৰি, দাদাহঁতৰ পিনে নোচোৱাকৈ বেলেগপিনে আতৰি গ’লো৷
আমাৰ দলটোৱে
আৰু ক’তো একো ভাগ লোৱা মনত নপৰে৷ কিন্তু সাংস্কৃতিক অনুষ্ঠানত ছোৱালী কেইগৰাকীয়ে শ্ৰীকৃষ্ণই
লৱণু চোৰ কৰি খোৱা দৃশ্য এটাৰ অভিনয় কৰি (খুব সম্ভৱ চোৰ ধৰা পিম্পৰা গুচোৱাৰ অংশ বিশেষ
আছিল) সকলোকে মুগ্ধ কৰিলে৷ চিপহা সত্ৰৰ ছোৱালী৷ সৰুৰে পৰা তেনে অভিনয়ত অভ্যস্ত৷ আমাৰ
সন্মান কিছু ৰক্ষা পৰিল বুলি ভাবিলো৷
পিছদিনা অধিবেশনৰ
সামৰণি পৰিল৷ বেডিংটো কোনোমতে বান্ধি দাদাৰ চাইকেলত তুলি দি ঘৰ পালোহি৷
মাই কাপোৰ-কানি,
বয়-বস্তুবোৰ ধুবলৈ বুলি উলিয়ালে৷ লগত নিয়া কাঁহৰ বাটি এটা দেখি মাই সুধিলে,
“বাটিটোত
এইবিলাক কিহৰ ৰং? ধুই আনিব নোৱাৰিলি?”
ভালদৰে লক্ষ্য
কৰি মনত পৰিল৷ ছোৱালী কেইগৰাকীয়ে অভিনয়ৰ বাবে নিজক সজাওঁতে শ্ৰীকৃষ্ণৰ মুখত ৰং সানিবলৈ
বুলি মোৰ সেই বাটিটোতে নাৰিকল তেলত নীলা ৰং মিহলাই লৈছিল৷ অশেষ চেষ্টা কৰিও পৰিষ্কাৰ
কৰিব নোৱাৰি সেইভাগেই ঘৰলৈ লৈ আহিছিলো৷
সেই বাটিটো
পৰিষ্কাৰ হওঁতে কিমান দিন লাগিল নাজানো কিন্তু স্মৃটিৰ পটত সেই দিনবোৰৰ কথা চিৰদিনৰ
বাবে নিগাজীকৈ অংকিত হৈ ৰৈ গ’ল৷
No comments:
Post a Comment