At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Friday 17 October 2014

এটা দুটকীয়া মুদ্ৰা

এটা দুটকীয়া মুদ্ৰা…

সৰু ল’ৰাটো তেতিয়া গুৱাহাটীৰ ফেকাল্টি স্কুলৰ প্ৰথম/দ্বিতীয় শ্ৰেণীমানত পঢ়ে ৷ ৰাতিপুৱা আঠবজাতে স্কুললৈ ওলাই যায় সি স্কুলবাছেৰে ৷ ব্ৰহ্মপুত্ৰৰ সিটো পাৰে স্কুলখন ৷ ইমান ৰাতিপুৱাতে টিফিন বনাই দিয়া কামটো সহজ নহয় বাবে আমি তাক স্কুলৰ কেন্টিনতেই টিফিন খাবলৈ দিছিলো মাজে-মাজে ৷ কেন্টিনত গৰম গৰম পুৰী-ভাজি আদি পোৱা গৈছিল, আঠ টকাতে ৷  টিফিন বাকচত ৰাতিপুৱাতে ভৰাই  লৈ যোৱা ঠাণ্ডা বস্তুবোৰ খোৱাতকৈ গৰমে গৰমে  কিবা এটা খোৱা ভাল বুলি ভাবি আমিও তাৰ হাতত পইচা দি পঠিয়াবলৈকে ভাল পাইছিলো ৷ কিন্তু শ্ৰীমতী আছিল অলপ কাঢ়া ৷ কেন্টিনত এটকা, দুটকা আদিত চকলেট, বাবল গাম আদিও পাইছিল নিশ্চয় ৷ সেইবোৰ কিনি খাবলৈ ল’লে ল’ৰাটোৰ মনটো দিনে-দিনে লুভীয়া হৈ যাব পাৰে আৰু মনে-মনে কিনি খাবলৈ ল’ব পাৰে বাবে তাক গণি-গণি আঠ টকাহা হাতত দিয়া হৈছিল ৷
এদিনৰ কথা ৷ শ্ৰীমতীৰ হাতত খুচুৰা নথকাত ল’ৰাটোৰ হাতত দহটকীয়া নোট এখন দি ক’লে,
“ চাবি কিন্তু, আঠ টকাহে খৰচ কৰিবি আৰু বাকী থকা দুটকা মোক আনি ঘূৰাই দিবি আবেলি ৷”
মূৰ দুপিয়াই শলাগি থ’লে ল’ৰাটোৱে ৷
আবেলি স্কুলৰ পৰা উভতি আহিল ল’ৰা ৷ মাকে প্ৰথমেই সুধিলে,
“দুটকাটো ক’ত? “
ল’ৰাও কম নহয় ৷ বেগৰ পৰা উলিয়াই মাকৰ হাতত দিলে দুটকাৰ মুদ্ৰাটো ৷ মই একো মন্তব্য নিদি চাই থাকিলো মাক-পুতেকৰ কাণ্ড ৷ তাৰপাছত কল্পনা কৰিলো, ল’ৰাটোৰ স্কুলৰ কেন্টিনৰ সেই দৃশ্য ৷ তাৰ হাতত এটা দুটকীয়া মুদ্ৰা ৷ সম্মুখত মোক খা মোক খা কৰি আছে চকলেট, কেডবেৰিজ, বাবল গাম ইত্যাদি ৷ সি তাৰ হাতত থকা মুদ্ৰাটোলৈ এবাৰ চাইছে ৷ কিবা এটা কিনি খাবলৈ মন গৈছে ৷ কিন্তু পাছ মুহূৰ্ত্ততে মাকৰ সকীয়নিলৈ মনত পৰিছে ৷ আৰু মুদ্ৰাটো আলফুলকৈ বেগত ভৰাই থৈছে মাকৰ হাতত দিবলৈ বুলি ৷

ল’ৰাটোলৈ ইমান মৰম লাগি গ’ল যে তাক টকা দহটা দি দিলো পিছদিনা স্কুলত কিবা কিনি খাবলৈ ৷

Thursday 16 October 2014

সজ….অসজ…… মহৎ লোকৰ মত..

সজ….অসজ…… মহৎ লোকৰ মত..

অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত প্ৰবক্তা হিচাবে চাকৰিত যোগ দিয়া ডেৰবছৰ পাছতে বিবাহ-পাশত আৱদ্ধ হওঁ ৷ সেই সময়ত চৌহদত কোৱাৰ্টাৰৰ খুব অভাৱ আছিল বাবে তিন নম্বৰ ছাত্ৰাবাসৰ ওচৰতে থকা চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ বাবে সজা  সৰু কোৱাৰ্টাৰ এটাতে আমি থাকিবলৈ ল’লো ৷ অতি সাধাৰণ আচবাব, সা-সৰঞ্জামেৰে আমাৰ নতুন সংসাৰ আৰম্ভ কৰোঁ ৷

এদিন আবেলি শ্ৰীমতীৰ সৈতে খোজ কাঢ়িবলৈ ওলালোঁ ৷ তিনি নম্বৰ হোষ্টেলৰ আগেৰে খোজ কাঢ়ি আগবাঢ়ি গৈ এ. পি. আৰ. ও. চৌহদ পাৰ হৈ একেবাৰে সাতমাইল পালোঁগৈ ৷ তাতে দোকান এখনত দুপদমান সামগ্ৰী কিনি দুয়ো উভতি খোজ ল’লো ঘৰলৈ বুলি ৷

তেতিয়া বেলি মাৰ যাব ধৰিছে ৷ 
আহি আহি কলেজৰ চৌহদৰ গেটখন পালোঁহি ৷ তিনি নম্বৰ ছাত্ৰাবাসৰ আগ পাবৰ হ'ল ৷ সম্মুখৰ পৰা এদল ছাত্ৰ আহি আছিল ৷  চাৰি-পাঁচজন মান ছাত্ৰৰ সেই দলটো নিশ্চয় সন্ধিয়া চাহ-পানী খাবলৈ ওলাই গৈছিল ৷ আমাৰ একেবাৰে ওচৰ আহি পালে দলটো ৷ 
আমাৰ পিনে লক্ষ্য কৰি দলটোৰ মাজৰে এজনে মন্তব্য কৰিলে, আমি শুনাকৈ.. নিশ্চয় আমাক উদ্দেশ্য কৰি...

“ সজ পথেৰে গ’লেই……. “

মন্তব্যটোৰ আচল অৰ্থ বুজিবলৈ মোৰ অসুবিধা নহ’ল ৷  কাৰণ ময়ো সেইখন কলেজতে ছাত্ৰাবাসত থাকি পাছ কৰি উঠিছো মাত্ৰ তিনিবছৰ আগতে ৷ 

আচলতে মোৰ শ্ৰীমতীক মোৰ কোনো অবিবাহিতা বান্ধৱী বুলি সন্দেহ কৰি ছাত্ৰজনে তেনেদৰে মন্তব্য কৰিলে ৷

আমাৰ কাষেৰে দলটো পাৰ হৈ গ’ল ৷ কোনোবা এজনে নিশ্চয় সেই মন্তব্য কৰা ছাত্ৰজনক সেয়া মোৰ পত্নী বুলি ক’লে কাৰণ পিছপিনৰ পৰা আকৌ এটা মন্তব্য ভাঁহি আহি মোৰ কাণত পৰিল,

: “ আবে, হয় নেকি বে.. একেবাৰে বুঢ়ী দেখোন.. “

শ্ৰীমতীৰ টনচিলৰ সমস্যা আছিল বাবে ডিঙিয়ে-মূৰে কাপোৰ মেৰিয়াই লৈছিল সেইদিনা ৷ সেইবাবে হয়তো অধিক বয়স বুলি ভাবিলে সেই ছাত্ৰজনে ৷ কথাটো বুজিবলৈ অসুবিধা নহ’ল ৷  শ্ৰীমতীৰ সহপাঠী ছাত্ৰ-ছাত্ৰীবোৰ সেইসময়ত কলেজৰ তৃতীয় ষান্মাসিকতহে পঢ়ি আছিল ৷ সেই মন্তব্য দিয়া ছাত্ৰজনতকৈও বয়সত সৰু ৷

শ্ৰীমতীয়ে একো মন্তব্য নিদিলে ৷ কোনো প্ৰতিক্ৰিয়া নেদেখুৱালে ৷ 

মই লাজ পোৱা উচিত, গৌৰৱ কৰা উচিত নে খং কৰা উচিত একো ধৰিবই নোৱাৰিলো ৷ 



Wednesday 1 October 2014

পূজাৰ বতৰা..পৰিলো এবাৰতে ধৰা..

পূজাৰ বতৰা..পৰিলো এবাৰতে ধৰা..

পূজাৰ বতৰা……পৰিলো এবাৰতে ধৰা..

তিতাবৰত থকা সময়ৰ কথা ৷ তেতিয়া প্ৰাইমেৰী স্কুলত পঢ়োঁ ৷ থাকোঁ বেচিক তিনিআলিত থকা চৰকাৰী ৰেচম পামত ৷ দেউতা আছিল সেই পামৰ অধীক্ষক ৷ সেই ঠাইৰ এজন আগশাৰীৰ মানুহ ৷ আমি ওচৰে-পাজৰে থকা সকলো ধৰণৰ লগ-সমনীয়াৰ লগত অবাধে মিলামিচা কৰিছিলো ৷ তাত কোনো ধৰণৰ বাধা নাছিল ৷ কিন্তু ভাল-বেয়া সকলোধৰণৰ কথা শিকিছিলো সেই লগ-সমনীয়াবোৰৰ পৰা ৷

পূজাৰ সময়ত পূজা চাবলৈ আমি লগ-সমনীয়াৰ লগত দলে-বলে গৈছিলো বিশেষকৈ ৰেলস্টেচনৰ সম্মুখত পতা পূজাখনলৈ ৷ পূজাস্থলৰ আশে-পাশে বহা  পূজাৰ বজাৰখন আমাৰ বিশেষ আকৰ্ষণ আছিল৷  পিষ্টল, নানা ধৰণৰ বেলুন, পুতলা, ফটকা, বাৰে-বৰণীয়া খেলৰ সামগ্ৰীৰে ঠাঁহ খাই থকা অস্থায়ী দোকানবোৰৰ মাজে-মাজে আমি ঘূৰি ফুৰিছিলো ৷ হাতত পইচা থাকিলে দুই-এপদ সামগ্ৰী কিনিছিলো যদিও ঘৰৰ পৰা বৰ বেছি এটকা-দুটকাহে আমাৰ হাতলৈ আহিছিল পূজা চাবলৈ বুলি ৷ কিন্তু আন এটা কাম কৰিহে আমাৰ বেছি আনন্দ লাগিছিল ৷ আমাৰ মাজৰেই দুজনমান অতি পাকৈতআছিল দোকানৰ পৰা বস্তু সৰকোৱাত ৷ দোকানীৰ চকুত ধূলি মাৰি বস্তু চুৰ কৰাত ৷ সেই কামটোক আমি কৈছিলো “ফাক মৰা” বুলি ৷ সেই কাম কৰিবলৈ গোটেই দলটো একেলগে দোকান এখনলৈ যায় ৷ সকলোৱে দোকানত সজাই থোৱা বস্তুবোৰ লিৰিকি-বিদাৰি চায় ৷ দুজনমানে দাম সোধে, দৰ-দাম কৰি দোকানীক ব্যস্ত কৰি ৰাখে আৰু দোকানীৰ মনোযোগ সেইফালে থাকোঁতেই আন এজনে কিবা এটা লৈ পকেটত ভৰাই লয় ৷ তেনেদৰে ফাক মৰাত সিদ্ধহস্ত আছিল আমাৰ লগৰে দুজনমান৷পূজা চাই ঘৰলৈ উভতি আহোঁতে সকলোৱে গৌৰৱেৰে প্ৰদৰ্শন কৰিছিল ফাক মাৰি অনা বস্তুবোৰ ৷  

সেইকামটো কৰিবলৈ মোৰহে কেতিয়াও সাহস হোৱা নাছিল ৷ চুৰ কৰা বেয়া কাম বুলি জানিছিলো যদিও তেনেদৰে ফাক মৰাত কিবা এটা বিশেষ উত্তেজনা জড়িত হৈ থকা যেন লাগিছিল আৰু তাৰ যোগেৰে বীৰত্ব প্ৰদৰ্শন হোৱা যেন লগা বাবে মোৰো ফাক মাৰি চাবলৈ মন গৈছিল৷  

এদিন তেনেদৰে দলে-বলে দোকান এখনত আমাৰ দলটো গোট খালে ৷ সকলোৱে বেৰি ধৰিলে দোকানীজনক ৷ মইও হাতত সৰু বল এটা তুলি লৈ লিৰিকি-বিদাৰি থাকিলো ৷ তাৰপাছত সুবিধা বুজি বলটো মোৰ চুৱেটাৰৰ তলেৰে ভৰাই লুকুৱাই ল’লো ৷ কিন্তু চকুৰ পচাৰতে আন এজন লোকে আহি মোক থাপ মাৰি ধৰিলে ৷ বলটো কাঢ়ি উলিয়াই ল’লে ৷ মই ভাবিলো আজি কথা বিষম ৷ দোকানীয়ে উত্তম-মাধ্যম সোধাব বুলি ভয়তে কঁপিবলৈ ধৰিলে ৷ মুখেৰে একো মাত নোলাল ৷ লগৰীয়াকেইজনো মোক তাতে এৰি উধাও হ’ল সেই ঠাইৰ পৰা ৷ মানুহজনে মোৰ পিনে চালে, কিবা ভাবিলে আৰু একো নকৰি এৰি দিলে ৷ ময়ো লাজত তলমূৰ কৰি তাৰ পৰা এখোজ-দুখোজকৈ আগবাঢ়িলো লগৰীয়া কেইজনক বিচাৰি ৷ ঘৰতো কথাটো কোনেও গম নাপালে ৷ পালে দেউতাই পিঠি বখলা-বখল যে কৰিলেহেতেন তাত কোনো সন্দেহ নাছিল৷


সময় বাগৰি গ’ল ৷ আমিও তিতাবৰ এৰিলো ৷ জীৱনত প্ৰথম আৰু শেষবাৰৰ বাবেচুৰ কৰাৰ বাবে কৰা সেই প্ৰয়াস এক অদ্ভুত স্মৃতি হৈ ৰৈ গ’ল ৷