At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Wednesday 25 March 2015

ডাঙৰ হ'লে বুজিবা

ডাঙৰ হ’লে বুজিবা..

কথাবোৰ এতিয়া মনত পৰিলে হাঁহি উঠে, কিন্তু সৰু ল’ৰা-ছোৱালীয়ে কেনেদৰে চিন্তা কৰে সেই কথা উপলব্ধি কৰিব পাৰি৷

সৰু-সৰু মানুহ?
ট্ৰেনজিস্টৰ তেতিয়াও বজাৰত ওলোৱা নাই৷ আমাৰ ঘৰত এটা প্ৰকাণ্ড “পাই” ৰেডিঅ’ আছিল৷ ৰাতিপুৱা, দুপৰীয়া আৰু সন্ধিয়া ঘৰত ৰেডিঅ’ বাজিছিল৷ তেতিয়া আমি সৰু সৰু৷ মই হয়তো ক-খ শ্ৰেণীমানত আছিলো৷ ৰেডিঅ’ৰ ভিতৰত মানুহ থাকে বুলি ভাবিছিলো৷ কেতিয়াবা সুবিধা পালে মনে মনে ৰেডিঅ’ৰ পিছফালে থকা সৰু ফুটাৰে ভিতৰলৈ জুমি চাইছিলো৷ সৰু সৰু লাইটৰ নিচিনা কিবা জ্বলি থকা দেখিছিলো৷ সেইবোৰকে মানুহ বুলি ভাবিছিলো৷কিন্তু ইমান সৰু সৰু মানুহ ক’ৰ পৰা আহিছিল বুজি পোৱা নাছিলো৷ পিছত ইলেক্ট্ৰনিক্স পঢ়ি বুজি পালো সেইবোৰ ভাল্ভ আছিল বুলি৷

মানুহনে ছবি?
তিতাবৰত এটা চিনেমা হল আছিল যদিও আমি চিনেমা চাবলৈ কেতিয়াবা গোলাঘাটলৈহে গৈছিলো৷ দেউতাই এদিন চিনেমাৰ বিষয়ে থূলমূলকৈ বুজাই দিছিল যে চিনেমা আচলতে ফটোহে৷ সেই সময়ত আমাৰ ঘৰত এটা কেমেৰা আছিল আৰু মাজে মাজে দেউতাই আমাৰ ফটো উঠাইছিল৷ গতিকে ফটোৰ নিগেটিভ দেখাৰ সুযোগ পাইছিলো৷ দেউতাই কৈছিল চিনেমা মানে তেনেকুৱা কিছুমান নিগেটিভৰ নিচিনা ফটো ৷ তাৰ মাজেদি লাইট মাৰি দিলে পৰ্দাত পৰি ছবি হৈ যায়৷ মোৰ মনটোয়ে সিমানেই বুজিলে যে “চিনেমা মানে ফটোহে৷ মানুহ নহয়৷” এদিন চিনেমা চাই থাকোঁতে কাষত বহি থকা ডাঙৰ দাদাক ক’লো৷ চিনেমা মানে ফটোহে৷ মানুহ নহয়৷ দাদাই কিন্তু লগে লগে উত্তৰ দিলে, নহয়, চিনেমা মানে সঁচা মানুহেই৷ মোৰ চিন্তাত আকৌ আউল লাগিল৷ পৰ্দাৰ পিছপিনে মানুহবোৰ লুকাই থাকে বুলি ভাবিলো৷

শিলৰ খুন্দা?
সৰু ল’ৰাছোৱালীক কথাবোৰ যিমান পাৰি সহজভাবে কিন্তু শুদ্ধকৈ বুজাই দিব পাৰিলে ভাল৷ প্ৰথম শ্ৰেণীত পঢ়ি থকা সময়ৰ কথা৷ এদিন পাঠদানৰ সময়ত শিক্ষক এগৰাকীয়ে আমাক মেঘ, বিজুলী আদিৰ বিষয়ে এনেদৰে বুজাই দিছিল:
মেঘবোৰ আচলতে প্ৰকাণ্ড প্ৰকাণ্ড শিল৷ আকাশত ঘূৰি ফুৰে৷ যেতিয়া মেঘে মেঘে খুন্দা খায় তেতিয়া শিলে শিলে খুন্দা খোৱাৰ নিচিনাকৈ গিৰিং কৈ শব্দ হয় আৰু ফিৰিঙতি ওলায়৷ সেয়ে বিজুলী-ঢেৰেকণি ৷ ডাঙৰ হৈ কথাবোৰ বেলেগ ধৰণে বুজাৰ পাছত নিজকে নিজে হাঁহিছিলো৷


নিজে পিতৃ হোৱাৰ পাছত তেনে অনেক প্ৰশ্নৰ উত্তৰ দিব লগীয়া হৈছিল৷ এদিন স্কুটাৰেৰে সপৰিয়ালে আহি আছিলো৷ তেতিয়া সন্ধিয়া সাতমান বাজিছে৷ হঠাতে ভৰলু থানাৰ ওচৰ পাওঁতে লাইট গ’ল৷ সকলোপিনে আন্ধাৰ হৈ গ’ল৷ সন্মুখত থিয় হৈ অহা ল’ৰাটোৱে সুধিলে,
“চব ফালে আন্ধাৰ হ’ল কিন্তু আমাৰ স্কুটাৰৰ লাইটটো কিয় জ্বলি থাকিল?”
যিমান পাৰো সহজ ভাবে বুজাই দিলো৷

এদিন হাউলীত বাছত বহি আছো৷ ল’ৰাটো আৰু মই৷ দ্ৰাইভাৰৰ কাষৰ চীটটোতে৷ ইঞ্জিনটো চলি আছিল৷ বাছখন ৰৈ আছিল৷ অলপ পাছত পাছত দ্ৰাইভাৰ আহি বহিল আৰু বাছখন চলাবলৈ ধৰিলে৷ লগে লগে ল’ৰাৰ প্ৰশ্ন:
“দ্ৰাইভাৰ বহাৰ লগে লগে বাছখন কিয় চলিল? ইঞ্জিনটো দেখোন আগতেও চলি আছিল?”
বুজাই দিওঁতে অলপ কষ্ট হ’ল যদিও ক্লাট্চ, গিয়াৰ আদিৰ কথা কৈ যিমান পাৰো ভালদৰে বুজাই দিলো৷


অৱশ্যে কিছুমান প্ৰশ্নৰ উত্তৰত “ডাঙৰ হ’লে বুজিবা” বুলিয়েই কৈ থ’ব ল’গা হৈছিল৷

Thursday 19 March 2015

অবুজ ল'ৰালি....সাপৰ সৈতে ধেমালি

অবুজ ল'ৰালি... সাপৰ সৈতে ধেমালি..

সাপ দেখি ভয় নোখোৱা মানুহ খুব কমেইহে আছে৷ সাপ দেখিলেই ভয় লগা প্ৰাণী৷ কিন্তু সেই ভয় একেবাৰে কম বয়সীয়া বা অবুজ শিশু এটাৰ নাথাকিবও পাৰে৷ সাপলৈ ভয় মোৰো কম নহয়৷ সাপৰ সৈতে সৰুকালতে হোৱা অভিজ্ঞতা কিছুমান মনত পৰিলে এতিয়া গাটো শিয়ৰি উঠে৷

তেতিয়া আমি নগাঁৱৰ ওচৰৰ শেনচোৱা নামৰ ঠাইত থকা চৰকাৰী ৰেচম পামত থাকো৷ মই স্কুললৈ যোৱা নাই৷ দাদা দুজনৰ সৈতে পামত থকা আন ল'ৰা-ছোৱালীবোৰৰ সৈতে খেলি ফুৰো৷ তেতিয়া বাৰিষাৰ বতৰ৷ সেইসময়ত বানপানীও খুব হৈছিল৷ এদিন আবেলি আমি খেলি-খেলি পামৰ মূল গেটখনৰ ওচৰ পালোগৈ৷ তেনেতে এজনৰ চকুত পৰিল এডাল দীঘল সাপ৷ হয়তো দুই-তিনি ফুটমান দীঘল আছিল৷ সাপ দেখিলেই মাৰিবলৈ উদ্যত হোৱা স্বভাৱ বহু মানুহৰে আছে৷ সেই সাপডাল দেখিয়েই দুজনমানে শিল দলিয়াবলৈ আৰম্ভ কৰিলে৷ কেইটামান শিল গাত পৰি সাপডাল আধামৰা হৈ চটফটাবলৈ ধৰিলে৷ হঠাতে মোৰ কি জক উঠিল নাজানো৷ আগবাঢ়ি গৈ আধামৰা সাপডালৰ মূৰতে দিলো গচকি৷ বাকীবোৰে দূৰৰ পৰা চিঞৰি থাকিল, "ঐ নাযাবি, ওচৰলৈ নাযাবি৷" মই দুটামান গচক মাৰি সাপডাল সিফলীয়া কৰি দিলো৷ দুজনমানে ক'লে সাপৰ দাঁত ভৰিত সোমালে সাংঘাটিক কথা৷ মোৰ পিছে একো নহ'ল৷ ঘৰলৈ আহি দেউতাৰ আগত দাদাহঁতে গোচৰ দিলে৷ দেউতাই একো নক'লে৷

শেনচোৱাৰেই কথা৷ বয়স মোৰ হয়তো চাৰি-পাঁচ বছৰ মানেই আছিল৷ তেতিয়া জাৰকালি আৰম্ভ হ'ব ধৰিছে৷ ৰাতিপুৱা চাহ-জলপান খাই বাহিৰ ওলাই গ'লো৷ ঘৰৰ সন্মুখৰ বাটটোৰ আনফালে থকা নুনি গছবোৰৰ পাত চিঙি আছে পামত কাম কৰা মানুহ কিছুমানে৷ মই বাটত থিয় হৈ চাই আছো৷ হঠাতে তললৈ চকু গ'ল৷ বাট আৰু নুনিগছৰ বাৰীখনৰ মাজতে থকা শুকান নৰ্দমাটোত এডাল প্ৰকাণ্ড দীঘল সাপ পৰি আছে৷ কমেও পাঁচফুটমান দীঘল আছিল বোধকৰো৷ মই একান্ত মনে সাপডাল চাই থাকিলো৷ সাপডালে লৰচৰ কৰা নাই৷ মৰা সাপ বুলি ভাবি ওচৰ চাপি গ'লো৷ হঠাতে সাপডাল সাৰ পাই উঠিল আৰু লাহে-লাহে লৰচৰ কৰি আগবাঢ়িব ধৰিলে৷ মই চিঞৰ আৰম্ভ কৰিলো, "সাপ, সাপ, সাপ....." নুনিগছৰ পাত চিঙি থকা মানুহ চাৰিজনমান দৌৰি আহি কোবাই কোবাই সাপডাল মাৰিলে৷ সাপডালে ফেট তুলি প্ৰতি আক্ৰমণ কৰিব খুজিছিল যদিও মানুহ কেইজনৰ হাতত ধৰাশায়ী হ'ল৷

তৃতীয় শ্ৰেণীত পঢ়ি থাকোঁতে আমি শ্বিলঙলৈ বদলি হৈ যাও্ঁ৷ আমি থকা ঠাইৰ পৰা স্কুললৈ পাহাৰীয়া বাটেৰে খোজকাঢ়ি যাওঁ সৰু ভাইটিৰে সৈতে আমি চাৰিজন ল'ৰা৷ এদিন তেনেদৰে গৈ থাকোঁতে বাটতে মুখামুখি হ'লো ৰঙা-মটীয়া বৰণৰ সৰু সাপ এডালৰ৷ গাটো ঘূৰণীয়া নহয়, চাৰিচুকীয়া ধৰণৰ৷ সেইডাল দেখি আকৌ কিবা জক উঠি গ'ল৷ আগবাঢ়ি গৈ দিলো জোতাৰে সাপডালৰ পেটতে প্ৰচণ্ড এটা গচক৷ সাপডালৰ পেটটো কিবা এটা শব্দ কৰি ফাটি গ'ল৷ কথাটো অৱশ্যে ঘৰত নক'লো৷

ডাঙৰ হৈ অহাৰ লগে-লগে কিন্তু সাপলৈ ভয় বাঢ়ি যাব ধৰিলে৷