মোৰ কটন কলেজৰ প্ৰথম দিনৰ তিনিগৰাকী ব্যক্তি..
১৯৭৬ চনৰ আগষ্ট মাহৰ কোনোবা এটা দিন৷ ইতিমধ্যে ফাৰ্ষ্ট
মেছৰ এটা ৰুমত থিতাপি লৈছো৷ ৰাতিপুৱাই কলেজলৈ ওলালো চাহ নামৰ গৰম পানী আৰু লগতে দিয়া
বিস্কুট নে ব্ৰেড এচকল খাই৷ তেতিয়ালৈকে কাকো ভালদৰে চিনি পোৱা নাই৷
আমি আছিলো বি শাখাত৷ পৰিসংখ্যা বিজ্ঞান লোৱাসকল এ
শাখাত৷ জীৱ-বিজ্ঞান লোৱা সকল চি শাখাত আৰু অতিৰিক্ত গণিত লোৱাসকল আছিলো বি শাখাত৷ প্ৰথম
ক্লাচটো আছিল স্থানাংক জ্যামিতিৰ৷ হোষ্টেলত থকা ছাত্ৰ-ছাত্ৰীবোৰ অতি নিমাখিত ভাবে কোনো
সাৰসুৰ নোহোৱাকে শ্ৰেণীকোঁঠাত সোমাই যিয়ে য’তে ভাল পায় বহিছে৷ বেছিভাগৰে ৰাতি ভাল টোপনি
হোৱা নাই বুলি বুজি পোৱা যায়৷ গুৱাহাটীৰ স্থানীয় ছাত্ৰ-ছাত্ৰীবোৰ যথেষ্ট তজবজীয়া আৰু
উজ্জ্বল মুখেৰে কোঠালৈ আহি আছে৷ খোজ-কাটল তথা চেহেৰা দেখিয়েই বুজা যায় কোন লোকেল, কোন
চালানী৷ বেছিভাগ লোকেল আহিছিল কটন কলেজিয়েট, ডনবস্ক’, চেন্টমেৰিজ (তেতিয়া এখনেই আছিল)
আৰু টিচি স্কুলৰ পৰা৷ হাইস্কুলৰ সংখ্যাও আছিল অতি কম৷
লাহে-লাহে শ্ৰেণীকোঁঠা ভৰি পৰিল৷ আমি আগ্ৰহেৰে বাট
চাই ৰ’লো শিক্ষকৰ আগমনলৈ৷ হঠাতে দুৱাৰমুখত আবিৰ্ভাৱ হ’ল এজন ওখ-পাখ , হৃষ্ট-পুষ্ট লোকৰ৷
দেখিয়েই চিনি পালো আমাৰ হোষ্টেলৰ অধীক্ষক স্বৰ্গীয় বাপুকৃষ্ণ চৌধুৰী চাৰক৷ বাৰান্দাৰ
পৰাই চাৰে আৰম্ভ কৰিলে…
ফাইন্ড দা দিষ্টেন্স বিতুইন দি পোইন্টচ…….
দুটা বিন্দুৰ স্থানাংক দিয়া আছে, সিহঁতৰ মাজৰ দূৰত্ব
নিৰ্ণয় কৰা৷
হাইস্কুলত পঢ়ি আহিছিলো স্থানাংক জ্যামিতি৷ গতিকে ধুম-ধাম
সূত্ৰটো পাতি দূৰত্ব উলিওৱাত লাগিলো৷ আধামান সম্পূৰ্ণ হওঁতেই পিছফালৰ পৰা কোনোবাই মাত
দিলে..
: চাৰ ২৪
ঘূৰি চালো৷ দীঘল চুলিৰ , দীঘল মুখৰ হাঁহিমুখীয়া ল’ৰা
এজনে উত্তৰটো উলিয়ালেই৷ আমাৰ অংকটো কৰা আধাও শেষ হোৱা নাই৷
চাৰে আনবোৰলৈ বাট নাচাই লগে-লগে আন এটা অংক দিলে৷
সেইবাৰ সেই ল’ৰাজনতকৈ আগতে উত্তৰটো উলিয়াম বুলি প্ৰাণপণে চেষ্টা কৰিলো৷ কিন্তু আকৌ
ল’ৰাজনৰ পৰা সকলোতকৈ আগতে উত্তৰটো আহিল৷
ছাৰে তৃতীয়টো অংক দিলে৷ সেইবাৰো সেইজন ল’ৰায়েই ঘপককৈ
উত্তৰ উলিয়াই দিলে৷ ভাবিলো, সেইজন ল’ৰা নে গণক যন্ত্ৰ৷ ইমান চোকা ল’ৰা আছে বুলি আগতে
জনা নাছিলো৷ এনে ল’ৰাৰ আগত আমিনো কোন কূটা?
তেনেদৰে ২০ টা মান অংক কৰিলো বোধকৰো৷ সেই ল'ৰাজনৰ আগত বাকী সকলোৱে ধৰাশায়ী হ'লো৷
তাৰপাছত আহিল ৰোল কল৷ ছাৰে এফালৰ পৰা নাম মাতি গ’ল৷
বিভিন্নজনে বিভিন্ন কণ্ঠেৰে, বিভিন্ন সুৰেৰে “ইয়েচ চাৰ” কৈ গ’ল৷
ৰোলকল শেষ হ’ল৷ লগে-লগে কাষৰ বেঞ্চৰ পৰা ছোৱালী এজনী
থিয় হৈ মাত দিলে,
: চাৰ , ইউ মিচ্ড মাই ৰোল নাম্বাৰ.. মাই ৰোল নাম্বাৰ
ইজ ফিফটি চিক্স…
: অ” আই মিচ্ড ইওৰ ৰোল নাম্বাৰ?... চাৰে মুখত তেখেতৰ
ট্ৰেডমাৰ্ক হাঁহিটো ফুটাই ছোৱালীজনীৰ ফালে চালে৷ ইংৰাজীতে আৰু কি ক’লে মনত নাই৷ কিন্তু
অসমীয়া মাধ্যমত পঢ়ি অহা আৰু এটাও ইংৰাজী বাক্য ক’ব নোৱাৰা এই অধমে ভেবা লাগি সেই কথোপকথন
চাই থাকিলো৷ ভাবিলো,
: বাপৰে, এনেকৈ ইংৰাজীৰ ফুলজাৰি মৰা মানুহৰ মাজত কেনেদৰে
চলিম?
অৱশ্যে খুব কম সময়ৰ ভিতৰতে অংকত তীখৰ সেই ছাত্ৰজন
আৰু মুখত ইংৰাজী আখৈ ফুটা দিয়া আন ছাত্ৰ-ছাত্ৰীবোৰৰ লগত সহজ হৈ পৰিলো৷
No comments:
Post a Comment