At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Friday 22 November 2013

শিশুৰ প্ৰতিপালন আৰু স্বভাৱ.



শিশুৰ প্ৰতিপালন আৰু স্বভাৱ:
(ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা কথাৰ আধাৰত)
শিশু এটি কেনেদৰে , কেনে পৰিবেশত ডাঙৰ হয়, তাৰ ওপৰত শিশুটিৰ চৰিত্ৰ, মনোবৃত্তি আদি গঢ় লৈ উঠে৷ এই কথাত নিশ্চয় কোনো সন্দেহ নাই৷ পৰিৱেশে শিশুটিৰ মানসিকতাত প্ৰভাৱ পেলাবই, ইতিবাচক নহ’লে নেতিবাচক৷ ডাঙৰ হোৱাৰ পাছত সেই মানসিকতা সলনি কৰা একেবাৰে অসম্ভৱ নহয় যদিও সেইটো কঠিন কাম৷

যদি কোনো শিশু সদায় আনৰ সমালোচনা শুনি শুনি ডাঙৰ হয়, তেনে শিশুৱেও আনক সদায় দোষাৰোপ কৰিবলৈ, বেয়া বুলি ভাবিবলৈকে শিকে৷ তেনে শিশুৱে অতি সহজে আনক বেয়া বুলি ঠাৱৰ কৰি লয়৷ আনহাতে হিংসাৰ মাজত ডাঙৰ হোৱা শিশুৱে স্বাভাৱিকতে কাজিয়া কৰিবলৈ শিকে৷ ভয়ৰ পৰিবেশত ডাঙৰ হোৱা শিশুৱে সদায় অজান আশংকাৰ বলি হয়৷ কিবা এটা ঘটিব, কিবা দুৰ্ঘটনা হ’ব, কিবা অপায়-অমঙ্গল ঘটিব আদি অহেতুক দুশ্চিন্তাত ভুগে৷ পুতৌৰ মাজত ডাঙৰ হোৱা শিশুৱে নিজকে পুতৌ কৰিবলৈ শিকে৷ তেনে শিশু সদায় ভিতৰি-ভিতৰি দুখী হয় আৰু আনৰ পৰা পুতৌ আশা কৰি থাকে ডাঙৰ হোৱাৰ পাছতো৷ আনৰ ঠাট্টা-মস্কৰা শুনি ডাঙৰ হ’লে শিশু লাজকুৰীয়া হয়৷ তেনে শিশু আত্ম-সচেতন হয়৷ কোনোবাই হাঁহিছে নেকি , কোনোবাই চাই আছে নেকি ইত্যাদি কথাকে বেছিকৈ ভাবে৷ যদিহে কোনো শিশু আনৰ ঈৰ্ষাৰ মাজত ডাঙৰ হয় তেনে শিশুৱে আনক হিংসা কৰিবলৈ শিকে৷ লাজ-অপমানৰ মাজত ডাঙৰ হ’লে শিশু দোষী ভাবৰ স্বীকাৰ হয়৷ দোষ নাথাকিলেও নিজক দোষী-দোষী জ্ঞান কৰে৷

আনহাতে,

যদিহে কোনো শিশুৱে উদগণি লাভ কৰি কৰি ডাঙৰ হয়, তেনে শিশুৱে আত্মবিশ্বাস শিকে৷ কথা-বতৰা, চলন-ফুৰণ আদিত সেই আত্ম-বিশ্বাস প্ৰকাশ পাই উঠে৷ যি শিশু সহনশীলতাৰ মাজত ডাঙৰ হয়, তেনে শিশুৱে শিকে ধৈৰ্য৷  প্ৰশংসাৰ মাজত ডাঙৰ হোৱা শিশুৱে আনকো প্ৰশংসা কৰিব পৰা হয়৷ মৰমেৰে গ্ৰহণ কৰা পৰিৱেশত ডাঙৰ হোৱা শিশুৱে আনক ভাল পাব পৰা হয়৷ অনুমোদনৰ পৰিবেশত ডাঙৰ হোৱা শিশুৱে নিজকে ভাল পাব পৰা হয়৷ স্বীকৃতি লাভ কৰা পৰিবেশে শিশুক শিকায় যে কোনো লক্ষ্য থকাটো ভাল৷ কোনো কাম কৰিবলৈ চেষ্টা কৰাটো ভাল৷ যদিহে আনৰ লগত ভগাই লোৱা বা আদান-প্ৰদানৰ পৰিবেশত ডাঙৰ হয়, তেনেহলে শিশুৱে উদাৰ হ’বলৈ শিকে৷ সততাৰ মাজত ডাঙৰ হোৱা শিশুৱে শিকে সত্যবাদিতা ৷ ন্যয়শীলতাৰ পৰিবেশে শিশুক শিকায় ন্যয়বান হ’বলৈ৷ কৰুণা আৰু সহানুভুতিৰ পৰিবেশত ডাঙৰ হ’লে শিশুৱে শিকে সন্মান কৰিবলৈ৷ সুৰক্ষাৰ পৰিৱেশত ডাঙৰ হোৱা শিশুৱে নিজৰ ওপৰত আৰু নিজৰ আশে-পাশে থকা লোকৰ ওপৰত ভাৰষা কৰিবলৈ শিকে৷ 

যদিহে বন্ধুত্বপূৰ্ণ পৰিবেশত কোনো শিশু ডাঙৰ হয়, সেই শিশুৱে শিকে এই পৃথিবীখন থাকিবলৈ সুন্দৰ বুলি ভাবিবলৈ৷

সেয়েহে , পৃথিবীখন সুন্দৰ কৰাত পিতৃ-মাতৃসকলেই নিশ্চয় সকলোতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে৷

No comments:

Post a Comment