জীৱনে শিকোৱা কথা…
পলমকৈ হ’লেও
জীৱনৰ ব্যস্ততাৰ মাজত আমি গম নোপোৱাকৈয়ে সময়বোৰ পাখিলগা কাঁড়ৰ দৰে পাৰ হৈ
যায়৷ জীৱনৰ বিয়লিবেলাত আমি আক্ষেপ হয়তো কৰিবলগা হ’ব পাৰে, কিছুমান কথা আগতে চিন্তা
কৰি নোচোৱা বাবে, আগতে নিশিকা বাবে৷
কেইটামান প্ৰয়োজনীয় কথা আমি যিমান সোনকালে শিকি লওঁ সিমানেই আমাৰ বাবে
মঙ্গলজনক৷
আপোনাৰ সকলোতকৈ প্ৰয়োজনীয় বন্ধুত্ব আপোনাৰ নিজৰ সৈতে:
আমি সুখী বা আনন্দিত হ’বলৈ আনৰ পৰা অনুমোদন লোৱাৰ প্ৰয়োজন নাই৷ আমাৰ নিজৰ
লগত যেতিয়া সম্বন্ধ মধুৰ হয়, যেতিয়া আমি নিজক ভাল পাবলৈ, গ্ৰহণ কৰি ল’বলৈ শিকিম,
তেতিয়া আনৰ লগতো আমাৰ সম্বন্ধ উন্নত হ’ব৷ নিজে নিজৰ চকুত গ্ৰহণীয় হোৱাৰ পাছতহে আমি
আত্ম-বিশ্বাসেৰে আনৰ চকুলৈ চাব পাৰিম৷
আমি আজি কৰা বলিদানৰ সুফল আমি ভৱিষ্যতে পাওঁ:
সাফল্যৰ বাবে কোনো চমু বাট নাই বুলি কোৱা হয়৷ কোনো কামত কৃতিত্ব লভিবলৈ কষ্ট
কৰিবই লাগিব৷ পঢ়া-শুনা, ব্যৱসায়-বাণিজ্য, খেলা-ধূলা বা যিকোনো কামত দেহে-কেহে
কিছুবছৰ লাগি থাকিলেহে আমি সাফল্যৰ মুখ দেখোঁ৷ ছাত্ৰ হিচাবে জীৱনৰ কেইটামানবছৰ
সকলো পাহৰি সম্পূৰ্ণ অধ্যৱসায়েৰে অধ্যয়নৰত ব্যক্তিজনে পাছলৈ ভাল চাকৰিত নিযুক্ত হৈ
ভাল জীৱন উপভোগ কৰা দেখিলে আমি ঈৰ্ষা কৰি লাভ নাই৷
আপোনাৰ জীৱনটো আজিয়েই:
কালিলৈ কি হ’ব কোনেও ক’ব নোৱাৰে৷ আজি বোলা সময়খিনিহে আমাৰ হাতত আছে৷ জীৱনটো ভালদৰে
উপভোগ কৰিবলৈ হাতত থকা সময়খিনিৰ উচিত ব্যৱহাৰ কৰা উচিত৷ যি কাম কৰিলে আপোনাৰ মনত
ভাল লাগে, আপোনাক বিবেকে দোষ নিদিয়ে, তেনে কাম আজি বোলা সময়খিনিতে নকৰোঁ কিয়?
বিফলতাবোৰ আমাৰ বাবে পাঠহে:
আনৰ দ্বাৰা পৰিত্যক্ত হোৱাৰ পাছতো, আনে আঘাত দিয়াৰ পাছতো , বিফল হোৱাৰ পাছতো
আশা এৰি নিদি নিজত বিশ্বাস ৰাখি নেৰানেপেৰাকৈ লাগি থকা লোকলৈ উত্তম ফল ফলে৷ অতীতৰ
বিফলতাৰ বাবে দুখ কৰি লাভ নাই কাৰণ অতীত আমি সলনি কৰিব নোৱাৰো৷ আমি সেইবোৰৰ পৰা
শিক্ষা গ্ৰহণ কৰি ইতিবাচক মনোভাবেৰে আগুৱাই যাবলৈহে শিকিব লাগিব৷
কোনো কাম পিছুৱাই থৈ দিলে আমি অতীতৰ দাস হৈ পৰোঁ:
সময়ৰ আগতেই কামৰ বাবে সাজু হ’বলৈ শিকিলে কালিৰ কামৰ বোজা ভালেখিনি লাঘৱ হ’ব৷
গতিকে পাছত কৰিম বুলি নথৈ আজিয়েই কৰিবলৈ শিকিলে আমি কালিলৈ আনন্দ কৰিম, নিজক
ধন্যবাদ দিম কামটো আজিয়েই আৰম্ভ কৰা বাবে৷
মানুহৰ কাৰ্যই প্ৰকৃত সত্য দেখুৱায়:
মানুহে বহুকথাই কয়, কিন্তু মানুহৰ কাৰ্যইহে আচল ৰূপটো প্ৰকাশ কৰে৷ কথা শুনি
নহয়, মানুহৰ কামলৈ চাইহে আমি মানুহৰ বিষয়ে ধাৰণা গ্ৰহণ কৰিবলৈ শিকা উচিত৷
সকলো সুন্দৰ জীৱনৰ আঁৰত কিবা নহয় কিবা বেদনা আছে:
কোনো শুদ্ধ-সিদ্ধ নহয়৷ভুল সকলোৱে কৰে৷আমি জীৱনপথত আগবাঢ়োতে উজুটি খাওঁ, আকৌ
উঠো, শিকনি লওঁ, আকৌ আগবাঢ়োঁ৷ হয়তো আঘাত আপুনি পাইছে, কিন্তু ধন্যবাদ দিয়া উচিত
আপুনি যে জীয়াই আছে৷ জীৱনটোৱেই এটা ডাঙৰ আশীৰ্বাদ৷ আঘাত পোৱাৰ পাছতো আমি সম্মুখলৈ
আগুৱাই থকা উচিত কাৰণ কেঁকুৰিৰ সিপাৰে কি আছে আমিতো নাজানো৷
জীৱনটো বৰ দীঘল নহয়:
এইটো আপোনাৰ জীৱন, আপুনিয়েই জীৱ লাগিব, যুঁজ কৰিব লাগিব৷ আপোনাৰ বিশ্বাস,
আদৰ্শৰ বাবে যুঁজক, তাৰ বাবেই জীয়াই থাকক৷ আপোনাৰ বাবে যি প্ৰয়োজনীয় বা জৰুৰী তাৰ
বাবে যুঁজক৷ আপুনি ভালপোৱা লোকসকলৰ বাবে যুঁজক আৰু তেওঁলোকৰ প্ৰতি আপোনাৰ ভালপোৱা
প্ৰকাশ কৰিবলৈ নাপাহৰিব৷ এই সকলো কৰিবলৈ আপোনাৰ হাতত এতিয়াও এটা সুযোগ আছে, এইকথা
অনুভৱ কৰি আপুনি ক্ষন্তেক থমকি ৰৈ চিন্তা কৰক৷ আপোনাৰ যি কৰিবলগীয়া আছে, কৰিবলৈ
আৰম্ভ কৰক৷
মৰমৰ সৰু সৰু কামবোৰেই জগতখন সুন্দৰ কৰে:
দিনটোৰ ব্যস্ততাই, জীৱনৰ বোজাই জুৰুলা কৰা কাৰোবালৈ চাই হাঁহি এটা মাৰক,
মৰমৰ ভাব দেখুৱাওঁক, তেওঁলোকক জানিবলৈ দিয়ক যে সুখী বা আনন্দিত হ’বৰ বাবে আন বহুতো
কাৰণ আছে৷ দয়াই একমাত্ৰ সঞ্চয়কাৰ্য যি কেতিয়াও বিফলে নাযায়৷ য'তেই কোনো মানুহ আছে, তাতেই
মৰম-দয়া দেখুউৱাৰ সুযোগ আছে৷ দিবলৈ শিকক, লাগিলে এটা হাঁহিয়েই হওঁক৷ আপোনাৰ বহুত
কিবা-কিবি আছে বাবে নহয় কিন্তু নিজৰ একো নাই বুলি ভবা বহুতো লোক আছে বুলি আপুনি
বুজি পোৱা বাবেহে৷
সময় আৰু অভিজ্ঞতাই বেদনা আঁতৰায়:
কোনো ডাঙৰ ক্ষতি, কোনো গভীৰ বেদনা নিশ্চয় উলাই কৰিবপৰা বিষয় নহয়৷ কিন্তু
তেনেকথাবোৰ আমি অলপ বেলেগ ধৰণেও চাবলৈ শিকিব পাৰো৷ আজিৰ তেনে ঘটনা এদিন গৈ আমাৰ
দীঘল অতীতৰ এটা সৰু অংশ হৈ পৰিব আৰু হয়তো এতিয়াৰ দৰে গুৰুত্বপূৰ্ণ হৈ আৰু নাথাকিব৷
ইয়াৰ মাজেৰে পাৰ হৈ যোৱাৰ পাছত হয়তো আপোনালৈ এনে নতুন দুৱাৰ মুকলি হ’ব পাৰে যাৰ
অভিজ্ঞতা আপোনাৰ বাবে সম্পূৰ্ণ নতুন৷
(স্টিফানিৰ "টেন লাইফ লেচঞ্চ"ৰ আলমত)
No comments:
Post a Comment