God's Own Country কেৰালাৰ বন্ধু এজনে এবাৰ কৈছিল যে কেৰেলাৰ বনুৱা, চাকৰ-বাকৰ আদি হেনো সকলো অসমৰ৷ কথাষাৰ শুনি ভাল লাগিছিল নে বেয়া লাগিছিল আজিও বুজি পোৱা নাই৷ কিন্তু অলপতে হোৱা অভিজ্ঞতা এটা উল্লেখ নকৰি নোৱাৰো৷
বিশেষ কাৰণত সপৰিয়ালে কেৰালালৈ গৈছিলো৷ পায়ানুৰ বুলি সৰু ঠাই এখনত তিনিদিন কটাই ৰেলেৰে চেন্নাইলৈ আহিবলগীয়া আছিল৷ পায়ানুৰ সৰু স্টেচন, মাত্ৰ দুমিনিট ৰেলখন ৰয়৷ আমাৰ বয়-বস্তু অনেক৷ ইমান কম সময়ৰ ভিতৰত ৰেলত উঠিব পাৰিম নি নোৱাৰিম তাকে চিন্তা কৰি আছিলো৷
ৰেলৰ বাবে অপেক্ষা কৰি থাকোঁতে ডেকা এজনলৈ চকু গ'ল৷ দেখাত অসমীয়াযেন লাগিল৷ মোৰ ল'ৰাজনে কথা পাতিব ধৰিলে৷ অসমৰ ডেকা, শিৱসাগৰৰ ওচৰত ঘৰ, মিলিটাৰী কাম কৰে, পায়ানুৰতে থাকে, ছুটীত ঘৰলৈ আহিছে৷ ভাল লাগিল৷
যথা সময়ত ৰেলখন আহিল৷ মই ডাঙৰ বেগ এটা লৈ প্ৰথমে জাপ মাৰি উঠিলো৷ মোৰ ল'ৰাজনে কিবা কোৱাৰ আগতেই শিৱসাগৰৰ ডেকাজনে এটা এটাকৈ বেগ-চুটকেচবোৰ উঠাই দিলে৷ নিমিষতে কাম সমাধা হ'ল আৰু আমি বহি পৰিলো৷ ডেকাজনৰো চীট আমাৰ লগতে পৰিল৷ ভাল লাগিল৷ অসমীয়াতে কথা পাতি চেন্নাই অভিমুখে যাত্ৰা আৰম্ভ কৰিলো৷
কিছুসময় পাছত ডেকা এজনে পানীৰ বটল আদি বেচিবলৈ আহিল৷ আমি নিজৰ মাজত আলোচনা কৰি কিবা-কিবি কিনিলো৷ কিমান টকা হ'ল বুলি হিন্দীতে সুধিলো কিন্তু আমাক আচৰিত কৰি ডেকাজনে অসমীয়াতে উত্তৰ দিলে৷ চিপাঝাৰৰ ল'ৰা৷ ৰেলতে কাম কৰি আছে৷ ল'ৰাজনে ক'লে, আৰু অসমীয়া ডেকা আহি আছে আপোনালোকৰ ওচৰলৈ, খোৱা বস্তু বেচিবলৈ৷ আমি বাটচাই ৰ'লো৷ কিছুসময় পাছত ডেকা এজন আহিল, খোৱা-বস্তুৰ সম্ভাৰ এখন লৈ৷ এইবাৰ আমি অসমীয়াতেই কথা আৰম্ভ কৰিলো৷ ডেকাজনেও অসমীয়াৰে উত্তৰ দিলে৷
সন্ধিয়া, নিশাৰ আহাৰৰ বাবে অৰ্ডাৰ নিবলৈ আন এজন ডেকা আহিল৷ তেওঁ পোনচাটেই আমাক অসমীয়াতে সুধিলে, ৰাতি কি খাম বুলি৷ এনেহেন লাগিল যেন আমি কেৰালাত নহয়, অসমতহে আছো৷
লগত বহি থকা শিৱসাগৰৰ ডেকাজনলৈ চাই ক'লো,
" অসমৰ মানুহেৰে কেৰালা ভৰি আছে দেখোন, ভাল লাগি গ'ল৷"
"লাজ হে লাগে, গোটেই চাকৰ-বাকৰবোৰহে অসমীয়া৷ আনকি বংগ-উৰিষ্যাৰ পৰা অহা বনুৱাবোৰকো ইয়াত অসমীয়া বুলিহে কয়", ডেকাজনে মিচিকিয়া হাঁহি এটা মাৰি ক'লে৷
তথাপি মোৰ মনটো ভাল লাগিল৷
এটা দীঘল যাত্ৰা এটা খোজেৰেইটো আৰম্ভ হয়!!
This comment has been removed by the author.
ReplyDelete