প্ৰশ্ন নাপালো
বুজি, কোব খালো খুজি..
১৯৬৯ চন৷ মই বৰপেটা
বিদ্যাপীঠৰ চতু্ৰ্থ শ্ৰেণীৰ ছাত্ৰ তেতিয়া৷ শ্বিলঙৰ পৰা বৰপেটালৈ অহা এমাহমান হৈছেহে
মাত্ৰ৷ বৰপেটাৰ মাত-কথা ভালদৰে বুজিব পৰা হোৱাই নাই৷
স্কুলত শিক্ষকসকলে
কোৱা কথাবোৰো লাহেলাহে বুজি উঠিব ধৰিছো৷ শিক্ষকসকলৰ ভিতৰত সকলোতকৈ ভয় কৰিছিলো নৰেন
শৰ্মা চাৰক৷ আমাক হিন্দী শিকাইছিল৷ হাতত বেতডাল অনবৰতে থাকেই৷ হিন্দীৰ বৰ্ণমালা শিকা
হৈ গ’ল৷ আখৰবোৰ ভালদৰেই চিনি পোৱা হৈছো৷ চাৰে ছাত্ৰবোৰক বোৰ্ডৰ ওচৰলৈ মাতি নি কিবা
কিবি লিখিবলৈ কয়৷ নোৱাৰিলে পিঠিত চেটেপ চেটেপ বেতৰ কোব৷ কেতিয়াবা হিন্দীত লিখি দিয়ে
সেইটো লিখিব লাগে অসমীয়াত৷ কেতিয়াবা অসমীয়াত লিখি দি সেইটো লিখিবলৈ কয় হিন্দীত৷ তেনেদৰে
দুটামান দিন পাৰ হে গ’ল৷ হিন্দী আখৰবোৰ ভালদৰেই চিনি পাওঁ বাবে মোৰ অলপো ভয় লগা নাছিল
কিবা লিখিবলৈ দিলে পাৰিম বুলি জানি৷
এদিন মোৰ পাল
পৰিল৷ চাৰে বোৰ্ডত অসমীয়াতে লিখিলে, “পইচা”৷ মোক ক’লে হিন্দীত লিখা৷ মই অলপো চিন্তা
নকৰাকৈ ধামধুম লিখি দিলো, “पइचा”
৷ লিখা শেষ হ’বলৈহে পালে
, পিঠিত বেতৰ কোব পৰিলেই৷ কেইটা পৰিল হিচাব নাই৷ কাণমূৰ গৰম হৈ গ’ল৷ লাজে-অপমানে নিজৰ
ঠাইত আহি বহিলোহি৷ অসমীয়া আখৰ কেইটা হিন্দী আখৰেৰে লিখিবলৈ দিয়া বুলি ভাবিয়েই তেনেদৰে
লিখিছিলো৷ মুখেৰে একো নামাতিলো৷ চকুৰ পানীও নোলাল৷
চাৰে বাকী ছাত্ৰবোৰলৈ
চাই সুধিলে কোনোবাই পাৰিব নেকি লিখিবলৈ৷ কোনোবা এজন উঠি আহি লিখি দিলে, “पैसा” ৷ চাৰে শলাগিলে৷ সকলোৰে আগত বৰ লাজ পালো৷ মই ভাবিলো, সেইটোতো
মইও জানিছিলো৷ অসমীয়া আখৰ কেইটা হিন্দী আখৰেৰে লিখিবলৈ কোৱা বুলি ভাবিহে মই তেনেদৰে
লিখিছিলো৷ কিন্তু জানিলে কি হ’ব? প্ৰশ্ন বুজি নাপালে পিঠিত বেতৰ কোব পৰিবই৷
ইমান বছৰ পাৰ
হৈ গ’ল৷ সেই কোব কেইটা আজিও পাহৰিব পৰা নাই৷
No comments:
Post a Comment