উৰাজাহাজেৰে কলিকতাৰ পৰা
আহমেদাবাদলৈ যাবলগীয়া আছিল৷ প্ৰায় আঢ়ৈ ঘন্টীয়া যাত্ৰা৷ ইমানখিনি সময় একে ঠাইতে বহি
থকাটো যথেষ্ট কষ্টকৰ কথা৷ কোনোবা এজন বিখ্যাত লোকে কিছুদিন আগতে উৰাজাহাজৰ ইক’ন’মি
ক্লাচটো “কেটেল ক্লাচ” বা গৰু-ছাগলীৰ শ্ৰেণী বুলি কৰা বৰ্ণনাটো আচলতে সঠিক আছিল৷ কোনোমতে
চীটটোত বহি লোৱাৰ পাছত হাত-ভৰি আদি ভালদৰে লৰ-চৰ কৰিবও নোৱাৰি৷ চীটবোৰৰ আকাৰে কোনো
দুৰ্ভিক্ষ চলি থকা দেশৰ মানুহৰ অৱয়বৰ কথালৈহে মনত পেলাই দিয়ে৷ মোৰ শৰীৰৰ আকাৰ আকৌ জন্মগত
ভাবেই ডাঙৰ৷ কান্ধ দুখনে নিজৰ নিৰ্দ্ধাৰিত আসনখনৰ সীমা পাৰহৈ গৈ কাষত বহা যাত্ৰীক আমনি
কৰিব খোজে৷ সেই অসুবিধালৈ মনত ৰাখি, মই সদায় আইলচীট অৰ্থাৎ মাজৰ অহা-যোৱা কৰা বাটটোৰ
পিনে থকা আসনখনত বহিবলৈ ভাল পাওঁ৷ এফাল মুকলি, কান্ধখনে সীমাৰ পৰিধি অতিক্ৰম কৰাত কোনো
অসুবিধা নাই৷
মনে বিচৰা আসন পাবৰ কাৰণে
মই যিমান পাৰো আগতে গৈ চেক-ইন কৰোঁ৷ কলিকতা বিমান-বন্দৰটো নতুনকৈ সজাইছে৷ বাট বিচাৰি
থাকোঁতে অলপ পলম হৈ গ’ল৷ তথাপি প্ৰায় দুঘন্টা আগতেই গৈ কাউন্টাৰ পালোঁগৈ৷ সদায় বিচৰাৰ
দৰে আইলচীট বিচাৰিলো৷ কাউন্টাৰত বহি থকা ছোৱালীগৰাকীয়ে ক’লে, কোনো আইলচীট নাই৷ একেবাৰে
শেষৰ শাৰীত এটা আছে, চীটটো পুচ-বেক নহয়, অসুবিধা পাব৷ মই সুধিলো, খিৰিকিৰ কাষৰ চীট
আছেনে নাই৷ উত্তৰ একেটাই৷ কোনো চীট খালী নাই৷ উপায় নাই৷ আজি কোনোবা দুজনৰ মাজত চেন্দুইচ
হৈ বহি যাব লাগিব আৰু৷ হাত-ভৰি জঠৰ হৈ যাব৷ কিছুসময় পাছত কিজানি পিঠিৰ বিষো উঠিব৷ হতাশ
মনেৰে বোৰ্ডিং কাৰ্ডখন ল’লো, যন্ত্ৰৰ দৰে চিকিউৰিটি চেক কৰাৰ আনুষ্ঠানিকতা সম্পন্ন
কৰি অপেক্ষা কৰি ৰ’লো বোৰ্ডিং ঘোষণাৰ বাবে৷
যথা সময়ত ঘোষণা হ’ল৷ উৰাজাহাজত
প্ৰবেশ কৰিলো৷ নিজৰ আসনখন বিচাৰি লৈ বহি পৰিলো৷ মাজৰ আসন৷ দুয়োফালৰ আসন দুখন, অৰ্থাৎ
খিৰিকি-কাষৰ আৰু আইলচীট, তেতিয়ালৈকে খালী আছিল৷ কোনোবা এজন নাহিলেও হয়, মোৰ মনত ক্ষীণ
আশা এটা উপজিল৷
দলে-বলে মানুহ আহিয়েই আছে৷ মই উৎকন্ঠাৰে বাট চাই ৰ’লো৷ অলপ পিছত এগৰাকী
যুৱতী আৰু পিছে পিছে আদহীয়া মহিলা এগৰাকী সোমাই অহা চকুত পৰিল৷ যুৱতী গৰাকীয়ে মোৰ পিনে
চাই চাই আগুৱাই আহি আছে৷ বুজিবলৈ অসুবিধা নহল, মোৰ দুয়ো কাষে তেওঁলোক দুগৰাকী মহিলা
বহিব৷
“লৰ-চৰ নকৰাকৈ কাঠৰ মূঢ়া
এটাৰ নিচিনাকৈ বহি থাকিব লাগিব, আঢ়ৈ ঘন্টা সময়৷ আজি মোৰ ফালে আধ্যা৷” মনতে ভাবিলো৷
যুৱতী গৰাকী মোৰ কাষ পালেহি৷
মই কিবা কোৱাৰ আগতেই মোৰ পিনে চাই মিচিকিয়া হাঁহি এটা মাৰি ক’লে,
“ আপুনি অনুগ্ৰহ কৰি আইলচীটটোত
বহিব নেকি? মই মাজৰ চীটটোত বহিম৷ মা আৰু মই দুয়োজনে একেলগে বহিব খুজিছো৷ আচলতে মই মাজৰ
চীটটো খালী থাকিব পাৰে বুলি ভাবি এনেদৰে চীট দুটা লৈছিলো৷ পিছে আজি বিৰাট ভীৰ৷”
মই নিজৰ কাণকেই বিশ্বাস
কৰিবলৈ টান পালো৷ অতি উৎসাহেৰে ক’লো,
“ খুব ভাল কথা৷ মইতো আইলচীটেই
বিচাৰি আছিলো৷”
ততাতৈয়াকৈ তেওঁলোক দুজনক
বহিবলৈ দি মই আইলচীটটোত বহি পৰিলো৷ এটা স্বস্তিৰ নিশ্বাস পেলালো৷ ভাবিলো,
“ঈশ্বৰে দিওঁ বুলিলে কোনে
ৰাখিব পাৰে? দাতাই নিদিলেও বিধাতাই দিয়ে৷”
===================ডঃ মাখন লাল দাস (২১ এপ্ৰিল, ২০১৩)
No comments:
Post a Comment