মিষ্টাৰ ইণ্ডিয়া..
সৰুৰে পৰা ভূতলৈ বৰ ভয় আছিল মোৰ৷
সেইবাবে ডাঙৰ ল'ৰাটো জন্ম হোৱাৰ পাছতে ভাবি ল'লো তাক এনেদৰে ডাঙৰ কৰিম যাতে সি ভূতলৈ কেতিয়াও ভয় নকৰে৷ সৰুৰে পৰাই তাক শিকোৱা হ'ল ভূত বোলা কোনো বস্তু নাই বুলি৷ তাৰ চাৰি বছৰ বয়সত আমাৰ দ্বিতীয়টো ল'ৰাৰ জন্ম হ'ল আৰু ডাঙৰটোক তেতিয়াৰ পৰাই এটা বেলেগ কোঁঠাত অকলে শুবলৈ দিয়া হ'ল ৷ সিও কোনো আপত্তি নকৰি অকলেই শুবলৈ সাহস কৰিলে৷
সৰু ল'ৰাটোৰ বয়স তেতিয়া প্ৰায় দুবছৰমান হ'ব, ডাঙৰটো প্ৰায় ছবছৰীয়া৷ সৰুটোক চোৱা-মেলা কৰাৰ বাবে ঘৰত এজনী ছোৱালীও ৰখা হ'ল৷
তেতিয়া আমি অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ চৌহদত থাকোঁ৷ দীপৰ বিলৰ কাষত থাকো৷ ডাঙৰ চৌহদ৷ ৰাতি প্ৰায়েই লাইট নাথাকে আৰু থাকিলেও যিহে ভল্টেজ, লাইট থকা-নথকা প্ৰায় একেই কথা যেন হয়৷ তাতে আকৌ স্ত্ৰীট লাইট বুলিবলৈ একো নাছিলেই বুলিব পাৰি আমি থকা ঠাইখিনিত৷ ঘৰৰ পৰা প্ৰায় তিনিশ মিটাৰমান দূৰতে নতুনকৈ শ্মশান এখনো গঢ় লৈ উঠিব ধৰিছিল৷ ৰাতি হ'লে ঘৰৰ বাহিৰ ওলাবলৈ যথেষ্ট সাহসৰ প্ৰয়োজন৷ ডাঙৰ ল'ৰাটোৱে পিছে দোভাগ ৰাতিও ঘৰৰ বাহিৰ ওলাবলৈ ভয় নকৰে তেতিয়াও৷
এদিন কিবা কাৰণত আবেলি শ্ৰীমতী আৰু মই গুৱাহাটীলৈ যাব লগা হ'ল৷ ঘৰতে এৰি থৈ গ'লো ছবছৰীয়া ল'ৰাটোৰ সৈতে সৰু ল'ৰাটো আৰু তাক চোাৱাচিতা কৰা ছোৱালীজনী৷ সিহঁতেও থাকিব পাৰিম বুলি ক'লে৷ আমিও নিশ্চিন্তে গ'লোঁগৈ৷
উভতি আহোঁতে ৰাতি প্ৰায় চাৰে সাতমান বাজিল৷
ঘোৰ অন্ধকাৰ৷
ঘৰ পাই দুৱাৰত টুকুৰিয়ালো৷ কোনো সাৰ-সুৰ নাই৷
আকৌ টুকুৰিয়ালো৷ নাই, কোনো সাৰ-সুৰ নাই৷
বাহিৰলৈ ওলাব পৰা তিনিওখন দুৱাৰ ভিতৰৰ পৰাই বন্ধ৷ অলপ আচৰিত হ'লো৷ এইবাৰ দুৱাৰত অলপ জোৰেৰে ঢকিয়ালো আৰু লগতে চিঞৰি চিঞৰি মাতিলো..
: বাবলু.. জয়ন্তী..
অলপ পাছত ভিতৰৰ দুৱাৰ এখন খোলাৰ শব্দ হ'ল৷ তাৰপাছত মূল দুৱাৰখন খোল খালে৷ দুৱাৰমুখত জয়ন্তী, কোলাত সৰুটো আৰু জয়ন্তীৰ হাতত ধৰি থিয় হৈ আছে ছবছৰীয়া বাবলু৷
: দুৱাৰ খোলা নাছিলা কিয়?
আমি সুধিলো৷
: আমি সকলো দুৱাৰ বন্ধ কৰি একেবাৰে ভিতৰৰ শোৱা কোঁঠাত সোমাই আছিলো৷
ছোৱালীজনীয়ে উত্তৰ দিলে৷
: কিয়? কি হৈছিল?
অলপ আচৰিত হৈ আমি সুধিলো৷
: আন্ধাৰ হোৱাৰ অলপ পাছত কোনোবাই আহি বাহিৰৰ পৰা দুৱাৰত হেঁচা যেন শব্দ শুনিছিলো৷ আমি বাহিৰ ওলাই চালো কিন্তু কাকো নেদেখিলো৷ সেইকাৰণে ভয় খাই আমি সকলো দুৱাৰ বন্ধ কৰি ভিতৰত সোমাই আছিলো৷
এইবাৰ বাবলুৱে উত্তৰ দিলে৷
আমাৰ অলপ চিন্তা হ'ল যদিও সিহঁতৰ মনৰ পৰা ভয়ৰ ভাব নোহোৱা কৰিবলৈ অলপ দৃঢ় ভাবেই ক'লো,
: কিয় ভয় কৰিব লাগে? ভূত বোলা একো বস্তু নাই নহয়..
: আমি ভুতলৈ ভয় কৰা নাই নহয়৷ মই ভাবিলো কিজানি মিষ্টাৰ ইণ্ডিয়া আহিল.....
ছবছৰীয়া সৰল মনৰ বাবলুৰ উত্তৰ শুনি হাঁহিমনে কান্দিম একো ভাবি নাপালো৷
কিন্তু একোখন চিনেমাই শিশুৰ কোমল মনত কিমান গভীৰ প্ৰভাৱ পেলাব পাৰে তাকেই আকৌ অনুভৱ কৰিলো৷

No comments:
Post a Comment