কেইটামান টকা.. এজন ডেকা
১৯৮৯ চন ৷ এম টেক কৰি মাদ্ৰাজৰ পৰা অসম অভিযান্ত্ৰিক মহাবিদ্যালয়লৈ উভতি আহিছো মাত্ৰ৷ থাকিবলৈ বাসভৱন এটাৰ খুবেই প্ৰয়োজন থকা বাবে প্ৰিন্সিপাল চাৰৰ কাষ পালোঁগৈ৷ তেখেতে ঘৰ এটাত অস্থায়ী ভাবে থাকিবলৈ দিলে এটা চৰ্তত: দুই নং ছাত্ৰাবাসৰ অধীক্ষক ৰহমান চাৰৰ কাৰ্যকাল শেষ হওঁ হওঁ৷ গতিকে তেখেতৰ পৰা মই কাৰ্যভাৰ গ্ৰহণ কৰিব লাগিব৷ তেতিয়া মই স্থায়ী ভাবে অন্ততঃ তিনিবছৰ থাকিবলৈ পাম অধীক্ষকৰ বাস ভৱনত৷ মইও বিনা দ্বিধাই মান্তি হ'লো৷ তাৰ আগতেও ১৯৮৫ চনতে মই ৫ নং ছাত্ৰাবাসৰ দায়িত্ব লৈছিলো ৷ গতিকে আকৌ তেনে দায়িত্ব লবলৈ অসুবিধা নহ'ব বুলি ভাবিলো৷
কিছুদিন পাছত ৰহমান চাৰৰ পৰা মই ছাত্ৰাবাসৰ কাৰ্যভাৰ গ্ৰহণ কৰিলো৷ ইতিমধ্যে অষ্টম ষান্মাসিকৰ ছাত্ৰসকলৰ পৰীক্ষা হৈ গৈছিল৷ হোষ্টেলৰ সকলো খৰচ-পাতি অধীক্ষকেই চাব লাগিছিল৷ কিছুমান ছাত্ৰ টকা-পইচা দিয়াৰ ক্ষেত্ৰত বৰ অনিয়মীয়া আছিল৷ কিন্তু পৰীক্ষাৰ আগে-আগে সকলোৰে পৰা বাকী থকা টকাবোৰ আদায় কৰা চেষ্টা চলোৱা হয়৷ পৰীক্ষাৰ ফৰ্ম অধীক্ষকৰ হাতত থাকে আৰু দিবলগীয়া সকলোখিনি দিয়াৰ পাছতহে পৰীক্ষাৰ ফৰ্ম দিয়া হয়৷ তথাপি কিছুমানে হাতে-ভৰিয়ে ধৰি অনুনয়-বিনুনয় কৰেহি নানা অজুহাত দেখুৱাই আৰু দিবলৈ অলপ বাকী থাকিলেও ফৰ্ম দি দিয়া হয় কেতিয়াবা৷ কিন্তু অষ্টম ষান্মাসিকৰ ছাত্ৰসকলৰ ক্ষেত্ৰত বেছি সাবধান হ'বলগা হয় কাৰণ সেইটোৱেই তেওঁলোকৰ শেষ পৰীক্ষা৷ পাছ কৰি ওলাই গ'লে আৰু টকা পোৱাৰ আশা নাই৷
ৰহমান চাৰৰ পৰা হিচাব বুজি লোৱা হ'ল৷ যিমান ধন হস্তান্তৰ হ'বলগীয়া আছিল তাৰ পৰা এটা অংশ চাৰে কাটি ৰাখিলে কাৰণ সেইখিনি বিভিন্ন ছাত্ৰৰ পৰা পাবলগীয়া আছিল৷ গতিকে সেইখিনি ধনৰ পৰিৱৰ্তে মোক দিয়া হ'ল এখন দীঘল তালিকা৷ মইও সুযোগৰ সন্ধানত থাকিলো সেই ধন ছাত্ৰসকলৰ পৰা আদায় কৰাৰ৷
দুমাহমান পাছত সুযোগ এটা আহিল৷
অষ্টম ষান্মাসিকৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ল৷ মাৰ্কচীট আদি পাবলৈ ছাত্ৰসকলে হোষ্টেলৰ অধীক্ষকৰ পৰা ক্লিয়াৰেন্স ল'ব লাগে৷ মই তালিকা লৈ বাট চাই থাকিলো কোন আহে কোন আহে বুলি৷
পিছদিনা ৰাতিপুৱাতে ছাত্ৰ এজন আহি ওলাল৷ নামটো সুধিলো, তাৰপাছত তালিকাখন চালো৷ তালিকাত তেওঁৰ নামটো জিলিকি আছে৷ তেওঁৰ দিবলৈ বাকী আছিল কিছু টকা৷ বেছি নহয়, খুব সম্ভৱ, প্ৰায় বিশ টকামান৷ ছাত্ৰজনৰ নামটোও মনত নাই৷
: তোমাৰ এৰিয়াৰ আছে ৷ সেইখিনি দিলেহে ক্লিয়াৰেন্স পাবা ৷
মই ক'লো৷
অলপ মূৰ খজুৱাই ল'ৰাজনে ক'লে,
: ছাৰ মোৰ লগত ইমান টকা নাই৷ দূৰৰ পৰা আহিছো, ৰিজাল্ট দিয়া বুলি গম পাই৷ মোক ক্লিয়াৰেন্সটো দি দিয়ক৷ মই গুৱাহাটীত থকা মাহীৰ ঘৰৰ পৰা টকাখিনি আনি আবেলি আপোনাক দি যামহি....
দেখাত অতি নিমাখিত ছাত্ৰজনৰ মুখলৈ চাই , অলপ ভাবিলো৷ তাৰপাছত ক'লো,
: ঠিক আছে, দিয়া ফৰ্মখন.. বুলি ক্লিয়াৰেন্সৰ ফৰ্মত চহী কৰি দিলো৷
ধন্যবাদ জনাই ল'ৰাজন গ'লগৈ৷
আবেলি বাট চালো, ল'ৰাজন নাহিল৷
পিছদিনাও নাহিল৷
দিন, মাহ,বছৰ, দশক পাৰ হৈ হ'ল৷ ল'ৰাজন আৰু মোৰ ওচৰলৈ নাহিল৷
এই হোজা প্ৰফেচাৰজনক ভাল ঠগিলে৷

No comments:
Post a Comment