At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Thursday, 4 September 2014

জীৱনৰ সকলোতকৈ লজ্জাজনক দুৰ্ঘটনা

জীৱনৰ সকলোতকৈ লজ্জাজনক দুৰ্ঘটনা..

মাদ্ৰাজৰ পৰা আহিয়েই ১৯৮৯ত  স্কুটাৰ এখন কিনিলো৷ শ্ৰীমতীয়ে টকা অলপ জমা কৰি থৈছিল৷ বাৰহেজাৰ আৰু কেইটামান টকা দি এদিন পাতল নীলা/সেউজীয়া ৰঙৰ ভেচপা স্কুটাৰখন কিনি আনিলো৷

আগতে বঙাইগাঁওত মটৰ চাইকেল দুদিনমান চলাইছিলো৷ স্কুটাৰখন কিনি গুৱাহাটীৰ দৰে ব্যস্ত নগৰত চলাবলৈ যি সাহস লাগে সেই সাহস  অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ চৌহদতে কেইদিনমান চলাই আহৰণ কৰিব লাগিব বুলি বুজি কলেজত পঢ়ি থকা মোৰ খুৰশালি দুজনৰ আশ্ৰয় ললো৷

শিকা এদিন নে দুদিন হৈছে মাথোন৷ ডাঙৰ খুৰশালি চিন্ময়ক পিছত বহুৱাই মই স্কুটাৰ চলাই লৈ গ'লো তিনি নং ছাত্ৰাবাসৰ পিনে৷ সেইপিনে মানুহ-দুনুহ , যাতায়ত আদি বেছি নাই বাবে৷ গেট পাৰ হৈ অলপ গৈয়েই উভতিলো৷ গেটেৰে আকৌ প্ৰৱেশ কৰি তিনি নং ছাত্ৰাবাসৰ পিনে আগবাঢ়িছো মাত্ৰ তেনেতে সম্মুখৰ পৰা প্ৰচণ্ড শব্দ কৰি আহি গ'ল কলেজ বাছখন৷ মোৰ হাত ভৰি সকলো কঁপিবলৈ ধৰিলে৷ চকুৰে একো নেদেখা হোৱা যেন লাগিল৷ বাওঁফালে পাহাৰ , সোঁফালে বাছখন৷ মাজতে প্ৰায় এফুট/ডেৰফুটমান ঠাই৷ কিবা বিজুতি ঘটিলেই পোনেপোনে বাছৰ চকাৰ তলত৷ মোৰ স্কুটাৰৰ গতি কমক চাৰি চাৰিগুণ বাঢ়িল৷ হয়তো ভয়তে নাৰ্ভাচ হৈ কিবা বুলি কিবা পকাই দিলো৷ স্কুটাৰখন উৰি যোৱাদি পাৰ হৈ গ'ল বাছ আৰু পাহাৰৰ মাজৰ ঠেক ঠাইখিনিৰে৷ পিছপিনে বহি থকা চিন্ময়ে ভয়তে দুয়োভৰি দাঙি দিছে ওপৰলৈ৷ পাৰ হৈ উঠি মই পিছলৈ চাই ক'লো,
"কেনে দেখিলা? "
কোনোমতে উশাহ ঘুৰাই লৈ চিন্ময়ে ক'লে,
"বাপৰে... মই বোলো আজি শেষ.."
মোৰ বুকুখন তেতিয়াও ধপ ধপ কৰি আছিল৷ পোনেপোনে ঘৰলৈ গৈ পানী এগিলাচ খাইহে সম্বিত ঘূৰাই পোৱা যেন লাগিল৷

তেতিয়াৰ পৰা কলেজ বাছখনলৈ ভয় বাঢ়ি গ'ল৷ বাছৰ দ্ৰাইভাৰেতো নাজানে মই স্কুটাৰ চলাবলৈ শিকি আছো বুলি৷ গতিকে গাৰ কাষেৰে জোৰেৰে চলাই লৈ যায় বাছখন ৷ ইফালে মোৰ সমগ্ৰ শৰীৰ কঁপিব ধৰে৷

এদিন মালিগাঁও যাবলৈ সাহস কৰিলো৷ লগত ল'লো আনজন খুৰশালি প্ৰশান্তক৷ ইউনিভাৰচিটিৰ স্টেটবেংকলৈকে মই চলাই নিলো আৰু হাইৱে পোৱাৰ লগে লগে প্ৰশান্তক চলাবলৈ দিলো৷ আহোঁতেও প্ৰশান্তই চলাই লৈ আহিল৷ সুন্দৰবড়ীত মই বোলো দিয়া৷ এতিয়া নিৰাপদ৷ মই চলাওঁ৷

কথামতে কাম৷ প্ৰশান্ত পিছত বহিল৷ মই লাহে লাহে কলেজৰ পিনে আগবাঢ়িলো৷ আয়ুৰ্বেদিক কলেজৰ আগৰ কেঁকুৰিটো পাইছো মাত্ৰ৷ হঠাতে সম্মুখৰ পৰা আহিল নহয় কলেজবাছখন৷ চিধা ৰাস্তা হ'লেও এককথা৷ একেবাৰে কেঁকুৰিটোতে বাছখনৰ মুখামুখি হ'লো৷ সেইখিনিত ৰাস্তাটোও ঠেক৷ মই বাছখনক ঠাই এৰি দি স্কুটাৰখন কাষলৈ নমাই দিলো৷ বাছখন পাৰ হৈ গ'ল৷

বিপদ পাৰ হ'ল বুলি স্বস্তিৰ নিশ্বাস পেলাই মই স্কুটাৰখন বাটৰ কাষৰ পৰা আকৌ ওপৰৰ ৰাস্তালৈ পোনালো৷ কিন্তু ই কি? স্কুটাৰখন আগলৈ, ওপৰলৈ কোনোমতে নাযায়৷ মই এক্সিলাৰেটৰ পকাওঁহে পকাওঁ, স্কুটাৰখনে হোঁ, হোঁ শব্দহে কৰে, আগলৈ নাযায়৷ লাহে লাহে স্কুটাৰখন পিছলৈ যাবলৈ ধৰিলে৷ স্কুটাৰত কোনো বেক গিয়াৰ নাথাকে৷ তথাপি পিছুৱাই গৈ থাকিল আৰু আমি প্ৰয়োজনীয় সাবধানতা অৱলম্বন কৰাৰ আগতেই স্কুটাৰে সৈতে আমি দুয়ো গৈ তলৰ পথাৰত বাগৰি পৰিলো৷ কিন্তু কপাল ভাল ৷ আমি একেবাৰে তলত নপৰিলো৷ জেওৰা এখনৰ ওপৰত অতি আমেজেৰে শুইহে পৰিলো৷ স্কুটাৰখনে তেতিয়াও হোঁ হোঁ কৈ চিঞৰি আছিল৷ তাকে দেখি মানুহবোৰ দৌৰি আহিল৷ আমি একো হোৱা নাই বুলি কৈ উঠিলো৷ স্কুটাৰখন থিয় কৰিলো৷ তাৰপাছত দুৰ্ঘটনাৰ কাৰণ বিচাৰিলো৷ বুজিবলৈ অসুবিধা নহ'ল যে বাছখনক চাইড দি কাষলৈ নামি যাওঁতে মই গিয়াৰ সলনি কৰিছিলো আকৌ ওপৰলৈ উঠিবৰ বাবে৷ কিন্তু ফাৰ্ষ্ট গিয়াৰ নালাগি নিউত্ৰেলতেই থাকি গ'ল৷ সেইবাবেই সেই দুৰ্ঘটনা৷

কিন্তু সকলোতকৈ লাজলগীয়া দুৰ্ঘটনালৈ আৰু কিছুদিন বাকী৷

দিন পাৰ হ'ল৷ মোৰ আত্মবিশ্বাস বাঢ়িল৷ এদিন শহুৰ ঘৰলৈ আহিল৷ মই শহুৰক আদাবাৰীলৈকে আগবঢ়াই থ'বলৈ ওলালো স্কুটাৰখন লৈ৷ শহুৰক পিছত বহুৱাই বীৰদৰ্পে আগবাঢ়িলো স্কুটাৰেৰে৷ ভালেই চলাইছো যেন লাগিল৷ জালুকবাৰী, কাটিয়া দলং আদি অনায়াসে পাৰ হ'লো৷ শৰাইঘাট চাৰ্ভিচ ষ্টেচনটো পাবৰ হ'ল৷ সেই সময়ত ৰাস্তাৰ নিৰ্মাণকাৰ্য চলি আছিল৷ ৰাস্তাৰ মাজৰ দিভাইদাৰ বনোৱাৰ কামো চলি আছিল৷ দিভাইদাৰৰ ঠাইখিনি অলপ দকৈ খান্দি সেইখিনি সৰু সৰু শিলেৰে পূৰ কৰি থোৱা আছিল৷ মূল ৰাস্তাৰ সৈতে একে লেভেল কৰি থোৱা আছিল বাবে ঘপককৈ চকুত নপৰে৷

শৰাইঘাট চাৰ্ভিচ ষ্টেচন পাবৰ হ'লত মনত পৰিল স্কুটাৰত তেল কম আছে৷ গতিকে তেল ল'বলৈ বুলি সোঁপিনে দিলো পোনাই৷ আগচকাটো দিভাইদাৰ বনাবলৈ পাৰি থোৱা শিলবোৰৰ ওপৰ পাইছে মাত্ৰ৷ তেনেতে সিপাৰৰ পৰা গাড়ী নে স্কুটাৰ এখন আহি থকা দেখি হেণ্ডেলপাত ঘূৰাই স্কুটাৰখনৰ দিশ সলনি কৰিব খুজিলো৷ কিন্তু স্কুটাৰখন ঠাইতে বাগৰি পৰিল৷ সৰু সৰু শিলৰ তৰপটোৱে স্থান সলনি কৰা বাবে স্কুটাৰখনে খোপনি হেৰুৱালে৷ তলকিবই নোৱাৰিলো৷ মোৰ লগতে শহুৰো বাগৰি পৰিল৷ বাটৰ কাষত ৰৈ থকা চিটিবাছবোৰত বহি থকা অজস্ৰ মানুহে দেখিলে৷ কথা নাই বতৰা নাই মাজ ৰাস্তাতে স্কুটাৰ এখন নিজে নিজে বাগৰি পৰা দেখি হয়তো সকলো আচৰিত হ'ল৷

কিন্তু মানুহে দেখাতকৈ অধিক লাজ পালো শহুৰক পেলোৱা বাবেহে৷

Wednesday, 3 September 2014

ইতু আমাৰ ভথো....

ইতু আমাৰ ভথো...

দেউতা ঢুকুৱাৰ সময়ত আমি পাঁচোজন ভাই-ককাই অতি সৰু সৰু আছিলো৷ ডাঙৰ দাদা অষ্টম শ্ৰেণীত, মই তৃতীয় শ্ৰেণীত, সৰু ভাইটি স্কুল যোৱাই নাছিল৷ সেইসময়ত আমি আছিলো শ্বিলঙত৷ আমাৰ ডাঙৰ মাহী গৰাকীও আগৰ পৰাই শ্বিলঙত আছিল৷
মৃত্যুৰ আগে আগে হেনো দেউতাই ডাঙৰ মহাক কৈ গৈছিল, " ল'ৰাকেইটাক চাবা" বুলি৷
দেউতাৰ মৃত্যুৰ পাছত আমি বৰপেটালৈ গুচি আহোঁ যদিও  ডাঙৰ মহাই আমাৰ এজন অভিভাৱক যেন হৈ পৰিল৷
দেখিবলৈ চুটি-চাপৰ, নাক-ফেঁচা আৰু অলপ শকত আছিলো বাবে মহাই মোক মাতিছিল "ভথো" বুলি৷

হাইস্কুল শিক্ষান্ত পৰীক্ষাত খুব ভাল ৰিজাল্ট কৰাৰ পাছত প্ৰথম গুৱাহাটীলৈ গৈছো৷ মহাহঁত তেতিয়া গুৱাহাটীত৷ মহাৰ ডাঙৰ ছোৱালীজনীয়েও সেইবাৰ মোৰ লগতে একেলগে মেট্ৰিক পাছ কৰিছে৷ গুৱাহাটীলৈ গ'লে  গান্ধীবস্তিত থকা তেওঁলোকৰ ঘৰতে থাকোঁ৷

সন্ধিয়া হ'ল তেওঁলোকৰ ঘৰ পাওঁতে৷ পৰীক্ষাৰ ৰিজাল্ট ভাল হোৱা বাবে বুকু এহাত ফুলাই গৈছো৷ ঘৰৰ চাঁদত বহি আছিল ঘৰৰ সকলো৷ মইও উৎসাহেৰে ওপৰলৈ উঠি গ'লো৷ মোক দেখি মহাৰ লগতে বহি কথাপাতি থকা সম্বন্ধীয় ভনীয়েক এগৰাকীয়ে অভিনন্দন জনাই ক'লে,
" কংগ্ৰেচুলেশ্বন!"
মই কেৱল তেখেতলৈ চাই মিচিকিয়াই হাঁহি মূৰ দুপিয়ালো৷
মহাই মোলৈ চাই ক'লে,
" ইমান দূৰৰ পৰা বাছত আইছা (আহিছা)৷ ভাগাৰ (ভাগৰ) লাগি আছে৷ যা, তলত যাই (গৈ) মুখ-হাত ধুই লো (ল') ৷"

মই তললৈ নামি আহি মুখ-হাত ধুই ল'লো৷

অলপ পাছত মহা তললৈ নামি আহি পোনে পোনে মোৰ ওচৰলৈ আহি ক'লে,
" বেটা, ভথো ৷ কংগ্ৰেচুলেশ্বন বুলি কলি (ক'লে) থেংক ইউ ব'লি ক'বা লাগে তাকো নাজনা? "

থেংক ইউ বুলি কোৱা অভ্যাসেই নাছিল আমাৰ৷ গতিকে মহাৰ ভনীয়েকে মোক কংগ্ৰেচুলেশ্বন জনাওঁতে মই একো নোকোৱাত মহাই লাজ পাই মোক তললৈ পঠিয়াই দিছিল আৰু  তললৈ আহি মোক কথাটো শিকাই দিছিল৷

মহাহঁতৰ ঘৰতে দুদিনমান থাকিলো৷ এদিন ডাঙৰ ছোৱালীজনীৰ লগৰে এজাক ছোৱালী আহিল তেওঁলোকৰ ঘৰলৈ৷ কাৰ পৰীক্ষাৰ ৰিজাল্ট কেনেকুৱা হ'ল, কোনে ক'ত কিহত এডমিশ্বন ল'লে, ইত্যাদি নানা ধৰণৰ কথা-বতৰা চলি আছে দ্ৰইংৰুমত  ছোৱালীবোৰৰ মাজত৷ মই কাষৰ ৰুমতে বহি আছিলো৷ স্বভাৱতেই অলপ লাজকুৰীয়া মই৷ এনেতে ক'ৰবাৰ পৰা মহা আহি মোক দেখি হাতত ধৰি টানি লৈ গ'ল দ্ৰইং ৰুমলৈ৷ গোটেই ছোৱালীজাকে আমালৈ চালে৷
ছোৱালীবোৰৰ আগত মহাই মোক চিনাকি কৰি দিলে এনেদৰে,

" ইতু আমাৰ ভথো...."

সকলো অবাক৷ মইও অবাক৷
কিনো কৰিম, কি ক'ম একো ধৰিব নোৱাৰি মই ছোৱালীজাকৰ পিনে চাই নমস্কাৰ দি ক'লো,
" নমস্কাৰ!!!!"

কাৰো চকুলৈ চাবলৈ সাহস নহ'ল৷ কোনোবাই ফিচিঙা-ফিচিং কৰিছিল যদিও চকুত নপৰিল৷

কালৰ সোঁতত ভথো নামটোও মহাৰ লগতে গুচি গ'লগৈ৷ 

Tuesday, 2 September 2014

গৰুৰ লাজ

গৰুৰ লাজ...

অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছয় নং ছাত্ৰাবাসত আমাৰ বাৰ্ষিকৰ আমি এঘাৰজন অসমীয়া ল'ৰা ভৰ্তি হৈছিলো৷ পিছলৈ দুজনমান বেলেগ ছাত্ৰাবাসলৈ যায়গৈ৷ সংখ্যাত কম হোৱা বাবে আমি আটাইকেইজনে সদায় একেলগেই ঘূৰি ফুৰিছিলো৷ বিশেষকৈ ষ্টাডি লিভৰ সময়ত ৰাতিপুৱা চাহখাবলৈ যাওঁতে৷

ষ্টাডিলিভ আমাৰ সময়ত অতি বিখ্যাত বস্তু আছিল৷ বছৰটোত প্ৰায় পাঁচ/ছমাহমান ভালদৰে পাঠদান হয়৷ পৰীক্ষা চলে প্ৰায় দুমান৷ পৰীক্ষাৰ আগতে কমেও এমাহমান স্টাডিলিভ হয়৷ পৰীক্ষাৰ পাছত প্ৰায় দুমাহমান যায় পুনৰ ভালদৰে পাঠদান আৰম্ভ হোৱালৈকে৷তাতে আকৌ পৰীক্ষা পিছুউৱা কামটোতো আছেই৷

আমি চূড়ান্ত বাৰ্ষিকত থাকোঁতে আমাৰ পাঠদান জুলাই মাহতে শেষ হৈছিল কিন্তু পৰীক্ষা হৈছিল জানুৱাৰী মাহত৷ গতিকে আমি পঢ়িবৰ বাবে ছমাহ সময় পাইছিলো৷ ষ্টাডিলিভ হিচাবে৷ কিন্তু পঢ়া-শুনানো কোনে কৰে ইমান দিন আগৰ পৰা? ৰাতিপুৱা (?) উঠিয়েই মুখ-হাত ধুই তলৰ কোনো এটা কোঁঠাত নহ'লে বেলকনিত এজন এজনকৈ গোট খায়৷ আৰম্ভ হয় আড্ডা৷ তাৰপাছত সকলোটি লগ হৈ ওলাই যাওঁ সুন্দৰবড়ী/আয়ুৰ্বেদিক কলেজৰ পিনে চাহ খাবলৈ৷

এদিন তেনেদৰে সকলোটি গৈ আছো, খুব সম্ভৱ ৰাণা, ৰাজীৱ, অজয়, হীৰেণ, দীপক, দ্বীপেন, অলকেশ, সিদ্ধাৰ্থ, উৎপল আৰু মই৷ ৰাতিপুৱা বৰষুণ দিছিল৷ ৰাস্তা-ঘাট তিতি আছিল৷ অলপ পিচলো হৈ আছিল৷ কথাপাতি গৈ গৈ আমি সাত নং হোষ্টেল পাৰ হৈ কলেজৰ মূল গেটখন পাৰ হ'লো৷তেতিয়া আয়ুৰ্বেদিক কলেজৰ আগৰ দোকানবোৰ নাছিল৷ আমাৰ আগে আগে এজাক গৰুও গৈ আছিল৷ বিভিন্ন বয়সৰ গৰু৷ পোৱালীৰ পৰা বুঢ়ালৈকে ৷ সকলোবোৰ গৰু  গহীন ভাবে গৈ আছিল, কিন্তু দমৰা এটাই পিছ ঠেং দুখন একেলগে পিছলৈ ওপৰলৈ মাৰি মাৰি কিবা আচৰিত ধৰণে জপিয়াই জপিয়াই গৈ আছিল৷হয়তো কিবা কথাত তাৰ স্ফূৰ্তি লাগি আছিল৷  কথাটো আমি গুৰুত্ব দিয়া নাছিলো কিন্তু সকলো কথা অতি সূক্ষ্মভাবে লক্ষ্য কৰা আৰু অতি ৰসিক ৰাজীৱে সেই দমৰাটোলৈ চাই মন্তব্য কৰিলে,

" চোৱাচোন এই দমৰাটোক৷ ই চাল মাৰি মাৰি গৈ আছে৷"

" এৰা, ডেকা হৈছেতো.." স্বভাৱসুলভ দুষ্টালিৰে আন এজনে মন্তব্য কৰিলে৷

কিন্তু আমি দমৰাটোৰ বিষয়ে তেনেদৰে আলোচনা কৰি থাকোঁতেই কিনো হ'ল ক'ব নোৱাৰো, দমৰাটো কিবা বিজুতি ঘটি পিচল খাই ৰাস্তাতে ধেপেচকৈ পৰিল৷ চাৰিওখন ঠেং এফালে দি পেটটো ৰাস্তাত পেলাই একাষৰীয়াকৈ পৰিল৷
তাকে দেখি আমি সকলোৱে একেলগে  হা হা হা কৈ অট্টহাস্য কৰিলো৷

"বেছি চাল দিছিলি নহয়, কেনে মজা.." বুলি কোনোবা এজনে মন্তব্য কৰিলে৷

বেচেৰা দমৰাটো পৰাৰ পৰা উঠিল থিয় হ'ল৷তাৰ জাপ কেনিবা গ'ল৷ সি একেবাৰে তললৈ মূৰ কৰি কইনাখোজেৰে আগবাঢ়িবলৈ ধৰিলে৷

আমি সকলোৱে তাকেই লক্ষ্য কৰি থাকিলো৷ গোটেই ঘটনাটোত বেচ ৰস পালো৷ এজনে ক'লে,
" ই তামাম লাজ পালে৷ এতিয়া তলমূৰ কৰি গৈছে চা.."

গৰুৰো লাজ আছে বুলি সেইদিনাহে গম পালো৷


Monday, 1 September 2014

উচ্চাৰণ বৈচিত্ৰ্য, বৈশিষ্ট্য , বিভ্ৰাট আদি

উচ্চাৰণ  বৈচিত্ৰ্য, বৈশিষ্ট্য ,  বিভ্ৰাট আদি

অসমীয়া ভাষাৰ এটা প্ৰধান বিশেষত্ব হৈছে  উচ্চাৰণ ৷ লিখোঁতে যেনেদৰে লিখা হয় তেনেদৰে উচ্চাৰণ কৰা নহয় বহু ক্ষেত্ৰত৷  স, ষ, শ  নাইবা  দন্ত্য আৰু মুদ্ধৰ্ণ্য ৰ উচ্চাৰণত কোনো প্ৰভেদ আমি নাৰাখোঁ বুলি ক'ব পাৰি ৷  ই ভাষাটোৰ বৈশিষ্ট্য ৷ সেইবাবেই অসমীয়া মানুহে আন ভাষা কওঁতে , সমস্যাৰ সম্মুখীন হ'ব লগা হয় চ, ছ, স, ষ, শ আদি ধ্বনিবোৰৰ ক্ষেত্ৰত৷ বিশেষকৈ হিন্দী বা ইংৰাজী কওঁতে অসমীয়া মানুহক অতি সহজে চিনি পোৱা যায় এই ধ্বনিবোৰৰ জৰিয়তে৷ আকৌ দক্ষিণ ভাৰতীয়সকলেতো ই, ঈ, উ, ঊ আদিৰ মাজতো অতি সূক্ষ্ম পাৰ্থক্য মানি উচ্চাৰণ কৰে৷ অসমীয়া এজনে দীপিকা বুলি ক'লে আচলতে দিপিকা বুলিহে উচ্চাৰণ কৰে৷ মালায়ালী এজনে কিন্তু দী---পিকা বুলি অতি শুদ্ধকৈ উচ্চাৰণ কৰিব , নহলে যেন কোনোবাই ফাঁচীকাঠতহে তুলিব৷

অসমীয়া মানুহেহে হিন্দী কওঁতে চ, স, শ আদিৰ উচ্চাৰণত খেলিমেলি লগাই বিভ্ৰান্তিৰ সৃষ্টি কৰে বুলি ইমান দিনে ভাবি আছিলো৷ কিন্তু অলপতে ৰাজস্থানৰ উদয়পুৰত লগ পোৱা এগৰাকী অধ্যাপকৰ লগত কথা পাতি মোৰ সেই ধাৰণা সলনি হ'ল৷ অধ্যাপকজন দিল্লীৰ৷ উদয়পুৰৰ বিখ্যাত বিশ্ববিদ্যালয় এখনত অধ্যাপনা কৰিবলৈ আহিছিল ভালেমান দিন আগতে৷ তেখেতক প্ৰথম দিনাই পিয়নজনে সুধিলে,
" আপকে লিয়ে ক্যা লাওঁ?  সায় ? ছমোছা "  (আচলতে উচ্চাৰণ মতে হ'ব লাগে চায়, সমোসা)
অধ্যাপকজনে একো বুজি নাপাই মুখ মেলি বহি থাকিল৷ তাকে দেখি স্থানীয় সহকৰ্মী এজনে কথাটো বুজাই দিলে  চাহ আৰু চিংৰাৰ কথা সোধা হৈছে বুলি৷

উদয়পুৰৰ ওচৰৰ এটা অঞ্চলৰ মানুহে  'চ' ৰ লগতে "স" উচ্চাৰণো কৰে ৷ সেইবাবেই চ আৰু স উচ্চাৰণক লৈ খেলিমেলি৷ কথাটো জানিব পাৰি অতিশয় আচৰিত হ'লো৷ ইমানদিনে "স" উচ্চাৰণটো একমাত্ৰ অসমীয়াৰ বাপতি সাহোন বুলিহে ভাবি আহিছিলো৷ ৰাজস্থানৰ সেই মানুহখিনিৰ লগত অসমৰ মানুহৰ কোনো সময়ত কিবা ধৰণৰ সংযোগ আছিল নেকি জানিবৰ মন যায়৷