গৰুৰ লাজ...
অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছয় নং ছাত্ৰাবাসত আমাৰ বাৰ্ষিকৰ আমি এঘাৰজন অসমীয়া ল'ৰা ভৰ্তি হৈছিলো৷ পিছলৈ দুজনমান বেলেগ ছাত্ৰাবাসলৈ যায়গৈ৷ সংখ্যাত কম হোৱা বাবে আমি আটাইকেইজনে সদায় একেলগেই ঘূৰি ফুৰিছিলো৷ বিশেষকৈ ষ্টাডি লিভৰ সময়ত ৰাতিপুৱা চাহখাবলৈ যাওঁতে৷
ষ্টাডিলিভ আমাৰ সময়ত অতি বিখ্যাত বস্তু আছিল৷ বছৰটোত প্ৰায় পাঁচ/ছমাহমান ভালদৰে পাঠদান হয়৷ পৰীক্ষা চলে প্ৰায় দুমান৷ পৰীক্ষাৰ আগতে কমেও এমাহমান স্টাডিলিভ হয়৷ পৰীক্ষাৰ পাছত প্ৰায় দুমাহমান যায় পুনৰ ভালদৰে পাঠদান আৰম্ভ হোৱালৈকে৷তাতে আকৌ পৰীক্ষা পিছুউৱা কামটোতো আছেই৷
আমি চূড়ান্ত বাৰ্ষিকত থাকোঁতে আমাৰ পাঠদান জুলাই মাহতে শেষ হৈছিল কিন্তু পৰীক্ষা হৈছিল জানুৱাৰী মাহত৷ গতিকে আমি পঢ়িবৰ বাবে ছমাহ সময় পাইছিলো৷ ষ্টাডিলিভ হিচাবে৷ কিন্তু পঢ়া-শুনানো কোনে কৰে ইমান দিন আগৰ পৰা? ৰাতিপুৱা (?) উঠিয়েই মুখ-হাত ধুই তলৰ কোনো এটা কোঁঠাত নহ'লে বেলকনিত এজন এজনকৈ গোট খায়৷ আৰম্ভ হয় আড্ডা৷ তাৰপাছত সকলোটি লগ হৈ ওলাই যাওঁ সুন্দৰবড়ী/আয়ুৰ্বেদিক কলেজৰ পিনে চাহ খাবলৈ৷
এদিন তেনেদৰে সকলোটি গৈ আছো, খুব সম্ভৱ ৰাণা, ৰাজীৱ, অজয়, হীৰেণ, দীপক, দ্বীপেন, অলকেশ, সিদ্ধাৰ্থ, উৎপল আৰু মই৷ ৰাতিপুৱা বৰষুণ দিছিল৷ ৰাস্তা-ঘাট তিতি আছিল৷ অলপ পিচলো হৈ আছিল৷ কথাপাতি গৈ গৈ আমি সাত নং হোষ্টেল পাৰ হৈ কলেজৰ মূল গেটখন পাৰ হ'লো৷তেতিয়া আয়ুৰ্বেদিক কলেজৰ আগৰ দোকানবোৰ নাছিল৷ আমাৰ আগে আগে এজাক গৰুও গৈ আছিল৷ বিভিন্ন বয়সৰ গৰু৷ পোৱালীৰ পৰা বুঢ়ালৈকে ৷ সকলোবোৰ গৰু গহীন ভাবে গৈ আছিল, কিন্তু দমৰা এটাই পিছ ঠেং দুখন একেলগে পিছলৈ ওপৰলৈ মাৰি মাৰি কিবা আচৰিত ধৰণে জপিয়াই জপিয়াই গৈ আছিল৷হয়তো কিবা কথাত তাৰ স্ফূৰ্তি লাগি আছিল৷ কথাটো আমি গুৰুত্ব দিয়া নাছিলো কিন্তু সকলো কথা অতি সূক্ষ্মভাবে লক্ষ্য কৰা আৰু অতি ৰসিক ৰাজীৱে সেই দমৰাটোলৈ চাই মন্তব্য কৰিলে,
" চোৱাচোন এই দমৰাটোক৷ ই চাল মাৰি মাৰি গৈ আছে৷"
" এৰা, ডেকা হৈছেতো.." স্বভাৱসুলভ দুষ্টালিৰে আন এজনে মন্তব্য কৰিলে৷
কিন্তু আমি দমৰাটোৰ বিষয়ে তেনেদৰে আলোচনা কৰি থাকোঁতেই কিনো হ'ল ক'ব নোৱাৰো, দমৰাটো কিবা বিজুতি ঘটি পিচল খাই ৰাস্তাতে ধেপেচকৈ পৰিল৷ চাৰিওখন ঠেং এফালে দি পেটটো ৰাস্তাত পেলাই একাষৰীয়াকৈ পৰিল৷
তাকে দেখি আমি সকলোৱে একেলগে হা হা হা কৈ অট্টহাস্য কৰিলো৷
"বেছি চাল দিছিলি নহয়, কেনে মজা.." বুলি কোনোবা এজনে মন্তব্য কৰিলে৷
বেচেৰা দমৰাটো পৰাৰ পৰা উঠিল থিয় হ'ল৷তাৰ জাপ কেনিবা গ'ল৷ সি একেবাৰে তললৈ মূৰ কৰি কইনাখোজেৰে আগবাঢ়িবলৈ ধৰিলে৷
আমি সকলোৱে তাকেই লক্ষ্য কৰি থাকিলো৷ গোটেই ঘটনাটোত বেচ ৰস পালো৷ এজনে ক'লে,
" ই তামাম লাজ পালে৷ এতিয়া তলমূৰ কৰি গৈছে চা.."
গৰুৰো লাজ আছে বুলি সেইদিনাহে গম পালো৷

No comments:
Post a Comment