উচ্চাৰণ বৈচিত্ৰ্য, বৈশিষ্ট্য , বিভ্ৰাট আদি
অসমীয়া ভাষাৰ এটা প্ৰধান বিশেষত্ব হৈছে উচ্চাৰণ ৷ লিখোঁতে যেনেদৰে লিখা হয় তেনেদৰে উচ্চাৰণ কৰা নহয় বহু ক্ষেত্ৰত৷ স, ষ, শ নাইবা দন্ত্য আৰু মুদ্ধৰ্ণ্য ৰ উচ্চাৰণত কোনো প্ৰভেদ আমি নাৰাখোঁ বুলি ক'ব পাৰি ৷ ই ভাষাটোৰ বৈশিষ্ট্য ৷ সেইবাবেই অসমীয়া মানুহে আন ভাষা কওঁতে , সমস্যাৰ সম্মুখীন হ'ব লগা হয় চ, ছ, স, ষ, শ আদি ধ্বনিবোৰৰ ক্ষেত্ৰত৷ বিশেষকৈ হিন্দী বা ইংৰাজী কওঁতে অসমীয়া মানুহক অতি সহজে চিনি পোৱা যায় এই ধ্বনিবোৰৰ জৰিয়তে৷ আকৌ দক্ষিণ ভাৰতীয়সকলেতো ই, ঈ, উ, ঊ আদিৰ মাজতো অতি সূক্ষ্ম পাৰ্থক্য মানি উচ্চাৰণ কৰে৷ অসমীয়া এজনে দীপিকা বুলি ক'লে আচলতে দিপিকা বুলিহে উচ্চাৰণ কৰে৷ মালায়ালী এজনে কিন্তু দী---পিকা বুলি অতি শুদ্ধকৈ উচ্চাৰণ কৰিব , নহলে যেন কোনোবাই ফাঁচীকাঠতহে তুলিব৷
অসমীয়া মানুহেহে হিন্দী কওঁতে চ, স, শ আদিৰ উচ্চাৰণত খেলিমেলি লগাই বিভ্ৰান্তিৰ সৃষ্টি কৰে বুলি ইমান দিনে ভাবি আছিলো৷ কিন্তু অলপতে ৰাজস্থানৰ উদয়পুৰত লগ পোৱা এগৰাকী অধ্যাপকৰ লগত কথা পাতি মোৰ সেই ধাৰণা সলনি হ'ল৷ অধ্যাপকজন দিল্লীৰ৷ উদয়পুৰৰ বিখ্যাত বিশ্ববিদ্যালয় এখনত অধ্যাপনা কৰিবলৈ আহিছিল ভালেমান দিন আগতে৷ তেখেতক প্ৰথম দিনাই পিয়নজনে সুধিলে,
" আপকে লিয়ে ক্যা লাওঁ? সায় ? ছমোছা " (আচলতে উচ্চাৰণ মতে হ'ব লাগে চায়, সমোসা)
অধ্যাপকজনে একো বুজি নাপাই মুখ মেলি বহি থাকিল৷ তাকে দেখি স্থানীয় সহকৰ্মী এজনে কথাটো বুজাই দিলে চাহ আৰু চিংৰাৰ কথা সোধা হৈছে বুলি৷
উদয়পুৰৰ ওচৰৰ এটা অঞ্চলৰ মানুহে 'চ' ৰ লগতে "স" উচ্চাৰণো কৰে ৷ সেইবাবেই চ আৰু স উচ্চাৰণক লৈ খেলিমেলি৷ কথাটো জানিব পাৰি অতিশয় আচৰিত হ'লো৷ ইমানদিনে "স" উচ্চাৰণটো একমাত্ৰ অসমীয়াৰ বাপতি সাহোন বুলিহে ভাবি আহিছিলো৷ ৰাজস্থানৰ সেই মানুহখিনিৰ লগত অসমৰ মানুহৰ কোনো সময়ত কিবা ধৰণৰ সংযোগ আছিল নেকি জানিবৰ মন যায়৷

No comments:
Post a Comment