ডিচেম্বৰ মাহৰ কোনো এক ৰাতিপুৱা৷ তেতিয়া মই অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত শিক্ষকতা কৰি আছো৷
বৰপেটাৰ পৰা বেচৰকাৰী বাচ এখনেৰে গুৱাহাটীলে গৈ আছিলো৷ সন্মুখৰ দুৱাৰমুখৰ চীটটোতে বহি আহিছিলো৷ জাৰকালিৰ ৰাতিপুৱাৰ চেঁচা বতাহৰ পৰা হাত সাৰিবলৈ খিৰিকীখন জপাই লৈ আয়নাৰে বাহিৰলৈ চাই গৈছিলো৷ বেচ ভালেই লাগিছিল পৰিবেশটো৷
মুকালমুৱা পাৰহৈ বাচখন কিছুদুৰ আগবাঢ়ি গৈ কোনো এখন সৰু ঠাইত ৰৈ গ'ল৷ দুজনমান ডেকা বাচখনৰ পিনে আগবাঢ়ি আহিল৷ এজনে মোলৈ চাই তলৰ পৰাই ক'লে৷
" খিৰিকীখন নমাই দিয়ক৷ ইয়াত ধৰি ওলমি যাব লাগে৷"
" খিৰিকীখন নমাই দিয়ক৷ ইয়াত ধৰি ওলমি যাব লাগে৷"
মই লাহেকৈ ক'লো, " দুৱাৰমুখত ওলমি যাব নালাগে৷ ভিতৰত ঠাই আছে৷ উঠি আহক৷"
ডেকাজনে ক্ষন্তেক মোৰ ফালে চালে৷ যেন মই তেওঁক অপমানহে কৰিলো, এনে ভাবেৰে৷
হঠাতে প্ৰচন্ড ঘোঁচা এটা মাৰি খিৰিকীৰ গ্লাচখন ভাঙি দিলে৷ তলকিবই নোৱাৰিলো৷ তাৰপাছত ভঙা গ্লাচখনৰ মাজেৰে এখন হাত ভিতৰলৈ ভৰাই দি বাচখনৰ বেৰত ধৰি ওলমি দিলে৷ মই অবাক হৈ ৰলো৷
মোৰ ফালে বীৰৰ ভাবেৰে চাই ডেকাজনে ক'লে, "এতিয়া ঠান্ডা বতাহ খাই খাই যাওক৷"
তলত থিয় হৈ থকা ডেকাকিছুমানেও মোৰ ফালে আঙুলি টোৱাই কিবাকিবি কৈ আছিল৷ বাছৰ ভিতৰৰ বাকী মানুহবোৰে নিমাত হৈ চাই আছিল৷ এগৰাকী বৃদ্ধাই মাত্ৰ মাত লগোৱা কাণত পৰিল,
"এখেতেতো ভাল কথাই কৈছিল৷"

জীৱনত প্ৰথমবাৰৰ বাবে তেনেকুৱা এটা অস্বস্তিকৰ পৰিবেশৰ সন্মুখীন হ'লো৷ এজন অসমীয়া চফল ডেকাক ভাল উপদেশ এটা দিবলৈ গৈ৷
মই মনে মনে থকাই উচিত দেখিলো৷
মই মনে মনে থকাই উচিত দেখিলো৷
বাচখন চলিবলৈ ধৰিলে৷ প্ৰায় দহ মিনিটমান গৈ হাজো পোৱাৰ আগে আগে বাচখন ৰ'ল৷ বীৰত্ব দেখুউৱা ল'ৰা কেইজনো নামি গ'ল৷ তাতে মোৰ কলেজত কাম কৰা দ্ৰাইভাৰ এজন উঠি আহিল৷
মোক দেখি তেওঁ মাত লগালে, "চাৰ , ক'ৰ পৰা আহিল?"
মইও উত্তৰ দি অলপ সহজ হবলৈ চেষ্টা চলালো৷
কোনোবা এজনে দ্ৰাইভাৰজনক কাণত ফুচফুচাই কিবা ক'লে৷ বুজিলো, অলপ আগতে মোৰ স'তে ঘটি যোৱা ঘটনাটোৰ বিষয়েই কৈছে৷ অলপ থমকি ৰৈ দ্ৰাইভাৰজনে আক্ষেপৰ সুৰত ক'লে, "ছাৰ , আজিকালিৰ ল'ৰা বিলাকৰ কথা কি ক'ব? উপায় নাই৷" মই মিচিকিয়া হাঁহি এটা মাৰি মূৰ দুপিয়ালো৷
অসমৰ নতুন প্ৰজন্মৰ সোণৰ অসমৰ সোৱাদ এনেকুৱাই৷ মনতে ভাবিলো৷
ব্লগটো ভাল হৈছে। পঢ়ি চাইছোঁ। লিখি থাকিব বুলি আশা ৰাখিলোঁ।
ReplyDeleteঅশেষ ধন্যবাদ৷ উৎসাহ পালো৷
ReplyDeleteলিখনিটো পঢ়ি ভালো লাগিল বেয়া ও লাগিল। ভাল লাগিল আপোনাৰ ব্যৱহাৰ তথা সহিষ্ণুতা খিনিক, আনফালে বেয়া লাগিল আজিৰ প্ৰজন্মৰ চৰিত্ৰৰ নৈতিক স্খলনক দেখি, কি ভাবে আজি সিহঁত আজি ধ্বংসৰ মুখলৈ গতি কৰিছে!
ReplyDeleteলিখনিবোৰৰ ভিতৰলৈ সোমাই গৈ বেছ ভাল লাগিল| অনুসন্ধিত্সু মনটোৱে ব্ল’গৰ কিবা এটা জনাৰ আশা লৈ পঢ়িলো যদিও অভিজ্ঞতাৰ পৰা লিখা কথাখিনি সঁচাই চিন্তনীয়| পঢ়ি ভাল পালো আৰু পিচলৈ ব্ল’গৰ বিষয়ে কিছু সমল পঢ়িবলৈ পাম নিচ্ছয়|
ReplyDeleteধন্যবাদ.. আগলৈকো পঢ়ি মন্তব্য দি থাকিলে ভাল লাগিব..
ReplyDeleteসুন্দৰ হৈছে.....
ReplyDeleteব্লগটো পঢ়ি ভাল লাগিল...
ReplyDelete