মন
শান্ত ৰখাৰ উপায়..
মানুহৰ মনটো অতি সহজে অশান্ত হয়৷ ইয়াক নিয়ন্ত্ৰণত ৰখাটো বৰ
টান৷ মন শান্ত ৰখাৰ কিছুমান ব্যৱহাৰিক উপায় হৈছে..
আপোনাক নোসোধালৈকে কোনো কামত হস্তক্ষেপ নকৰিব৷ নপতা ফুকন কোনেও
ভাল নাপায়৷
যিমান গিলিব পাৰে সিমানহে মুখত ভৰাওক৷ অৰ্থাৎ নিজৰ সামৰ্থ অনুসাৰেহে কাম হাতত লওক৷
যিমান গিলিব পাৰে সিমানহে মুখত ভৰাওক৷ অৰ্থাৎ নিজৰ সামৰ্থ অনুসাৰেহে কাম হাতত লওক৷
ক্ষমা কৰিবলৈ আৰু কিছুমান কথা পাহৰিবলৈ শিকক৷
যশস্যা লাভ কৰাৰ লালসা নাৰাখিব৷ আনৰ সাফল্য দেখি ঈৰ্ষা নকৰিব৷
পৰিস্থিতিৰ সৈতে খাপ খাবলৈ শিকক, যি সলনি নহয় বা কৰিব নোৱাৰি
তাক সহ্য কৰিবলৈ শিকক৷
কাম পিছুৱাই নাৰাখিব আৰু এনে কাম নকৰিব যাৰ বাবে পিছত অনুতাপ
হয়৷
মগজু খালী কৰি নাৰাখিব৷ ভাল চিন্তাৰে মগজু পৰিপুৰ্ণ কৰি ৰাখক৷
কিন্তু সকলোতকৈ প্ৰয়োজনীয় কথাটো হৈছে ,
ঈশ্বৰৰ সৈতে আপোনাৰ সম্বন্ধ ঠিক কৰি ৰাখক৷
যিসকল লোকে নিয়মিত ভাবে ঈশ্বৰৰ বাক্য পঢ়া আৰু ধ্যান কৰাত মন
দিয়ে,
ঈশ্বৰৰ লগত নিবিড় সম্বন্ধ বজাই ৰাখে,
তেনেলোকৰ মন শান্ত থাকে৷
প্ৰতিকূল পৰিস্থিতিটো তেনেলোকে মনৰ শান্তি নেহেৰুৱায় কাৰণ লগত
ঈশ্বৰৰ সহায় থকা বুলি জানে৷
No comments:
Post a Comment