কোন বা আছিল
সেই মানুহঘৰ?
আমি অসম অভিযান্ত্ৰিক
মহাবিদ্যালয়ৰ চতুৰ্থ নে পঞ্চম বাৰ্ষিকত পঢ়ি আছিলো তেতিয়া৷ ব্ৰহ্মপুত্ৰৰ ওপৰৰ দ্বিতীয়খন
দলং অৰ্থাৎ কলীয়া ভোমোৰা দলঙৰ নিৰ্মাণ কাৰ্য তেতিয়া চলি আছিল৷ আমাৰ কলেজৰ চিভিল ইঞ্জিনিয়াৰিঙৰ
ছাত্ৰসকলে শিক্ষামূলক ভ্ৰমণ হিচাবে সেই নিৰ্মাণকাৰ্য চাবলৈ গৈছিল৷ তেজপুৰৰ পৰা বাছেৰে
উভতি আহি থাকোঁতে এজনৰ পেটৰ কমোৰণি আৰম্ভ হ’ল৷ কোনোমতে দাঁত-মুখ কামুৰি চীটত বহি থাকিল
আৰু গুৱাহাটী পালেই কামফেৰা সমাধা কৰিম বুলি ভাবি থাকিল৷ কিন্তু লাহে-লাহে অৱস্থা বেয়া
হৈ আহিবলৈ ধৰিলে৷ লাজো লাগিল লগৰীয়াবোৰৰ আগত কথাটো কৈ বাছখন ৰখাই দিন-দুপৰতে পথাৰত
বহিবলৈ৷
বাছখন আহি
মঙ্গলদৈ পাবৰ হ’ল৷ মঙ্গলদৈত কিবা কাৰণত বাছখন বজাৰৰ ওচৰৰ এঠাইত অলপ সময় ৰখাই আকৌ পিছুৱাই
আহি বাছখন ঘূৰায়৷ গতিকে পাঁচমিনিটমান সময় পোৱা যাব বুলি তেওঁ বুজিলে আৰু সাজু হৈ থাকিল৷
“ভন্টি ,
তোমালোকৰ পায়খানা ক’ত?”
ছোৱালীজনীয়ে
হাতেৰে আঙুলিয়াই দেখুৱালে৷ ল’ৰাজন তীব্ৰবেগে সেইফালে ঢাপলি মেলিলে৷ তাৰপাছত একমিনিটৰ
ভিতৰতে পেট খালী কৰি চেনিটেৰী পায়খানাৰ পেন ভৰাই দিলে৷ ভিতৰ সোমাওঁতে লগত পানী লৈ যাবলৈ
পাহৰিলে৷ ভিতৰত থকা সৰু মগ এটাত থকা অকণমান পানীৰে নিজৰ শৰীৰৰ সেই অংশ অলপ পখালি হাতখন
কোনোমতে ধুই পুনৰ ৰাস্তালৈ দৌৰ দিলে৷ ইতিমধ্যে বাছখন ঘূৰোৱা হৈছিল৷ ল’ৰাজন গৈ চীটত
বহিল যেন একোৱেই হোৱা নাই, এনে ভাবেৰে৷ বাছখন গুৱাহাটী অভিমুখে ৰাওনা হ’ল৷ সকলো কাম
প্ৰায় দুই-তিনি মিনিটৰ ভিতৰতে যুদ্ধকালীন ক্ষিপ্ৰতাৰে সম্পন্ন হৈ গ’ল৷
ল’ৰাজনৰ সেই
কাহিনী শুনি আমি হোষ্টেলত বাগৰি বাগৰি হাঁহিলো৷ বেয়া লাগিল সেই মানুহঘৰৰ কথা ভাবিহে৷
ক’ৰ অচিনাকী ল’ৰা এজন আহি পায়খানাটো লেতেৰা কৰি থৈ গ’ল বুলি কিজানি এতিয়াও শাওপাত দি
থাকে৷
No comments:
Post a Comment