মাত্ৰ দহ টকা?
১৯৭৬ চন৷ গুৱাহাটীত কংগ্ৰেছ অধিবেশন বহিছে৷ গুৱাহাটী
নগৰখন নতুন ৰূপত সজোৱা হৈছে৷ খানাপাৰাৰ পশুচিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত অধিবেশন
বহিছে৷ লগতে চলিছে বিভিন্ন ধৰণৰ প্ৰদৰ্শনী৷ অসম বিজ্ঞান সমিতিৰ সৌজন্যত তাতে বিৰলা
বিজ্ঞান যাদুঘৰৰো প্ৰদৰ্শনী চলিছে৷
তেতিয়া আমি কটন কলেজত প্ৰাক বিশ্ববিদ্যালয়ৰ বিজ্ঞান
শাখাৰ প্ৰথম বাৰ্ষিকৰ ছাত্ৰ৷ কটন নৱ ছাত্ৰাবাসৰ (এতিয়া নাম সলনি হ’ল হয়তো) কাষতে অসম
বিজ্ঞান সমিতিৰ কাৰ্যালয়টো৷ সেই ছাত্ৰাবাসৰে দুজনমান বন্ধুৱে খবৰ দিলে যে খানাপাৰাৰ
সেই বিৰলা বিজ্ঞান যাদুঘৰৰ প্ৰদৰ্শনীত প্ৰদৰ্শক হিচাবে কাম কৰিবলৈ কটন কলেজৰ পৰা ইচ্ছুক
ছাত্ৰ-ছাত্ৰীসকলক সদায় লৈ যোৱা হয়৷ দিনটো কাম কৰাৰ বাবদ হেনো টকাও পোৱা যায়৷ মইও আগ্ৰহ
দেখুৱালো সেই কামৰ বাবে বন্ধুজনৰ যোগেৰে আৰু লগে লগে মোৰ অনুৰোধ গ্ৰহণ হোৱা বুলিও গম
পালো৷
পিছদিনা ৰাতিপুৱাতে সাজু হৈ ওলালো৷ আমাক কটন কলেজৰ
পৰা বাছেৰে খানাপাৰালৈ লৈ যোৱা হ’ল৷ প্ৰদৰ্শনী ৰাইজৰ বাবে মুকলি কৰি দিয়াৰ আগতে আমাক
বস্তুবোৰ বুজাই দিয়া হ’ল৷ সকলোবোৰ ভালদৰে বুজি নাপালো যদিও বুজাবলৈ সহজ যেন লগা মডেল
দুটামান বাছি ল’লো আনক বুজাবৰ বাবে৷
প্ৰদৰ্শনীৰ দুৱাৰ ৰাইজৰ বাবে খুলি দিয়া হ’ল৷ লাহে
লাহে জন সমাগম বাঢ়ি আহিব ধৰিলে৷ অসমত হয়তো তেনে উচ্চ পৰ্যায়ৰ বিজ্ঞান প্ৰদৰ্শনী ৰাইজে
আগতে দেখা নাছিল৷ প্ৰদৰ্শনীগৃহৰ পৰা প্ৰস্থান কৰা দুৱাৰখনৰ কাষতে আছিল এটা ৰবটৰ মডেল৷
যিকোনো প্ৰশ্ন সুধিলে উত্তৰ দিয়ে৷ তাতেই মানুহৰ ভিৰ সকলোতকৈ বেছি হ’ল৷ অসমলৈ তেতিয়াও
টেলিভিচন অহা নাছিল৷ প্ৰৱেশদ্বাৰৰ কাষতে আছিল ক্ল’জ চাৰ্কিট টিভি এটা৷ তাতো মানুহৰ
জুম৷ কোনো কোনোৱে গান গাই দিলে টিভিত নিজকে চাবলৈ৷
দুপৰীয়াৰ আহাৰ আনি দিয়া হ’ল৷ সুযোগ বুজি খাই ল’লো৷
লাহে-লাহে সন্ধিয়া হৈ আহিল৷ মানুহৰ ভিৰো বাঢ়ি আহিল৷ যিমানে সময় পাৰ হৈ গৈছিল সিমানে
আত্ম-বিশ্বাসো বাঢ়ি গৈছিল আৰু সন্ধিয়ালৈকে নিজকে ডাঙৰ বিজ্ঞানীযেনেই লগা হৈছিল মানুহক
কথাবোৰ বুজাই দিওঁতে৷ বিশেষকৈ মোৰ ভাগত পৰা এটা মডেল আছিল সুসজ্জিত কোঁঠা এটা৷ দুৱাৰমুখত
থিয় হৈ হেল্ল’ বুলি ক’লে নিজে নিজে দুৱাৰৰ পৰ্দা বা আঁৰ কাপোৰ খোল খাই যায় আৰু কোঁঠাৰ
ভিতৰৰ লাইট-ফেন আদি অন হৈ যায়৷ যেন যাদুহে৷ (এতিয়া ভাবিলে যদিও সাধাৰণ কথা যেন লাগে)
আঠমান বজাত প্ৰদৰ্শনী সামৰা হ’ল৷ দিনটো কেনেদৰে পাৰ
হৈ গ’ল গমেই নাপালো৷ আমিও কটন কলেজলৈ উভতি যাবলৈ ৰৈ থকা বাছলৈ যাবলৈ উদ্যত হ’ল৷ চকুত
পৰিল, মানুহ এজন আহি সকলোকে হাতে-হাতে কিবা দি গৈছে৷ মোৰ কাষলৈও আহি হাতত টকা দহটা
গুজি দিলে৷ চকচকীয়া নোট এখন৷ গোটেই দিনটোৰ হাজিৰা৷ নোটখন আলফুলে জাপি লৈ ওপৰ পকেটত
ভৰাই থ’লো৷ এনেহে লাগিল যেন ন’বেল বঁটাহে পালো৷
No comments:
Post a Comment