গেঞ্জীৰ বন্ধন..
কটন কলেজত
একেলগে পঢ়িছিলো যদিও শাখা বেলেগ আছিল, হোষ্টেলো বেলেগ আছিল৷ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত
দুয়ো একেলগে কিছুদিন একেটা ৰুমতে আছিলো৷ বিভাগো আছিল একে, ইলেক্ট্ৰিকেল৷ পাছ কৰাৰ পাছত
একেলগে ডিগবৈৰ অসম অয়লতো প্ৰায় এবছৰমান একেলগে চাকৰি কৰিছিলো ৷ কিন্তু মই অসম অয়ল এৰি
অহাৰ পাছত বহু বছৰ কোনো যোগাযোগ নাছিল৷ মোবাইল, ইন্টাৰনেট আদি বহু পাছতহে আহিল৷
এদিন হঠাতে
গুৱাহাটী বিমান বন্দৰত দেখাদেখি হ’লো৷ তেওঁ গৈ আছে দিল্লীলৈ, মই কলিকতালৈ৷ প্ৰথমে ময়েই
মাত লগালো, “শান্তি নহয়নে?”
অলপ সময় মোৰ
ফালে চাই তেওঁ স্বভাৱসুলভ সৰল হাঁহি মাৰি হাত আগবঢ়াই দিলে, “ এই, মাখন দেখোন৷”
তাৰপাছত আৰম্ভ
হৈ গ’ল শাক খোৱা, ভাত খোৱা বাৰে বিংকৰা কথা৷ ফেচবুক, হোৱাটচআপ আদিৰ যোগেৰে আমি পৰস্পৰক
অধিক সঘনাই লগ পাবলৈ ধৰিলো৷ প্ৰায় দৈনিকভাবে৷ লগতে আন আন সমনীয়াবোৰো সাঙুৰ খাই পৰিলহি৷
চাকৰিৰ খাটিৰত
শান্তি থাকে মুম্বাইত৷ অকলে৷ মই আছোহি গুজৰাটত৷ অকলে৷ মুম্বাইত আন এজন সহপাঠী সুশান্তো
থাকে, সপৰিয়ালে৷ শান্তি আৰু সুশান্তক এবাৰ মুম্বাইত লগ পালোগৈ কিছুসময়ৰ বাবে৷ মই গুৱাহাটীলৈ
গ’লে মুম্বাইৰ পৰাই উৰাজাহাজেৰে যাওঁ৷ শান্তিয়ে কৈ থাকে, মুম্বাইলৈ আহিলে মোৰ তাতে
থাকিবা৷ একো অসুবিধা নাই৷ যাম যাম বুলি ভাবি আছিলো যদিও সময়হে মিলাব পৰা নাছিলো৷
এদিন শান্তিৰ
মেচেজ পালো, “অহা শনিবাৰে আমি চাৰিজন লগ হ’ম, ৰাজৰ্ষি মুম্বাইলৈ আহিছে, সিদ্ধাৰ্থও
মুম্বাইত আছে৷ লগতে সুশান্ত আৰু মই৷ পাৰিলে তুমিও আহা৷ আমি পাঁচজন এইচিয়ান লগ হ’ম৷
ভাল লাগিব৷”
মই থকা ঠাইৰ
পৰা মুম্বাইলৈ প্ৰায় চাৰে তিনি ঘন্টামানৰ বাট৷ অসংখ্য ৰেল চলে৷ উঠি দিলেই হ’ল৷ শনিবাৰে
ৰাতিপুৱা মন বান্ধিলো যাম বুলি৷ কথামতে কাম৷ সৰু বেগ এটাত কাপোৰ এযোৰমান ভৰাই ৰেলৰ
সাধাৰণ শ্ৰেণীৰ ডবা এটাত উঠি দিলো টিকট এটা কাটি৷ কিছু সময় পাছতে বহিবলৈ ভাল চীট এটা
পালো৷ ইতিমধ্যে শান্তিলৈ মেচেজ পঠিয়াইছো৷ শান্তিয়ে ঘৰৰ ঠিকনা দি কেনেকৈ যাব লাগিব জনাই
দিছে৷
আবেলি তিনিমান
বজাত আন্ধেৰীত নামিলো৷ তাৰপাছত মানুহক সুধি ঘাটকোপাৰলৈ যোৱা লোকেল ট্ৰেইনৰ প্লেটফৰ্ম
পালোগৈ৷ হেঁচা-ঠেলাৰ মাজেৰে ট্ৰেইনত উঠিলো৷ উঠিব নুখুজিলেও মানুহে ঠেলিয়েই উঠাই দিয়ে৷
কিছুসময় পাছত ঘাটকোপাৰত নামি পৰিলো৷ ইতিমধ্যে ঘামে সৰ্বশৰীৰ তিয়াই পেলাইছে৷ ষ্টেচনৰ
পৰা ওলায়েই অটো এখনত উঠি পৰিলো৷ তাৰ পৰা শান্তি থকা ঠাইলৈ চল্লিশ টকামান ভাড়া হয় বুলি
শান্তিয়ে কৈছিল৷ নিৰ্দ্দিষ্ট ঠাই পাই নামি সুধিলো, কিমান হ’ল? অটোৱালাই ক’লে একচল্লিশ
টকা৷ ভাল লাগিল৷ নঠগালে যে৷
শান্তি তললৈ
নামি আহি মোক ৰিচিভ কৰিলেহি৷ তিনিটামান প্ৰকাণ্ড বিল্ডিং৷ শান্তিৰ কোঠাত সোমাই অলপ
সকাহ পালো৷ পানী এগিলাচ খাই অলপ জিৰালো৷ ইতিমধ্যে ঘামে ধুই পেলোৱা মোৰ শৰীৰৰ পৰা ওলোৱা
সুবাসে কোঠাটো পূৰাই তুলিব ধৰিছে৷ প্ৰায় আধাঘন্টামান পাছত সুশান্ত আহি পালে৷ মোলৈ চায়েই
ক’লে,
“মাখনে গাটো
ধুই ল’বা নহয়জানো৷ দহ মিনিটমানতে ধুই লোৱা৷ তাৰপাছত আমি নৱি মুম্বাইলৈ যাম৷ ৰাজৰ্ষি
তাতে আছে৷ সিদ্ধাৰ্থ আহিব নোৱাৰে৷”
শান্তিয়ে
নতুন টাৱেল এখন দিলে৷ হাতত লৈ সুধিলো৷ “মোৰ চোলা, গেঞ্জী সকলো ঘামেৰে তিতি গৈছে৷ খুলি
ক’ত থ’ম?”
শান্তিয়ে
ক’লে, “বাথৰুমৰ ভিতৰত বাল্টি এটাত মোৰো ধুবলগীয়া কাপোৰ অলপ আছে৷ তাতে থোৱা৷ একেলগে
ধুই দিম ৱাচিং মেচিনত৷ একো নহয়৷ চিনি পাম দিয়া কাৰ কোনবোৰ কাপোৰ৷ “
কাপোৰবোৰ
বাল্টিটোত থৈ ভালদৰে গাটো ধুই সতেজ হৈ ওলাই আহিলো বাথৰুমৰ পৰা৷ লগত লৈ যোৱা আনযোৰ কাপোৰ
পিন্ধি সাজু হলো৷ তিনিও বন্ধু ওলাই গ’লো নৱি মুম্বাইলৈ শান্তিৰ গাড়ীৰে৷
পিছদিনা দেওবাৰে
ৰাতিপুৱাই শান্তিক ক’ল, “মই আবেলিৰ ৰেলেৰে যামগৈ৷ কাপোৰখিনি ধুই শুকুৱাব লাগিছিল নহয়৷”
“ৰ’বা, পটকৈ
হৈ যাব” বুলি কৈ শান্তি ওলাই গ’ল হাতত কাপোৰৰ বাল্টিটো লৈ৷
কিছুসময় পাছত
হাতত ৰঙা ৰঙা গেঞ্জী দুটা লৈ শান্তি উভতি আহিল৷ মোক গেঞ্জীদুটা দেখুৱাই ক’লে,
“কি কথাহে?
গেঞ্জীবিলাক দেখোন ৰঙা হৈ গ’ল?”
মোৰ হঠাতে
মনত পৰিল, মোৰ ৰঙচুৱা ৰঙৰ চোলাটোৰ পৰা ৰং যায়৷ কথাটো শান্তিক ক’বলৈ পাহৰিলো৷ গোটেইবোৰ
কাপোৰ একেলগে ৱাচিং মেচিনত ভৰাই দিলেতো বগা গেঞ্জীবোৰ ৰঙা হ’বই৷ মই হাঁহি মাৰি ক’লো,
“হা হা হা,
মোৰ ৰঙা চাৰ্টটোৰ পৰা ৰং যায় বুলি তোমাক ক’বলৈ পাহৰিলো৷ একো নহয় দিয়া৷ চাৰ্টৰ তলতহে
থাকিব৷ “
শান্তিয়েও
হয়ভৰ দিলে মোৰ কথাত৷ তাৰপাছত ৰঙা ৰঙা গেঞ্জীদুটা শুকাবলৈ মেলি দিলে৷
শান্তিয়ে
এতিয়া ৰঙা গেঞ্জীটো পিন্ধিছেনে নাই নাজানো৷ মোৰটো হ’লে মই নিপিন্ধি থৈ দিছো ভালদৰে৷
ৰঙা ৰঙৰ গেঞ্জীটোৱে
বন্ধুত্বৰ এনাজৰীডাল আৰু অধিক কটকটীয়া কৰা যেনহে লাগিল৷
No comments:
Post a Comment