ধুনপেচ, ফেচন
ইত্যাদি..
প্ৰায় এশ
বছৰ আগতে লিখা অভিধান এখনত ধুনপেচ শব্দৰ উদাহৰণ হিচাবে হেনো বাক্য এটা লিখা হৈছিল,
“ আজিকালিৰ ডেকা ল’ৰাৰ ধুনপেচ কি চাবা?
এশ বছৰ আগৰ
ডেকাল’ৰাৰ ধুনপেচ? চিন্তা কৰিলে আজিৰ ডেকাই হাঁহি এটা মাৰিবযে নিশ্চিত৷ সেইসকল কেতিয়াবাই
আউট ডেটেদ হৈ গ’ল৷
জীৱনৰ বিয়লি
পৰত এবাৰ উভটি চাই নিজৰ সময়ৰ ধুনপেচৰ কথাবোৰো মনত পেলাই ভাল লাগে৷ সেইসময়ৰ চিনেমাবোৰ
চালেই কথাবোৰ মনত পৰি যায়৷ তেনে কিছুমান ফেচনৰ কথাকে উল্লেখ কৰিব খুজিছো ইয়াত৷
হাই হিল: কেৱল ছোৱালীয়েই নহয়, ল’ৰাবোৰেও ওখ দেখিবলৈ
হাই হিল জোতা পিন্ধিছিল৷ হিলটো সাধাৰণতে কাঠৰ আছিল৷ তেনে এজাক ডেকা বাটেৰে খোজ কাঢ়ি
গ’লে খট্ খট্ শব্দ কৰি এদল ঘোঁৰা গৈ থকা যেন লাগিছিল৷ এবাৰ সৰস্বতী পূজাৰ দেৱী বিসৰ্জন
দিবলৈ যাওঁতে হোষ্টেলৰ ল’ৰাবোৰে নাচি থাকোঁতে মণিপুৰী ল’ৰা এজনৰ এপাত জোতাৰ হিলটো খুলি
গ’ল৷ প্ৰায় ছয় ইঞ্চি ওখ হিলটো ল’ৰাজনে হাতত ল’লে ঠিকেই কিন্তু খোজকাঢ়োতে এখন ভৰি আনখন
ভৰিতকৈ প্ৰায় ছয় ইঞ্চি দীঘল হোৱা বাবে ভালেখিনি সময় কষ্ট সহ্য কৰি থাকিবলগীয়া হ’ল মুচি
এজনৰ হতুৱাই খুলি পৰা হিলটো আকৌ গজাল মাৰি লগাই নোলোৱালৈকে৷
দ্ৰেইন পাইপ: ল’ৰাৰ লংপেন্টবোৰ একেবাৰে শৰীৰত লিপিট খাই
পৰা আছিল৷ শকতবোৰৰ কথা যেন-তেন কিন্তু খীণবোৰৰ ভৰিবোৰ মুৰ্গীৰ ঠেং যেন দেখিছিল৷ পেন্টবোৰৰ
তলটো এঘাৰ-বাৰ ইঞ্চিমান বহল আছিল৷ পিন্ধিবৰ সময়ত কোনোমতে ঠেলি হেঁচি ভৰিখন সুমুৱাই
দিয়া হৈছিল৷ খুলিবৰ সময়ত কেতিয়াবা আন এজনক আধাখোলা পেন্টটো জোৰেৰে টানিবলৈ কোৱা হৈছিল৷
তাতে আন এটা উপায় কৰি পেন্টৰ তলৰ কাষদুটা অলপ অলপ কাটি দিয়াৰ ব্যৱস্থাও কোনো কোনোৱে
কৰি লৈছিল৷
বেলবটম: তাৰপাছত আহিল বেলবটম৷ ই আছিল হিপ্পী সংস্কৃতিৰ
এটা অৱদান৷ এঘাৰ-বাৰ ইঞ্চিৰ পৰা পেন্টৰ তলবোৰ একেবাৰে ত্ৰিশ-পয়ত্ৰিশ ইঞ্চি হ’লগৈ৷ কিছুমানে
আকৌ তলটো বহল কৰিবলৈ পেন্টৰ কাষেৰে বেলেগ কাপোৰো লগাই লৈছিল৷ তেনে বেলবটম পিন্ধা ডেকা-গাভৰুৱে
বাটেৰে খোজ কাঢ়ি গ’লে গোটেই বাটটো সাৰি পৰিষ্কাৰ কৰি লৈ গৈছিল৷
জুলফী: মুখত দাড়ি-গোঁফ ফুটি উঠক বা নুঠক ডেকাসকলে
কিন্তু এটা সময়ত দীঘলকৈ খট বা জুলফী ৰাখিছিল৷ তাৰে সুযোগ লৈ কিছুমান শিক্ষকে শাস্তি
দিবলৈ ছাত্ৰৰ জুলফী টানিছিল৷
দীঘল চুলি
: ইও আছিল হিপ্পী সংস্কৃতিৰ অৱদান৷ ডেকাসকলৰ
চুলি খুব দীঘল দীঘল আছিল৷ কাণ দুখন চুলিৰে ঢাক খাই থাকে৷ একেবাৰে কান্ধলৈকে দীঘল কৰিছিল
কিছুমানে৷ বেলবটম পিন্ধা দীঘল চুলিৰ সেই নতুন ডেকাসকলক বহুতেই পিছৰ পৰা ছোৱালী বুলি
ভুলো কৰিছিল৷
ৰুমাল: এইটো বেছি প্ৰচলিত নহ’ল যদিও দ্ৰেইন পাইপৰ
দিনত বহুতো ডেকাই ডিঙিত ফুলাম ৰুমাল একোখনো লৈছিল, কলাৰৰ তলেৰে৷ নিশ্চয় চিনেমাৰ প্ৰভাৱ৷
মাফলাৰ: দীঘল দীঘল পখৰা মাফলাৰো এটা ফেচন হৈছিল৷ মাফলাৰবোৰ
ইমান দীঘল আছিল যে ডিঙিত পাক মাৰি লোৱাৰ পাছত একেবাৰে আঁঠুলৈকে ওলমি পৰিছিল দুয়ো মূৰে৷
দাড়ি আৰু
বেগ: খুব সম্ভৱ বাম-পন্থীসকলৰ প্ৰভাৱত এই ফেচনটো
চলিছিল৷ ডেকাসকলে মুখবোৰ দাড়িৰে ভোবোকাৰ কৰি তুলিছিল৷ লগতে কান্ধত লৈছিল একোখন বেগ৷
নাপিতসকলৰ ব্যৱসায়ত বিজুতি ঘটিছিল যদিও বেগৰ ব্যৱসায় ৰমৰমীয়া হৈছিল৷
চাৰ্টৰ বিভিন্ন
ধৰণৰ কলাৰ, চাৰ্টৰ কাপোৰৰ নানা ধৰণৰ প্ৰিন্ট (ববী প্ৰিন্ট, অমানুস চাৰ্ট)আদি আন বহুতো
কথাই এতিয়া সোঁৱৰণিৰ বাগিছাখনত একো-একোপাহ ৰঙ-বিৰঙৰ ফুলৰ দৰে ফুলি থাকি হাত বাউলি দি
মাতি থাকে৷
No comments:
Post a Comment