আপিগিলানে কলাত
লবো…
সৰুতে বৰ চাপৰ
আছিলো৷ মূৰটো ডাঙৰ, নাকটোও চেপেটা বাবে আৰু অধিক চাপৰ দেখা গৈছিল মোক৷ কিছুমানে “গাইথা”
বুলি জোকাইছিল৷ কিছুমানে জোকাইছিল “মাদা” (শকত) বুলি৷ ওখ হোৱাৰ দুৰ্বাৰ হেঁপাহ এটা
মনত পুহি ৰাখিছিলো৷ এবাৰ অষ্টম নে নৱম শ্ৰেণীত থাকোঁতে বৰপেটাত অসম বিজ্ঞান সমিতিৰ
অধিৱেশন এখন হৈছিল৷ প্ৰদৰ্শনী চাবলৈ আমি শাৰী পাতিছিলো৷ সকলোতকৈ চাপৰ বাবেই হয়তো মোক
একেবাৰে আগত থিয় কৰাই দিয়া হৈছিল৷ দুৱাৰমুখতে আছিল এখন দীঘল আইনা৷ মূৰৰ পৰা ভৰিলৈকে
সম্পূৰ্ণকৈ দেখা যায়৷ তাতে নিজৰ চেহেৰাটো ভালদৰে চালো৷ চাই দৃষ্টি ঘূৰাই দিলোঁ৷ সঁচাকৈয়ে
মই ইমান চাপৰ৷
মোৰ সহপাঠী প্ৰভাতো
প্ৰায় মোৰ সমানেই ওখ আছিল৷ দুয়ো আছিলো নলে-গলে লগা বন্ধু৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ
আগে আগে এদিন সন্ধিয়া দুয়ো চাউলখোৱা নদীৰ দলঙৰ ওপৰেৰে গৈ আছিলো অলপ মুকলি বতাহ খোৱাৰ
মানসেৰে৷ সেই সময়ত বহুতো যুৱক তাত গোট খায়, একে উদ্দেশ্যেৰেই৷
আমি খোজ কাঢ়ি কিছুদূৰ
পাৰ হৈ যোৱাৰ পাছতে প্ৰভাতে মাত দিলে,
“সিহঁতে আমাক
দুটাক দেখি কি কৈছে মন কৰিলিনে?”
“নাই কৰা৷ মই
বেলেগ কিবা চিন্তা কৰি আছিলোঁ৷” মই উত্তৰ দিলোঁ৷
“আমাক দেখি সিহঁতে
কৈছে, কি সৰু-সৰু ছলিয়ে৷ আহুন কলেজত গেলি আপিগিলানে কলাত লবো৷ (ইহঁত কলেজলৈ গ’লে ছোৱালী
বিলাকে কোলাত ল’ব)৷”
একো উত্তৰ নিদিলো৷
ওখ হোৱাৰ বাসনা আৰু অধিক প্ৰবল হ’ল৷ দুৱাৰত ধৰি ওলমি থকা, ৰিঙত ধৰি উঠা-নমা কৰা আদি
ব্যায়াম কৰি থাকিলো৷
সময় বাগৰি গ’ল৷
চাপৰ বুলি কোনেও হাঁহিব নোৱাৰা অৱস্থা এটা পালোঁ৷
কলেজত অৱশ্যে
কোনেও কোলাত ল’বলৈ সাহস নকৰিলে৷
No comments:
Post a Comment