মই একো নাজানো..
মোৰ সহপাঠী বন্ধু
এজনৰ দেউতাক আমাৰ অংকৰ অধ্যাপক আছিল৷ অধ্যাপক হিচাবে সকলোৰে বাবে আছিল অতি সন্মানীয়৷
মোৰ বন্ধুজন ভালেই যদিও অলপ-অচৰপ দুষ্টালিও নকৰা নহয় মাজে-মাজে৷ পৰীক্ষাৰ আগে আগে পঢ়িবলৈ
লয়৷ কিবা নুবুজিলে বা টান পালে দেউতাকৰ ওচৰলৈ গৈ চতুৰালি কৰি সোধে, “এইটো বৰ টান পাইছো৷
পঢ়িম নে বাদ দিম?”
অধ্যাপক দেউতাকে
লাহেকৈ উত্তৰ দিয়ে, “মই একো নাজানো৷”
পঢ় বুলিও নকয়,
নপঢ়িবি বুলিও নকয়৷ পুতেকৰ খং উঠে যদিও দেউতাকক ভালদৰে জানে, অতি সৎ মানুহ বুলি, কোনো
ধৰণৰ ইঙ্গিত কেতিয়াও নিদিয়ে বুলি৷ দেউতাকৰ প্ৰতি মোৰ বন্ধুৰ শ্ৰদ্ধা বাঢ়ি যায়৷
কলেজত প্ৰবক্তা
হিচাবে যোগ দিয়াৰ পাছতেই সপ্তম ষান্মাসিকৰ বিষয় এটা পঢ়ুৱাবলৈ দিয়া হৈছিল মোক৷ নতুন
বিষয়, আগতে পাঠ্যক্ৰমত নাছিল৷ যথেষ্ট কষ্ট কৰি পঢুৱাব লগা হৈছিল৷ প্ৰশ্ন কেনেধৰণৰ আহিব
কোনো ধাৰণা নাছিল আৰু একেবাৰে নতুন প্ৰবক্তা বাবে মইও প্ৰশ্ন কাটিবলৈ নাপাওঁ বুলি জানিছিলো৷
পৰীক্ষাৰ আগে-আগে মোৰ বিভাগৰ মূৰব্বী অধ্যাপক শৰ্মা ছাৰে মোক বিশ্ববিদ্যালয়ৰ গোপনীয়
শাখালৈ লৈ গ’ল সেই বিষয়টোৰ প্ৰশ্ন কাকতৰ মডাৰেচন কৰিবলৈ৷ সেয়া মোৰ জীৱনৰ প্ৰথম অভিজ্ঞতা
মডাৰেচন কৰাৰ৷ প্ৰশ্নখন দেখি ভয় খালো৷ প্ৰায়বোৰ ছাত্ৰ-ছাত্ৰীয়েই ফেল কৰিব বুলি জানিলো৷
তাৰপাছত যিমান পাৰো সহজ কৰি দিবলৈ চেষ্টা কৰিলো টান প্ৰশ্ন দুটামান কাটি , সহজ প্ৰশ্ন
দুটামান ভৰাই দি৷
কাম শেষ হোৱাৰ
পাছত শৰ্মা ছাৰে গাড়ীৰে লৈ আহি মোৰ থকা ঠাইৰ আগত নমাই দিলে৷ নমাৰ সময়ত তেখেতে এটা কথা
ক’লে,
“চাবা কিন্তু৷
এতিয়া তুমি একো নাজানা৷”
সেই একেই নীতি:
“মই একো নাজানো৷”
No comments:
Post a Comment