অ' দেতা , অ'মলেট..
অ'মলেট খাই সৰুৰে পৰা বৰ ভাল পাওঁ৷ আমি সৰুতে চৰকাৰী ৰেচম পামত আছিলো আৰু দেউতাই ঘৰতে বিলাতী জাতৰ কুকুৰা পুহিছিল৷ দিনে দহ-বাৰটাকৈ কণী পাইছিলো আমি৷ ঘৰতে পুডিং , কেক আদি বনাইছিল মাই আৰু অ'মলেট প্ৰায়েই খাইছিলো৷
নগাঁৱৰ ওচৰৰ শেনচোৱাৰ ৰেচম পামত থকা সময়ৰ কথা৷ তেতিয়া মই স্কুললৈ যাব পৰা হৈছিলো মাত্ৰ৷ পামত কেইঘৰমানহে মানুহ৷ সন্ধিয়া ইঘৰ-সিঘৰ ফুৰিবলৈ যোৱাটো এটা নিয়ম আছিল৷ এদিন আবেলি আমি মা-দেউতাৰ সৈতে এঘৰ মানুহৰ তালৈ ফুৰিবলৈ গ'লো৷ ঘৰমৰ দিন আছিল বাবে দেউতাই গৃহস্থৰ সৈতে আগপিনৰ ঘাঁহনিতে চকী পাৰি বহি কথা পাতিবলৈ ধৰিলে৷ দাদাহঁতো কাষতে বহি কথা শুনি থাকিল অতি শান্ত-শিষ্ট হৈ৷ মা ভিতৰলৈ গৈ গৃহিণীৰ সৈতে কথা পতাত লাগিল৷ স্বভাৱতে চঞ্চল মই এবাৰ বাহিৰ, এবাৰ ভিতৰ কৰি থাকিলোঁ৷
কিছুসময় পাছত পাকঘৰত চাহ-জলপানৰ আয়োজন চলিল৷ প্ৰথমে লুচী বনোৱা দেখিলো৷ মই লাহেকৈ বাহিৰ ওলাই আহি দেউতাৰ ওচৰলৈ গৈ লাহেকৈ ক'লো, "অ' দেতা, লুচী৷"
দেউতাই শুনিও নুশুনাৰ ভাও ধৰিলে৷ মই ভিতৰ সোমাই গ'লো৷ ইতিমধ্যে লুচী বনোৱা হ'ল৷ এইবাৰ অ'মলেট বনাবলৈ লৈছে গৃহিণীয়ে৷ মই অতি উৎসাহেৰে বাহিৰলৈ লৰ মাৰিলোঁ৷ এইবাৰ অলপ জোৰকৈয়ে ক'লো, "অ' দেতা, অ'মলেট৷"
এইবাৰো দেউতাই একো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলে, কেৱল মোৰ ফালে চালে৷
যথাসময়ত চাহ-জলপান খোৱা হ'ল৷ লাহে-লাহে এন্ধাৰ হৈ আহিল৷ আমি সকলোটিৱে ঘৰৰ পিনে খোজ ল'লোঁ৷বেছি দূৰ নহয়৷ এশমিটাৰমান দূৰতে আমাৰ ঘৰ৷ কিছুদূৰ আগবাঢ়ি যোৱাৰ পাছতে হঠাতে দেউতা মোৰ কাষ চাপি আহি দিলে এটা চৰ৷ তাৰপাছত মূৰত আঙুলিৰে প্ৰচণ্ড আঘাত,
"ঘৰত অ'মলেট খাই পোৱা নাই? অভদ্ৰ?"
সকলোৰে আগতে, মাজবাটতে দেউতাৰ চৰ খাই লাজে-অপমানে মৰি যোৱা যেন লাগিল৷ মুখখন ভঙাপাচি যেন কৰি অলপ সময় একে ঠাইতে থিয় দি ৰ'লো৷ দুখো লাগিল৷ "মইনো কি ভুল কৰিলো? দেউতাহঁতক অ'মলেট থকা বুলি খবৰহে দিছিলো৷ ভালহে পাব লাগিছিল?" বুলি ভাবি অভিমানত চকুপানী ওলাল৷ দেউতাহঁত আগুৱাই গৈ থাকিল৷ চাৰিওফালে এন্ধাৰ হৈছিল তেতিয়া৷ মোৰ ভয়ো লাগিল৷ চুচুক-চামাককৈ অলপ দূৰত্ব বজাই ৰাখি মই দেউতাহঁতৰ পিছে-পিছে আগবঢ়িব ধৰিলোঁ৷
অ'মলেট দেখিলে আজিও সেই ঘটনাটো মনত পৰে৷

No comments:
Post a Comment