মনত পৰেনে সেই আবেলি
আমিযে ৰুইছিলো
কণমানি গছপুলিটি;
আবেলিৰ বেলিটিয়ে মৰা
মিচিকিয়া হাঁহি,
বাঁহলৈ বুলি জাক পাতি উৰা
এজাক চৰাইৰ কলকলনি?
প্ৰতিদিনে পুৱাতে উঠি
পুলিটিক পানী দিছিলা
বেলিৰ প্ৰখৰ ৰ’দৰ পৰা
সযতনে আৱৰি ৰাখিছিলা৷
দিন বাগৰি গৈ মাহ পাৰ হ’ল,
বছৰ বাগৰি গৈ অতীত হ’ল,
পুলিটি এতিয়া বৰ গছ হ’ল৷
সুদুৰৰ চৰাইবোৰ আহি আজি
তাৰেই কোলাত দেখোন
বাঁহ সাজিছেহি;
প্ৰখৰ ৰ’দলৈ
তাৰ আৰু ভয় নাই
ৰ’দত ভাগৰি পৰা বাটৰুৱাই
তাৰেইচোন ছাঁত আজি জিৰায় ৷
আহা,
তাৰ ছাঁতে বহি আজি ক্ষন্তেক জিৰাওঁ,
আকৌ এবাৰ কথা পাতো
তাৰ সতে
তাৰেই ভাষাৰে৷
No comments:
Post a Comment