কবিতা লিখাৰ হাবিয়াস এটা সৰুৰে পৰা আছিল কিন্তু কবি হলে কেতিয়াও হ'ব নোৱাৰিলো৷ কবি জাতিটোৱেই অলপ বেলেগ৷ সৰু সৰু কথাকে ইমান সুন্দৰকৈ সজায়! চিধা-চিধি কথাবোৰকে নতুন ভাবেৰে উপস্থাপন কৰে, শব্দৰ , ভাৱৰ, মায়াজাল ৰচি! কবিসকলৰ প্ৰতি অন্তৰত সদায় এটা দুৰ্বলতা আছিল সৰুৰে পৰা, আজিও আছে৷
চাকৰিৰ খাটিৰত ভাৰতৰ বিভিন্ন ঠাইত থাকিব লগা হোৱাত ভালেমান কবি-সাহিত্যিকৰ সান্নিধ্য লাভ কৰাৰ সুযোগ ঘটিছে৷ ইন্টাৰনেটৰ যোগেৰে অনেকৰ স'তে বন্ধুত্ব গঢ় লৈ উঠিছে৷ সাহিত্যৰ সৈতে যেন নতুনকৈ প্ৰেম-কাহিনীৰ সূত্ৰপাত ঘটিছে, এনে অনুভৱ হয়৷
মৌলিক কবিতা লিখাৰ প্ৰতিভা হয়তো মোৰ নাই, কিন্তু আন ভাষাৰ কবিতা কিছুমান অসমীয়ালৈ অনুবাদ কৰি ভাল লগা হ'ল৷ ভালেকেইজন প্ৰতিষ্ঠিত কবিৰ কবিতাত হাত দিয়াৰো সাহস গোটালো, কেইগৰাকীমানক ব্যক্তিগত ভাবে লগ পোৱাৰো সুযোগ পালো, জবলপুৰ, কোটা. দিল্লী, জয়পুৰ আদি ঠাইত৷
পাহৰিব নোৱাৰা অভিজ্ঞতা..

No comments:
Post a Comment