At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Monday, 25 February 2013

লেতেৰা মৰণ...


লেতেৰা মৰণ…

অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত পঢ়ি থকা সময়ৰ কথা৷ তেতিয়া বোধহয় আমি চতুৰ্থ বাৰ্ষিকৰ ছাত্ৰ৷ ছয় নম্বৰ হোস্টেলৰ পৰা আমি জাক পাতি ক্লাচ কৰিবলৈ যাওঁ৷ আজি-কালিৰ দৰে বাছত উঠি ক্লাচ কৰিবলৈ যোৱা নিয়ম আমাৰ সময়ত নাছিল৷ সেই দহ মিনিটমান সময় বাৰে-বিংকৰা কথা পাতি পাতি যাওঁ৷ কোনে কি কয়, কথাৰ একো লাগ-বান্ধ নাথাকে৷ সেই পদ-যাত্ৰা আচলতে বেচ উপভোগ্য আছিল আমাৰ সকলোৰে বাবে৷

আজিকালিৰ কথা ক’ব নোৱাৰো, চেচলেল বোলা বস্তুটো হ’লে আমাৰ বাবে অতি ভয়াবহ আছিল৷ গোটেই বিষয়টোৱেই আছিল ৰহস্যময়৷ কি কৰিলে কি ফলা-ফল ভোগ কৰিব লগা হ’ব পাৰে সেই বিষয়ে নানা জনৰ নানা মত৷ অধ্যাপক সকলৰ বিষয়ে নানা ধৰণৰ আখ্যন-উপাখ্যান আদি জন-শ্ৰুতি হিচাবে চলি আহিছিল আৰু এটাৰ পাছত এটাকৈ ভৰ্তি হোৱা বাৰ্ষিকৰ ছাত্ৰ সকলোৰে সৌভাগ্য ঘটিছিল সেই আখ্যান-উপাখ্যানৰ মৌ-ৰস পান কৰাৰ৷ সেই জনশ্ৰুতিৰ সুফল ভোগ কৰিবলৈ পাইছিলো মই অভিযান্ত্ৰিক মহাবিদ্যালয়লৈ অহাৰ আগতে৷ অভিযান্ত্ৰিক মহাবিদ্যালয়ত পঢ়ি থকা মোৰ ককাইদেৱে এটা ৰং চঙীয়া চোলা চিলাইছিল কিন্তু চেচনেলৰ ভয়ত পিন্ধিবলৈ সাহস নকৰি মোকে পিন্ধিবলৈ দিছিল৷ অৱশ্যে অভিযান্ত্ৰিক মহাবিদ্যালয়লৈ অহাৰ পাছত সেইটো পিন্ধাৰ সাহস ময়ো গোটাব পৰা নাছিলো৷

তেনে এজন বিশেষ ভাবে সুখ্যাতিপ্ৰাপ্ত অধ্যাপকৰ ঘৰৰ আগেৰেই আমি নিতৌ খোজ কাঢ়ি কলেজলৈ যাব লাগে৷ তেখেতৰ বিষয়ে আখ্যান অনেক৷ প্ৰেক্টিকেল পৰীক্ষাত কোনোবাই যদি কয়, “চাৰ এইটো নোৱাৰো, বেলেগ এটা দিয়ক”, তেখেতে লাহেকৈ, অতি মৰম লগাকৈ হেনো কয়, “ঠিক আছে, অহা বছৰ ভালদৰে পঢ়ি আহিবাদেই৷”, মানে, সেইবাৰলৈ চেটেপ, প্ৰেক্টিকেলত বেক৷ শুনিবলৈ পোৱা যায় যে পঞ্চম বাৰ্ষিকত তেখেতে পঢ়োৱা বিষয় এটাত হেনো এবাৰ প্ৰায় গোটেইখিনি ছাত্ৰ-ছাত্ৰীয়েই বেক পাব লগা হৈছিল৷ তেখেতে হেনো কাৰোবালৈ চাই মিচিকিয়া হাঁহি মৰা মানে কথা বিষম, মানে বেক পোৱাটো সুনিশ্চিত৷ এনেবোৰ ভয়াবহ আখ্যন শুনাৰ পাছত তেখেতৰ ঘৰৰ সম্মুখত কথা পতাৰ সাহস কোনো পগলা কুকুৰে কামোৰা ছাত্ৰইহে কৰিব পাৰিব৷ সেয়েহে, তেখেতৰ ঘৰৰ ওচৰ পালে ইমান পৰে হাঁহি-খিকিন্দালি কৰি অহা যুবক সকল নিমাত হৈ তল-মূৰকৈ পাৰ হৈ যায়৷ সেই ত্ৰিশ চেকেন্ড সময় পাৰ নহয় হে নহয়৷

সেইদিনা, লান্স-ব্ৰেকত আমি হোস্টেলৰ পিনে গৈ আছো৷ অধ্যাপক জনৰ ঘৰৰ ওচৰ পাব ধৰোতেই বিপৰীত দিশৰ পৰা বায়ু বেগে উৰি আহিল হালধীয়া ৰঙৰ বিশেষ ধৰণৰ মটৰ-চাইকেল এখন৷ নতুন ছাত্ৰ এজন আহিছে, ডাঙৰ মানুহৰ ল’ৰা৷ হোস্টেলত নাথাকে৷ অতিপাত ব্যস্ত৷ প্ৰচন্ড বেগেৰে সেই হালধীয়া মটৰ চাইকেলখন চলাই আমাৰ সকলোৰে আগেৰে আহে আৰু নিমিষতে নোহোৱা হৈ যায়৷ তেওঁৰ মুখখনো ভালদৰে দেখাৰ সৌভাগ্য আমাৰ নহয়৷ সেইদিনা সেই অসময়ত কি কাৰণে কলেজলৈ আহিছিল নাজানো, কিন্তু যিটো বেগেৰে আমাৰ কাষেৰে পাৰ হৈ গ’ল, তাকে দেখি ৰাজীব লোচন শৰ্মা নামৰ আমাৰ সকলোতকৈ ৰসিক বন্ধুজনে মাত নলগাই নোৱাৰিলে৷ৰাজীবে মন্তব্য কৰিলে,
“কেতিয়াবা ই বৰ লেতেৰাকে’ মৰিব দেই৷”

লেতেৰাকে’ মৰিব.. মৰণ মৰণেই, কিনো আৰু লেতেৰা , চাফা আছে? …কথাটো ভাবি বৰ ৰস পালো, স্থান কাল পাত্ৰ সকলো পাহৰি গ’লো আৰু মোৰ স্বভাৱজাত অট্টহাস্য মাৰি মাৰি ক’বলৈ ধৰিলো,

“হা: হা: হা: , লেত্তেৰা মৰণ.. হা: হা: হা:”
আৰু, ঠিক সেই মুহূৰ্তত আমি আছিলো সেই সুপ্ৰসিদ্ধ অধ্যাপকজনৰ ঘৰৰ সম্মুখত৷ মোৰ চকুত পৰিল, অধ্যাপকজন গেটখুলি বাহিৰ ওলাই আহিব ধৰিছে আৰু মোৰ অট্টহাস্য কাণত পৰাত মোৰ ফালে আচৰিত হৈ চাইছে৷

মোৰ মেলা মুখ মেলা হৈয়ে থাকিল৷ বুকুখনে ধান বানিবলৈ ধৰিলে৷ তাৰ পাছত সম্পূৰ্ণ নিমাত হৈ পৰিলো৷ হোস্টেল পোৱাৰ পাছত নানা ধৰণৰ হিচাব নিকাচ কৰিব ধৰিলো৷ অধ্যাপকজনে আমাৰ একো ক্লাচ নাপায়৷ কিন্তু তেখেতৰ ঘৰৰ কাষতে আমাৰ হেড চাৰৰ ঘৰ৷ তেখেতে নিশ্চয় আমাৰ হেড চাৰক কৈ মোক কিবা কৰিব৷ ভয়তে ৰাতি টোপনি নহা হ’ল৷ কিছুদিন তেখেতৰ ঘৰৰ আগেৰে গ’লেও ভীৰৰ মাজত লুকাই লুকাই যোৱা কৰিলো৷

ভাবিলো, সেই মটৰ চাইকেল চলোৱা ডেকজনৰ লেতেৰা মৰণ নহল,  এতিয়া মইহে মৰিলো, লেতেৰা মৰণেৰে৷ দিন পাৰ হৈ গ’ল৷ মইও কোনো বিপদত নপৰাকৈ পাৰ হৈ আহিলো৷ অৱশ্যে লেতেৰা মৰণৰ স্মৃতিয়ে আজিও কেতিয়াবা ভুমুকি মাৰি যায়৷

1 comment: