At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Monday, 25 February 2013

নাইনিতাল, শিলিগুৰি, বাটৰ বন্ধু , হোটেলৰ ৰহস্য ইত্যাদি..



১৯৯২ মানৰ কথা৷ গৰম বন্ধৰ সময়ত ফুৰিবলৈ ওলালো নাইনিতালৰ পিনে৷ মোৰ চিনাকী লোক এজন আছিল নাইনিতালৰ ওচৰৰ ভোৱালী নামৰ ঠাইত ৷ তেখেতৰ ওচৰলৈকে যাম বুলি ভাবি আছিলো বহুদিনৰ পৰা ৷ সুবিধা পাই যাত্ৰা কৰিলো, বেৰেলিলৈকে ৰেলেৰে, তাৰ পৰা বাছেৰে কাঠগোদাম, আৰু কাঠগোদামৰ পৰা আন এখন বাছেৰে গৈ ওলালোগৈ ভোৱালী ৷

ভোৱালীৰ লগতে নাইনিতাল, সাততাল আদি আশে-পাশে থকা ঠাই কিছুমান চাই তিনি-চাৰিদিন পাৰ কৰি দিলো ৷ লাহে লাহে ঘৰলৈ ঘূৰাৰ সময় চমু চাপিল ৷ কিন্তু টেলিভিচন চাই খবৰ পালো অসম তথা উত্তৰ বঙ্গত আৰম্ভ হোৱা ভয়াবহ বানপানীৰ বিষয়ে ৷ অসমলৈ ৰেল চলাচল বন্ধ৷ সদায় সন্ধিয়াৰ বাতৰি চাওঁ, একেই খবৰ, অসমলৈ ৰেল চলাচল বন্ধ ৷ কেতিয়া পুনৰ ৰেল চলিব, কোনেও নাজানে ৷  

লক্ষ্ণৌ..
তেনেদৰে কেইটামান দিন পাৰ হৈ গ’ল ৷ বন্ধুৰ ঘৰত থাকি থাকি আমনি লাগিল ৷ তেখেতক আৰু আমনি দিবলৈ মন নকৰি, এদিন যি হয় হ’ব বুলি মৰসাহ কৰি ওলাই আহিলো ৷ কাঠগোদামৰ পৰা ৰেলত উঠিলো লক্ষ্ণৌ অভিমুখে ৷ ৰাতিপুৱা লক্ষ্ণৌ পাই খবৰ ল’লো অসমৰ পিনে কিবা ৰেল চলিছেনে নাই ৷ কোনো খবৰ নাপাই হতাশ হ’লো ৷ ওচৰৰে হোটেল এখনত আশ্ৰয় ল’লো ৷ ৰাতিটো পাৰ কৰি পিছদিনা আকৌ ষ্টেচন পালোগৈ ৷ কোনো খবৰ নাই ৷ আগলৈ যি হয় দেখা যাব বুলি , বিহাৰৰ কাটিহাৰলৈকে বুলি টিকেট এটা কৰি ৰেলত উঠি দিলো৷ উত্তৰ বঙ্গ তেতিয়াও পানীৰ তলত বুলি বাংলা বাতৰি কাকত এখনত পঢ়িবলৈ পালো ৷ অনিশ্চয়তাৰে ভৰা মন এটা লৈ কাটিহাৰ অভিমুখে আগবাঢ়ি গৈ থাকিলো ৷

কাটিহাৰ..
পিছদিনা ৰাতিপুৱাতে কাটিহাৰ পাই খবৰ লৈ গম পালো আসাম মেইলনে কিবা এখন ৰেল আহি আছে, নিউজলপাইগুৰিৰ পিনে যাবলৈ ৷ মনটো আনন্দত উথলি উঠিল ৷ টিকেট এটা কাটি লৈ আগ্ৰহেৰে বাট চালো ৰেলখনলৈ ৷ যথা সময়ত ৰেলখন আহিল, ডবা এটাত উঠি পৰিলো ৷ ডবাত বহি থকা মানুহ এজনক সুধিলো, ৰেলখন আগলৈ যাব নে নাই, তেওঁ ক’ব নোৱাৰো বুলি ক’লে৷ অলপ পাছত টিকেট পৰীক্ষা কৰিবলৈ আহিল ৰেলকৰ্মচাৰী এজন৷ তেখেতকে সুধিলো,
“ৰেলখন গুৱাহাটীলৈকে যাবনে?”
মানুহজনে মোৰ ফালে চাই নিৰ্বিকাৰ ভাবে উত্তৰ দিলে,
“এন জে পিলৈ যাব ৷ তাৰ আগলৈ নাযায়, গুৱাহাটীলৈ ৰেল চলাচল আৰম্ভ হবলৈ এমাহমান লাগিব পাৰে, কোনেও নাজানে৷”
“তেনেহলে আমি গুৱাহাটী কেনেকৈ যাম?” মই হতাশ হৈ সুধিলো ৷
“সাতুৰি যায়, নাওঁ লৈ যায়, যেনেকৈ যায়, আপোনাৰ কথা ৷” মানুহজনে অলপ ঠাট্টাৰ সুৰেৰেই ক’লে ৷
মানুহজনৰ কথাত মোৰ অলপ খং উঠিল ৷
“কি আচৰিত মানুহ, অলপো সহানুভুতি নাই,” মনতে ভাবিলো ৷ মনটো গধুৰ হৈ পৰিল ৷ অচিনাকী ঠাই, কি কৰিম, ক’লৈ যাম, হাতত থকা টকা-পইচাবোৰো শেষ হৈ যাব সোনকালে ৷ তেতিয়া এ টি এম আদি ব্যৱস্থাও নাছিল ৷ ঘৰৰ স’তে কোনো যোগাযোগ নাই কেবাদিনো ধৰি ৷ যি হয় হ’ব বুলি ঈশ্বৰক প্ৰাৰ্থনা কৰি আগবাঢ়ি গৈ থাকিলো ৷

প্ৰায় ছয়-সাত ঘন্টাৰ বাট, কাটিহাৰৰ পৰা নিউ জলপাইগুৰিলৈ ৷ ওচৰতে বহি থকা ডেকা এজনৰ সতে কথা-বতৰা আৰম্ভ কৰিলো ৷ ডেকাজন ত্ৰিপুৰাৰ, বাংলাভাষী, বি এছ এফত কাম কৰে, জম্মুৰ পিনে থাকে ৷ পৰিয়াল থাকে ত্ৰিপুৰাত ৷ পৰিবাৰ সন্তান-সম্ভৱা ৷ দিন চমু চাপি আহিছে ৷ গতিকে যেনে-তেনে ঘৰ পাবগৈ লাগে ৷ বানপানীয়ে গোটেইখন খেলি-মেলি কৰি দিলে ৷ তথাপি কিবা উপায় কৰি ত্ৰিপুৰালৈকে যাবলৈ মন বান্ধি লৈছে ৷ তেওঁক পাই মনটো অলপ ভাল লাগিল৷ নানা বিষয়ৰ কথা পাতি সময় পাৰ কৰি দিলো ৷

শিলিগুৰি…
সন্ধিয়া সাত মান বজাত ৰেলখন নিউ জলপাইগুৰিত উপস্থিত হ’ল ৷ আৰু আগলৈ নাযায় বুলি নিশ্চিত ভাবে জানি, ৰেলৰ পৰা নামি পৰিলো ৷ লগত বঙালী ডেকাজন ৷ সেই অচিনাকী ঠাইত, তেওঁকেই মোৰ সাৰথি কৰি ল’লো ৷

স্টেচনৰ সম্মুখতে চকী-টেবুল পাৰি ল’ৰা কেইজন মান বহি আছিল ৷ আমাক দেখি মাত লগালে,
“গুৱাহাটী যাব নেকি? আহক, বাছ আছে ৷”
লগৰ ডেকাজনে আগবাঢ়ি গৈ খবৰ ল’লে ৷ বুজা গ’ল, ল’ৰা কেইজন আচলতে দালাল ৷ নিজা কোনো বাছ নাই ৷ কেতিয়া, ক’ৰ পৰা বাছ আহিব আৰু যাব, তাৰো ঠিকনা নাই ৷ ভাৰাও খুজিছে তিনি-চাৰি গুণ৷ উপায়বিহীন হৈ পৰা যাত্ৰী সকলৰ অৱস্থাৰ পৰা বিশেষ লাভ আদায় কৰাৰ অনৈতিক প্ৰয়াস মাথোন৷
ডেকাজনে ক’লে,
"ইহঁতৰ বিশ্বাস নাই৷ আজি ৰাতিটো শিলিগুৰিত কটাই কালি ৰাতিপুৱাতে শিলিগুৰিৰ পৰা বাছ বিচাৰিম৷”
ময়ো হয়ভৰ দিলো৷
কথা মতে কাম ৷ দুয়ো ৰিক্সা এখনত উঠি পৰিলো, শিলিগুৰি অভিমুখে৷ প্ৰায় পাঁচ কিলোমিটাৰমানৰ বাট ৷ অন্তত: গুৱাহাটীলৈ কিবা-কিবি ৰাস্তাৰে ঘূৰাই পকাই বাছ চলিব ধৰিছে বুলি বুজি পালো৷ মনটো অলপ ভাল লাগিল ৷

হোটেলৰ ৰহস্য….
শিলিগুৰি পাই হোটেল এখনত উঠিলো ৷ ৰাতি প্ৰায় ১০ মান বাজিছিল৷  আমি ততাতৈয়াকৈ কিবা খাই আহোঁ বুলি হোটেলৰ মানুহজনক কৈ খোৱা-বস্তু বিচাৰি গ’লো ৷ খাই-বৈ আধাঘন্টামান পাছত হোটেলৰ দুৱাৰমুখ পাই দেখো, দুৱাৰ বন্ধ ৷ বেল বজালো, নোখোলে, চিঞৰি মাতিলো,   কোনো সাৰ-সুৰ নাই ৷ অলপ সময় তেনেদৰে পাৰ হ’ল৷ তাৰ পাছত অধৈৰ্য হৈ লগৰ ডেকাজনে দুৱাৰত গুৰিয়াবলৈ ধৰিলে ৷ ফৌজী মানুহ, গৰম তেজ ৷ তথাপি কোনো ওলাই নাহিল দুৱাৰ খুলি দিবলৈ ৷
ডেকাজনে ক’লে, “ব’লক পুলিচ থানালৈ যাওঁ৷”
শিলিগুৰি, মোৰ বাবে সম্পূৰ্ণ অচিনাকী ঠাই ৷ তাতে ৰাতি প্ৰায় বাৰ বাজিবৰ হৈছিল ৷ ডেকাজনৰ সাহসতে আগবাঢ়িলো থানালৈ বুলি ৷ থানা পাই ডেকাজনে প্ৰথমে নিজকে বি এচ এফৰ জোৱান বুলি চিনাকী দি গোটেই ঘটনাটো বিৱৰি ক’লে ৷ থানাত থকা বিষয়া জনে মন দি শুনিলে ৷ তাৰ পাছত আমাক আশ্বাস দি ক’লে,
“আপোনালোক যাওক, আমি ফোন কৰি দিম, হোটেলৰ দুৱাৰ খুলিব৷”
আমিও হোটেললৈ খোজ ল’লো ৷ আহি পাই দেখো, আমাৰ বাবে দুৱাৰ খুলি কোনোবা এজন ৰৈ আছে ৷ আমি কোনো কথা নকৈ পোনে পোনে নিজৰ কোঠাত সোমালৈগৈ ৷

অসমলৈ..
পিছদিনা ৰাতিপুৱাতে হোটেল এৰি বজাৰ পালোগৈ ৷ বাছৰ খবৰ ল’লো৷ কোনোমতে দুটা চীট যোগাৰ হ’ল বাছ এখনত ৷ গাঁও-ভূঁইৰ মাজেৰে বাছখন ঘূৰি-পকি যাব, গতিকে প্ৰায় দুগুণ ভাড়া ল’লে ৷ তথাপি অতি সন্তুষ্ট মনেৰে বাছত বহি পৰিলো ৷ লাহে লাহে বাছ চলিবলৈ ধৰিলে ৷ বানপানীৰ সংহাৰীৰূপ চকুত পৰিবলৈ বেছিপৰ নালাগিল ৷

প্ৰায় ২৪ ঘন্টাৰ কষ্টকৰ বাছ যাত্ৰাৰ মূৰত গুৱাহাটী পালোহি ৷ ডেকাজনৰ পৰা বিদায় লৈ জালুকবাৰী অভিমুখে আগবাঢ়িলো ৷ যেন মৃত্যুৰ মুখৰ পৰাহে হাত সাৰি আহিলো, এনে অনুভৱ হ’ল ৷

আনন্দ-উত্তেজনাত বাটৰ বন্ধু, ত্ৰিপুৰাৰ সেই ডেকাজনৰ নাম-ঠিকনা লবলৈকো পাহৰি গ’লো ৷ তেওঁক লগ নোপোৱা হ’লে মোৰ কি অৱস্থা হ’লহেতেন ক’ব নোৱাৰো ৷ কোনে জানে কেতিয়াবা হয়তো আকৌ তেওঁক লগ পাম ক’ৰবাত, বাটে-ঘাটে ৷

No comments:

Post a Comment