মাহী আৰু হাঁহি
গুৱাহাটীত তিনিগৰাকী মাহী থাকে৷
তাৰে এগৰাকী মাহীৰ ঘৰলৈ প্ৰায়েই গৈছিলো কটন কলেজ
আৰু অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত পঢ়ি থকা সময়ত৷ মাহীৰ ল’ৰা-ছোৱালীকেইটাৰ স’তে আমি
প্ৰায় সমনীয়া হোৱা বাবে, একেলগে উমলি-জামলি ডাঙৰ হৈছিলো বুলি ক’ব পাৰি৷ পঢ়া-শুনাত আমাৰ
ফলাফল খুব ভাল হৈছিল বাবে মহা-মাহীহঁতে আমাক লৈ বৰ গৌৰৱ অনুভৱ কৰিছিল৷
কালক্ৰমত আমি চাকৰি কৰিবলৈ ল’লো৷ মই সোমাই পৰিলো অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত,
এজন প্ৰবক্তা হিচাবে৷ ইতিমধ্যে মাহীৰ সৰুটো ল’ৰাও ডাঙৰ হৈ আহিল৷ সি পঢ়া-শুনা নকৰে,
কেৰম, ক্ৰিকেট আদি খেলি ঘূৰি ফুৰে, তাৰ যে কি হ’ব? মহা-মাহীৰ খুব চিন্তা৷ মই মহাক এদিন
ক’বলৈহে পালো,
“চিন্তা নকৰিব, খেলি থাকিব দিয়ক, সি ভালেই হ’ব,” মহা একেবাৰে জাঙুৰ খাই
উঠিল৷ মোকেই গালি পাৰিব ধৰিলে ল’ৰাটোৰ হৈ
ওকালতি কৰা বুলি৷
ল’ৰাটো এদিন অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ হৈ পৰিল৷ মোৰেই
ছাত্ৰ৷ মহা-মাহীক ক’লো, “এতিয়া সি মোৰ ছাত্ৰ, আপোনালোকে একো নক’ব আৰু৷”
সময় বাগৰি গ’ল৷ ল’ৰাটিয়ে ভালদৰেই পাছ কৰিলে৷ মহা-মাহীৰ মুখত হাঁহি বিৰিঙিল৷
ভাল চাকৰি পালে৷ এটাৰ পাছত এটাকৈ চাকৰি সলাই সলাই বিদেশ পালেগৈ৷ তাক লৈ সকলোৱে গৌৰৱবোধ
কৰিবলৈ ধৰিলে৷
মাহীৰ ঘৰলৈ যোৱাটো কম হৈ আহিল, নিজৰ পৰিয়ালক লৈ ব্যস্ত হৈ পৰিলো৷ প্ৰায় দুবছৰ
মান বিৰতিৰ পাছত এদিন মাহীৰ ঘৰলৈ গ’লো৷ নান ধৰণৰ কথা বতৰা চলিল৷ কিবা এটা কথা প্ৰসঙ্গত
মাহীয়ে মন্তব্য কৰিলে, “ ইমান ভাল ৰিজাল্ট কৰি তোৰনো কি হ’ল?”
মই মিচিকিয়া হাঁহি এটা মাৰি মনে মনে থাকিলো৷
ঘৰলৈ ওভটাৰ সময়ত বাৰে বাৰে মনটোক আমনি
কৰিবলৈ ধৰিলে, মাহীৰ মন্তব্যটোৱে৷
“ এৰা, মোৰনো কি হ’ল? মই অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ
এজন সাধাৰণ শিক্ষকহে হ’লো৷ আমেৰিকা, অস্ট্ৰেলিয়া আদি দেশত কাম কৰিবলৈ যোৱা সকলহে আচল
মানুহ৷” চিন্তা কৰি কৰি কেতিয়া আহি
মহাবিদ্যালয়ৰ চৌহদত প্ৰবেশ কৰিলো গমকে নাপালো৷
হাত-মুখ ধুই , নিশাৰ আহাৰ খাই, পঢ়া মেজত
বহি পৰিলো৷
“অহাকালি হীট-ত্ৰেন্সফাৰৰ ক্লাচ আছে৷” মনত পৰিল৷
কিতাপ দুখনমান মেলি লৈ,
হাতত কাগজ কলম লৈ ক্লাচ-নোট বনোৱাত ব্যস্ত হৈ পৰিলো৷ মুখত বিৰিঙি উঠিল এটি হাঁহি৷
সংজ্ঞাবিহীন
হাঁহি৷
No comments:
Post a Comment