অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত শিক্ষকতা কৰি থকা সময়ৰ কথা
৷ জালুকবাৰীৰ পৰা ফাঁচীবজাৰলৈ যাবৰ বাবে চিটিবাছ এখনত বহি আছো৷ গুৱাহাটীৰ যানজঁটৰ পৰা
হাত সাৰিবলৈ প্ৰায়েই চিটিবাছেৰে অহাযোৱা কৰাৰ অভ্যাস আছিল৷ সেইদিনাও চিটিবাছ এখনত বহি
পৰিলো আবেলি সময়ত৷ বাছৰ ভিতৰত তিনি-চাৰিজনমানহে মানুহ৷ গতিকে বাছখন চলিবলৈ যথেষ্ট সময়
আছে বুলি বুজি পালো৷
দ্ৰাইভাৰজনো বহি আছিল নিজৰ আসনত৷ কাষত থকা পথালি আসনখনত আন
এজন মানুহ৷ দুয়ো বাৰে বিংকৰা কথা পাতি আছিল ৷ তেওঁলোকৰ কথা শুনি শুনি সময়খিনি সোনকালেই
পাৰ হ’ব বুলি বুজিলো৷
কথাৰ মাজতে অতি বিজ্ঞৰ দৰে দ্ৰাইভাৰজনে মন্তব্য কৰিলে,
“যোৱাহে, আজিকালি মহাত্মা গান্ধীৰ দিন নাই৷”
তাৰপাছত আৰু কিবা কিবি কথা চলিল , ময়ো শুনি শুনি আমোদ ল’লো৷
অলপ পাছত লাহে লাহে, চলো নচলোকৈ বাছখন আগবাঢ়িল৷ আদাবাৰী, মালিগাওঁ, পেট্ৰল পাম্প, কামাখ্যা, ভূতনাথ
পাৰ হ’লো৷ শান্তিপুৰ স্টপেজ পাৰ হোৱাৰ পাছতে দেখিলো অসম পুলিচৰ চিপাহী এজনে দ্ৰাইভাৰজনক
বাছখন ৰখাবলৈ ইঙ্গিত দিছে৷ দ্ৰাইভাৰজনে লগে লগে বাছখন নৰখাই মূৰটো লৰাই ইঙ্গিত দিলে
যে অকণমান আগত ৰখাব আৰু সেইমতেই বাছখন ৰখাই দিলে৷
বাছখন ৰ’বলৈহে পালে৷ চিপাহীজন ধুমুহাৰ দৰে বাছৰ ভিতৰলৈ সোমাই
আহিল আৰু দ্ৰইভাৰজনক দিলে এটা প্ৰচন্ড কাণতলীয়া চৰ৷
“সি মোক ইঙ্গিত দিব আহে….*****..” সকলোৱে শুনাকৈ চিপাহীজনে
নিজৰ বীৰত্ব তথা কৰ্তৃত্ব জাহিৰ কৰি ক’লে৷
বেচেৰা দ্ৰাইভাৰজন লাজতে আধামৰা হ’ল৷
“হয়তো, দ্ৰাইভাৰ মানুহ৷ চিপাহী দৌতা সকলৰ আদেশ উলংঘা কৰাৰ
সাহস কৰিব লাগেনে? বাটে-পথে তেৰাসকলক ভগবান বুলি মানি নচলিলে কাণতলীয়া চৰতকৈও বহু কিবা
কিবি আশীৰ্বাদ পাব লগীয়া হ’ব পাৰে৷” মনতে ভাবিলো৷
দ্ৰাইভাৰজনলৈ পুতৌ হ’ল৷ কিন্তু হঠাতে তেওঁ অলপ আগতে কৰা মন্তব্যটো
মনত পৰিল:
“যোৱাহে, আজিকালি মহাত্মা গান্ধীৰ দিন নাই৷”
নিজে কোৱা কথাৰ প্ৰমাণ আধাঘন্টাৰ ভিতৰতে পালে বেচেৰা দ্ৰাইভাৰজনে,
কাণতলীয়া চৰৰ যোগেৰে৷
মুখেৰে মিচিকিয়া হাঁহি এটাহে ওলাই আহিল৷ এটি সংজ্ঞাবিহীন
হাঁহি৷
No comments:
Post a Comment