প্ৰায় বাৰবছৰমান আগৰ কথা৷ তেতিয়া অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত শিক্ষকতা কৰোঁ৷
অসমৰ অভিযান্ত্ৰিক মহাবিদ্যালয়সমূহৰ বাছনি পৰীক্ষাৰ বাবে গুৱাহাটী 'জোন'ৰ সহকাৰী 'জোনেল'
অফিচাৰ হিচাবে নিযুক্তি পাইছিলো৷ সেইদিনা আছিল বন্ধৰ দিন৷ তথাপি কিছু কাম থকাত
পৰীক্ষাৰ কামৰ বাবে সাজু কৰি লোৱা অস্থায়ী কাৰ্যালয়টোতে বহি কাম কৰি আছোঁ৷
এনেতে এজন ডেকা আহি ওলাল৷ খিৰিকিৰে মোক মাত লগালে,
“চাৰ, মই এডমিট কাৰ্ড নিবলৈ আহিছিলো৷ দিব নেকি?”
“আজি অফিচ বন্ধ, এডমিট কাৰ্ড দিয়া মানুহজন নাই৷ মই অকলেহে আছোঁ, কাইলৈ আহিব,”
মই উত্তৰ দিলো৷
“চাৰ, মই বঙাইগাৱঁৰ পৰা আহিছিলো, আজি বন্ধ বুলি নাজানো নহয়৷ কিবা এটা কৰি পাৰে
যদি দিয়ক,” ডেকাজনে অনুৰোধ জনালে৷
মই অলপ চিন্তা কৰিলো, তাৰপাছত ডেকাজনলৈ চাই সুধিলো, “কি নাম?”
ডেকাজনে নামটো ক’লে৷ বঙাইগাওঁ কেন্দ্ৰৰ ফাইলটো বিচাৰি উলিয়াই চালো, নামটো আছে,
এডমিট কাৰ্ডখনো আছে৷ এডমিট কাৰ্ড হাতে-হাতে নিবলৈ অহাসকলৰবাবে কৰিবলগীয়া আনুষ্ঠানিকতাখিনি
কৰি লৈ ডেকাজনৰ হাতত এডমিট কাৰ্ডখন দিলো৷
কাৰ্ডখন সযতনে জেপত থৈ ডেকাজনে মোৰ ফালে চালে৷ তাৰপাছত মনিবেগটো খুলি দহটকীয়া
নোট এখন উলিয়াই মোৰ পিনে আগবঢ়াই দি ক’লে,
“চাহ-পানী খাব৷”
মই হতভম্ব ৷ মোৰ খঙে চুলিৰ আগ পালেগৈ৷
“তোক টকা কোনে খুজিছে? লাজ নালাগে? তহঁতৰ নিচিনা মানুহবোৰৰ কাৰণেই কোনো এটা
অফিচতে ঘোঁচ নিদিয়াকৈ কাম কৰিব নোৱাৰা হৈ পৰিছে আজিকালি৷”… ইত্যাদি ইত্যাদি নানান
কটু বাক্য শুনালো৷
ডেকাজনে কিন্তু মোৰ ফালে অতি আচৰিত ভাবে চালে৷ তাৰপাছত ভয়ে ভয়ে ক’লে,
“চাৰ
সকলো অফিচতে আমি দিওঁযে, অভ্যাস হৈ গৈছে৷ বেয়া নাপাব৷”
ডেকাজন গ’লগৈ৷ ডেকাজনৰ সেই কাৰ্যৰ যোগেদি গোটেই সমাজখনেই মোক যেন ভেঙুচালি
কৰি গ’ল, এনে অনুভৱ হ’ল৷ লাহে লাহে কথাটো পাহৰিবলৈ চেষ্টা কৰি মই নিজৰ কামত লাগি পৰিলো৷
No comments:
Post a Comment