দুৰ্গন্ধময় তলা…
সকলো ঠাইৰে ভাল-বেয়া,
তিতা-মিঠা অভিজ্ঞতা থাকে৷ কেতিয়াবা বেয়া অভিজ্ঞতাবোৰহে মনত ৰৈ যায়৷ বৰপেটা বিদ্যাপীঠত
পঢ়া দিনবোৰৰ কথা মনত পেলালেও তেনে দুই-এটা ঘটনা মনত নপৰা নহয়৷
বোধকৰো ১৯৬৯ বা
১৯৭০ চনৰ কথা৷
আনদিনাখনৰ দৰে
সময়মতে স্কুল পালোঁগৈ৷ স্কুলৰ গেট পায়েই পৰিৱেশটো বেলেগ বেলেগ যেন দেখিলো৷ সকলোবোৰ
ছাত্ৰ বাহিৰত থিয় দি আছে হাতে-হাতে কিতাপবোৰ লৈ৷ কোনো এটা শ্ৰেণীকোঠাই খোলা নাই৷ ভাবিলো
কিবা কাৰণত চকীদাৰ আহি পোৱা নাই কিজানি৷
ইফালে বাহিৰত
থিয় হৈ ল’ৰাবিলাকে চিঞৰ-বাখৰ কৰি আছে৷
ভালদৰে মন কৰি
দেখিলো চকীদাৰজন আছে৷ হাতত স্কুলৰ শ্ৰেণীকোঠা খোলাৰ বাবে চাবিকোচাও আছে৷ তেনেহলে কোঠাবোৰ
কিয় খোলা নাই?
লাহে-লাহে কথাটো
দেখি-শুনি বুজি পালো৷ ঘিণ লগাত নাক কোঁচালো৷
কোনোবা দুষ্কৃতিকাৰীয়ে
স্কুলৰ প্ৰতিটো কোঠাৰ, প্ৰতিটো তলাত মানুহৰ বিষ্ঠা সানি থৈ দিছিল ৷
গতিকে তলাবোৰ
পানী মাৰি মাৰি পৰিষ্কাৰ কৰি নোধোৱালৈকে খোলাৰ প্ৰশ্নই নুঠে৷ সেই কামটো কৰিবলৈও ভালেখিনি
সময়ৰ প্ৰয়োজন৷
আমাক ছুটি দিলেই
ভাল পালোঁতেহেন যদিও তেনে নহ’ল৷ প্ৰায় এঘন্টামান পাছত দুৱাৰবোৰ খোলা হ’ল৷ আমিও নাক-মুখ
বিকটাই কোঠাত প্ৰবেশ কৰিলো৷
শিক্ষক আহিল৷
ৰসিক শিক্ষক গৰাকীয়ে
মন্তব্য কৰিলে,
“যিজন মহাপুৰুষে
এই কামটো কৰিছিল, তেওঁ বাৰু কেনেদৰে কামটো কৰিছিল? হাতত বিষ্ঠা লৈ তলাবোৰত প্ৰলেপ লগাই
ফুৰিছিল নে উৰি উৰি বিষ্ঠা ত্যাগ কৰা কাম ফেৰা কৰি ফুৰিছিল?”
কথাষাৰত আমিও
যথেষ্ট ৰস পালো৷
কিন্তু কি কাৰণতনো
সেই ব্যক্তিজনে কামফেৰা কৰিছিল সেই কথাটোহে বুজি নাপালো৷
No comments:
Post a Comment