ইটো ৰমণী হবাই লাগবো…. হোই????
১৯৭৬ চন৷ সেইবছৰ বৰপেটা বিদ্যাপীঠৰ পৰা হাইস্কুল শিক্ষান্ত
পৰীক্ষা দিছিলো৷ জীৱনৰ প্ৰথমটো ডাঙৰ পৰীক্ষা৷ ঘৰত ডাঙৰ বুলিবলৈ বিধৱা মা৷ ডাঙৰ দাদা
তেতিয়া ত্ৰিবান্দ্ৰম মেডিকেল কলেজত পঢ়ে আৰু সৰু দাদা গুৱাহাটীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত৷
গতিকে চোৱা-চিতা বা সহায় কৰিবলৈ আন কোনো নাই ঘৰত৷
পৰীক্ষাৰ এডমিট কাৰ্ড আহিল৷ দিনো ওচৰ চাপি আহিল৷ মোৰ বন্ধু
ৰমণীক ক’লো আমাৰ পৰীক্ষা কোনটো পৰীক্ষা কেন্দ্ৰত হ’ব আৰু মোৰ বহা চীট কোনটো কোঠাত হ’ব
ভালদৰে খবৰ লৈ চাই-চিতি পৰীক্ষাৰ আগদিনা সন্ধিয়া মোক যাতে ঘৰলৈ আহি জনাই থৈ যায়হি৷
সেই সময়ত খবৰ দিবলৈ আন কোনো ব্যৱস্থা নাছিল৷ ৰমণীয়েও তাকে কৰিবলৈ গাত ল’লে৷
পৰীক্ষাৰ আগদিনা সন্ধিয়া পঢ়িবলৈ বহিলো৷ পিছদিনা দুয়োবেলা
অসমীয়াৰ পৰীক্ষা৷ ঘৰত বিজুলি সংযোগ নাই৷ কেৰাচিন তেলৰ লেমটো জ্বলাই লৈ অসমীয়াৰ নোটবোৰ
উলিয়াই লৈ চিঞৰি চিঞৰি পঢ়ি আছো৷ বাহিৰত ঘিটমিটিয়া আন্ধাৰ৷ আমাৰ সৰু খেৰৰ ঘৰটো মুকলি
পথাৰ এখনৰ মাজত৷ ঘৰৰ সম্মুখত কোনো ৰাস্তাই নাই৷ বিজুলি বাতিতো দূৰৰে কথা৷ ঘৰৰ সম্মুখতে
পুৰণি শ্মশানখন৷ ৰাতি অকলে ঘৰৰ আগেৰে মানুহ অহা-যোৱা নকৰেই বুলিব পাৰি৷ মই পঢ়ি আছো
যদিও বাৰে-বাৰে মনত পৰে ৰমণী সিমান পৰলৈকে নহা কথাটো৷ পঢ়াত মনটো বহুৱাব পৰা নাই৷
এই ৰমণীটো নাহিল দেখোন৷ নাহিলে বৰ অসুবিধা হ’ব৷ বেলেগ কাৰোবাৰ
হাতত খবৰটো দি পঠিয়ালেওতো হয় মোৰ পৰীক্ষা কেন্দ্ৰৰ সবিশেষ জনাই….
মই মনে-মনে চিন্তা কৰোঁ , আকৌ পঢ়াত মন দিওঁ৷
ইফালে সময় বেগাই পাৰ হৈ গৈ আছে৷ ৰাতি বোধকৰো আঠমান বাজিল৷
ৰমণী আৰু নাহে বুলি বুজিলো৷ মনটো বেয়া লাগিল, অলপ চিন্তাও হ’ল৷ ৰাতিপুৱা অলপ সোনকালেই
ওলাই যাব লাগিব পৰীক্ষা দিবলৈ বুলি৷ চাইকেলখন লৈ যাব লাগিব৷ মাধৱ চৌধুৰী মহাবিদ্যালয়তে
পৰাৰ সম্ভাৱনা বেছি,,,
মই চিন্তা কৰি থাকিলো আৰু চিঞৰত গগন ফালি পঢ়িও থাকিলো৷
“অ’ মাখন….”
হঠাতে বাহিৰত কোনোবাই মোৰ নাম কাঢ়ি মতা শুনিলো৷ মই পঢ়া বন্ধ
কৰি দুৱাৰৰ পিনে দৌৰ মাৰিলো৷ দুৱাৰৰ ওচৰৰ চকী এখনত মা বহি আছিল৷ মাক উদ্দেশ্যি কিন্তু
বাহিৰৰ আগন্তুকেও শুনাকৈ মই চিঞৰি চিঞৰি ক’লো,
“ ইটো ৰমণী হবাই লাগবো, ইটো ৰমণী হবাই লাগবো… (এইটো ৰমণী
হবই লাগিব)..
তাৰপাছত দুৱাৰখন খুলি দি বাহিৰৰ ফালে চাই চিঞৰি সুধিলো,
“ হোয়ি…? (হয়নে?)
বাহিৰত আন্ধাৰ৷ একো নেদেখি৷ মোৰ “হোয়ি”ৰ কোনো উত্তৰ নাহিল৷
কিন্তু কোনোবা এজনে মোৰ মুখত টৰ্চৰ পোহৰ মাৰি দিলে৷ মই অলপ সময় তভক মাৰি ৰ’লো৷ তাৰপাছত আকৌ চিঞৰি সুধিলো.
"হোয়ি????
কোনোবা এজনে মাত ল’গালে,
“ কি এ.. ইমেন আটাহ পাৰি পাৰি পোচ্চা? (কি হে, ইমান চিঞৰি
চিঞৰি পঢ়িছা?)
মাতটো চিনি পালো৷ আমাৰ অংকৰ চাৰ মনীন্দ্ৰ নাথ দাস৷ মই যাতে
লাজ নাপাওঁ সেইবাবে মোক সহজ কৰি দিবলৈকে চাৰে তেনেদৰে কথাৰ পাতনি মেলিলে৷ ইতিমধ্যে
টৰ্চটো নুমুৱাই দিয়াত ঘৰৰ ভিতৰৰ পৰা যোৱা লেমৰ পোহৰত দেখিলো মনীন চাৰৰ লগত আৰু তিনিজন
চাৰ: তৰণী সেন দাস চাৰ, অক্ষয় মিশ্ৰ চাৰ আৰু বৰ্মণ চাৰ৷
মইও অলপ সকাহ পাই থৰক-বৰকৈ উত্তৰ দিলো, “ মানে চাৰ, আটাহ
পাৰি পোল্লি বেছি সহজে মনত থাকে… (চিঞৰি পঢ়িলে বেছি সহজে মনত থাকে)
চাৰসকল ভিতৰ সোমাই আহিল৷ তেখেতসকলক বহিবলৈ দিলো৷ মা চাহ বনাবলৈ
গ’ল৷ মই ৰমণীৰ বাবে বাট চাই আছিলো বুলি অলপ লাজ-লাজকৈ জনালো৷ চাৰসকলে হাঁহিলে৷ মাধৱ
চৌধুৰী মহাবিদ্যালয়তে আমাৰ পৰীক্ষা হ’ব বুলি তেখেতসকলৰ পৰাই গম পালো৷
বেছি পলম নকৰি, দুই এটা উপদেশ দি, মোক পৰীক্ষাৰ বাবে শুভেচ্ছা জনাই চাৰসকল গ’লগৈ৷ চাৰসকল যোৱাৰ পাছত মোক মাহঁতে জোকাবলৈ ধৰিলে...ইটো ৰমণী হবাই লাগবো, হবাই লাগবো বুলি৷
অলপ লাজ পালো যদিও মোৰ মনলৈ কিবা এটা অদ্ভূত সাহস আহিল৷ আকৌ পঢ়া টেবুলত বহিলো৷
তাৰপাছত দুগুণ জোৰেৰে চিঞৰি চিঞৰি পঢ়িবলৈ ধৰিলো৷
চাৰসকলৰ শুভেচ্ছাও অথলে নগ’ল৷ মোৰ পৰীক্ষাৰ ফলাফলে চাৰসকলক
আনন্দিত কৰিলেগৈ৷
আজিও সেই চাৰসকলৰ কথা মনত পৰিলে শ্ৰদ্ধাত মূৰ দোঁ খাই যায়৷
No comments:
Post a Comment