ইংৰাজীত বেবৰিবাং..
অসমীয়া মাধ্যমত পঢ়িছিলো বাবে ইংৰাজীত কথা-বতৰা কোৱাটো বৰ টান কাম বুলি ভাবিছিলো৷ ইংৰাজী শুদ্ধকৈ লিখিবলৈ শিকিছিলো ঠিকেই কিন্তু ক'বলৈহে ভয়৷ অৱশ্যে ইংৰাজীত কথা পাতিবলগীয়া অৱস্থাও নহৈছিল৷ ইংৰাজী মাধ্যমৰ স্কুল নাছিল বুলিবই পাৰি গুৱাহাটী আৰু আন দুখনমান ঠাইত থকা মিছনেৰী স্কুলবোৰৰ বাহিৰে৷ সৰুতে এবছৰৰ বাবে শ্বিলঙত থাকোঁতে ইংৰাজীত কথা-বতৰা কোৱা ল'ৰা-ছোৱালী কিছুমান দেখা আৰু শুনাৰ সৌভাগ্য হয়৷ সেইসকলক আমি দূৰৰ পৰাই চাওঁ৷ চিৰিয়াখানাৰ জন্তু চোৱাৰ দৰে৷ ওচৰ চপাৰ সাহস নহয়, কিজানিবা ইংৰাজী ক'ব লাগে৷
শ্বিলঙৰ পাছত আহোঁ বৰপেটালৈ৷ হাইস্কুল বৰপেটাতে পঢ়োঁ৷ কোনো কাৰণতেই ইংৰাজীত কথা ক'বলগীয়া নহয়৷ তাৰপাছত আহি পাওঁ কটন কলেজ৷
চেন্টমেৰিজ , ডনবস্ক আৰু সেইসময়ত থকা একমাত্ৰ কেন্দ্ৰীয় বিদ্যালয়খনৰ বাহিৰে ইংৰাজী মাধ্যমৰ হাইস্কুল গুৱাহাটীত বোধহয় নাছিল৷ আমি সেই স্কুলসমূহৰ পৰা ছাত্ৰ-ছাত্ৰীসকলৰ লগত অসমীয়াতে কথা পাতিছিলো যদিও তেওঁলোকে নিজৰ মাজত ইংৰাজীতে কথা পতা দেখিলে ৰ' লাগি চাইছিলো৷ কেতিয়াও ইংৰাজীত কথা কোৱাৰ মৰসাহ কৰা নাছিলো৷ সেই ছাত্ৰ-ছাত্ৰী সকলে ব্যৱহাৰ কৰা কিছুমান শব্দ বুজিও নাপাইছিলো৷
কটনৰ হোষ্টেললৈ অহাৰ পাছত এদিন ৰাতি নৱাগত সকলক চিনাকী দিবলৈ কওঁতে মৃদুল ভূঞা নামৰ লগৰীয়াজনে চিনাকী এনেদৰে দিছিল,
: মোৰ নাম'..... মই এক নং ছাত্ৰাবাসৰ 'বোনা ফাইড ' বোৰ্ডাৰ.. ৷"
'বোনা ফাইড' মানেনো কি বুজি নাপাই ভেবা লাগি থাকিলো৷
কটন কলেজত থাকোঁতে এবাৰ আন্তঃ শ্ৰেণী ক্ৰিকেট প্ৰতিযোগিতা চাই আছো সকলোৱে একেলগে বহি, জজ খেল পথাৰত৷ কোনোবা এজন আউট হোৱাত নব কোৱঁৰ বেটিং কৰিবলৈ গ'ল৷ তাকে দেখি আমাৰ সহপাঠী নমিতা শৰ্মা নে মৈত্ৰেয়ী সিদ্ধান্ত কোনোবা এগৰাকীয়ে সুধিলে,
" ই স্কীপাৰ নেকি?"
কোনোবা এজনে হয় বুলি ক'লে৷
মই হ'লে স্কীপাৰ মানে কি একো বুজি নাপালো৷
তাৰপাছত কিবা কথা প্ৰসঙ্গত নমিতাই ক'লে,
" .. নহ'লে 'বছে' এসেকা দিব.."
বছ মানেনো কি বুজি নাপালো ৷ ( তাৰমানে যে দেউতাকক বুজাইছিল সেইটো বহুবছৰ পাছতহে বুজি পাইছিলো৷)
এদিন আমি দলে-বলে হোষ্টেললৈ উভতি আহি থাকোঁতে উত্তম বৰঠাকুৰ নামৰ সহপাঠী এজনে আন এজনক কোৱা শুনিলো:
" প্লীজ, দোন্ট বোডাৰ আচ৷"
'বোডাৰ' মানে কি বুজি পাবলৈও বহুদিন লাগিল৷
লাজতে মুখ খুলি নকলেও মনে-মনে হীনমন্যতাত ভুগিছিলো ইংৰাজীত কথা ক'ব নজনা বাবে৷
কটন কলেজতেই এবাৰ ইংৰাজীৰ ক্লাচত এগৰাকী অধ্যাপিকাই কিবা এটা লিখিবলৈ দিছিল৷ মই দেখুৱাবলৈ গ'লো৷ তেখেতে সুধিলে,
" তুমি কি মাধ্যমত পঢ়া?"
মই অসমীয়া মাধ্যম বুলি কওঁতে অলপ আচৰিত হৈ ক'লে,
"অসমীয়া মাধ্যমত পঢ়া ছাত্ৰই ইমান ভাল ইংৰাজী লিখিব পাৰেনে?"
সেইদিনা মনটো অলপ ভাল লাগিল, উৎসাহ পালোঁ৷
অসম অভিযান্ত্ৰিক মহাবিদ্যালয়লৈ আহি নগা, মিজো, গাৰো, খাচী আদি ছাত্ৰ-ছাত্ৰী কিছুমানৰ সংস্পৰ্শলৈ আহিব লগা হয়৷ তেওঁলোকক দেখিলেই ভয়তে পলাওঁ কাৰণ ইংৰাজীত কথা পতাৰ সাহস তেতিয়ালৈকে গোট খোৱা নাই৷ কেতিয়াবা মুখা-মুখিকৈ পৰিলে কি সুধিম বুলি ভাবি তাকে ইংৰাজীত অনুবাদ কৰি থাকোঁতেই সময় পাৰ হৈ যায় আৰু তেওঁলোকো কাষেৰে পাৰ হৈ যায়৷
এবাৰ কিবা এটা কাৰণত মোক ইস্ট্ৰী এটাৰ দৰকাৰ হ'ল৷ হেষ্টেলত কাৰ ইস্ট্ৰী আছে খবৰ কৰি গ'ম পালোঁ নিকি নামৰ জ্যেষ্ঠ মিজো ছাত্ৰ এজনৰ ওচৰত থকা বুলি৷ ইংৰাজীতে ইস্ট্ৰীটো কি বুলি খুজিব লাগিব অলপসময় চিন্তা কৰি নিকিৰ কোঠা পালোঁগৈ৷ নিকি পঢ়া টেবুলত বহি আছিল৷ এখন বিচনাত ইস্ট্ৰীটো দেখিলো৷ কিন্তু ইস্ট্ৰীটোৰ কাষতে আন এজন মিজো ছাত্ৰই পৰম আমেজত টোপনি মাৰি থকা দেখিলো৷
মই মৰসাহ কৰি নিকিলৈ চাই ক'লো
: "ইলেক্ট্ৰিক.. প্ৰেছ.....
কওঁতে হাতেৰে ইষ্ট্ৰী কৰাৰ ভংগিমাও কৰি দেখুৱালো৷ নিকিয়ে বুজি পালে৷ তাৰ পাছত সেই ইস্ট্ৰী থকা বিচনাখনলৈ দেখুৱাই কিবা ক'লে৷ মই আধা বুজিলো আধা নুবুজিলো৷ অলপ সময় থিয় হৈ থাকিলো৷ কি উত্তৰ দিব লাগিব ঠাৱৰ কৰিব নোৱাৰিলো৷ তাৰপাছত একো উত্তৰ নিদি মনেমনে কোঠাৰ পৰা বাহিৰ ওলাই আহিলো৷
নিকিয়েনো আচলতে মোক কি কৈছিল তাকে চিন্তা কৰি কৰি দুবছৰমান পাছত বুজি পালো যে ইস্ট্ৰীটো তাতেই ব্যৱহাৰ কৰিব লাগিব৷ সেই শুই থকা আনজন মিজো ল'ৰাক টোপনিৰ পৰা উঠাই সেই বিচনাখনতে মোক ইষ্ট্ৰীটো ব্যৱহাৰ কৰিবলৈ কৈছিল৷
বুজি পাওঁতেহে দুবছৰমান পলম হ'ল৷ কিন্তু সেইদিনা বুজি পালেও শুই থকা মিজো ছাত্ৰজনক কি বুলি টোপনিৰ পৰা উঠালোহেতেন?
চিন্তা নকৰাই ভাল..

No comments:
Post a Comment