অভিনৱ পদ্ধতিৰ ব্লেকমেইল?
প্ৰায় বিশবছৰ আগৰ কথা৷
কিবা এটা কাৰণত ৰেলেৰে দিল্লীৰ ফালে গৈ আছো৷
খুব সম্ভৱ অৱধ অসম মেইল৷ লক্ষ্ণৌ হৈ যায়৷
ৰাতিপুৱা আঠমান বজাত ৰেলখন গৈ লক্ষ্ণৌত ৰ'ল৷ দীঘলীয়া সময়ৰ বাবে ৰয়৷ শ্লীপাৰ শ্ৰেণীৰ ডবা এটাৰ একেবাৰে এমূৰৰ তলৰ বাৰ্থ এটা মোৰ আছিল৷ বেছিভাগ মানুহ তাতে নামিল মুখ-হাত ধুই চাহ-জলপান খাবলৈ বুলি৷ মোৰ কাষত কেৱল এজন সেনা-বাহিনীত কাম কৰা লোক বহি আছে৷ সম্মুখত আন এজন লোক৷ মই খিৰিকিৰ কাষৰ চীটটোত৷
হঠাতে এজন সাধুবাবা সোমাই আহিল ডবাটোলৈ৷ পিন্ধনত ক'লা কাপোৰ৷ হাতত এডাল প্ৰকাণ্ড সাপ৷ মোৰ দেখিয়েই গাটো শিয়ৰি উঠিল৷
বাবাজন আহি আমাৰ ফালে চালে৷ মই দেখিও নেদেখা ভাও ধৰি খিৰিকিৰে বাহিৰলৈ চালো৷ বাবাজনে মোৰ কাষত বহি থকা সৈনিকজনৰ পিনে চালে৷ অলপ ওচৰ চাপি আহি কথা পাতিবলৈ ধৰিলে... সুধিলে...
কি নাম, ঘৰত কোন কোন আছে.. কি কাম কৰে, ক'লৈ গৈ আছে.. ইত্যাদি..
সৈনিকজনে ভক্তিপূৰ্ণভাবে উত্তৰ দি থাকিল৷
তাৰপাছত হঠাতে সাধুবাবাজনে নিজৰ কপালখন সৈনিকজনৰ কপালত হেঁচি দি কিবা মন্ত্ৰ মতাৰ দৰে কৰিলে৷ মই ভয়ে-ভয়ে চাই থাকিলো৷ অৱশ্যে মোৰ ভয় বাবাজনৰ হাতত থকা সাপডাললৈহে৷
তাৰপাছত সাধুবাবাজনে সৈনিকজনৰ হাতৰ পৰা অলপ নোম আজুৰি চিঙি দিলে আৰু নোমখিনি নিজৰ হাতৰ তলুৱাত মোহাৰি দিলে৷ নোমখিনি অতি আচৰিতভাবে লগে-লগে পানী হৈ গ'ল৷
সেই যাদুমন্ত্ৰ অবাক হৈ চাই থাকিলো৷
এইবাৰ সাধুবাবাজনে সৈনিকজনক টকা এটা খুজিলে৷
সৈনিকজনে একো চিন্তা নকৰি পকেটৰ পৰা এশ টকীয়া নোট এখন উলিয়াই বাবাজনৰ হাতত দিলে৷ সেই সময়ৰ এশ টকা মানে আজিৰ হাজাৰ টকাতকৈও বহু বেছি হ'ব নিশ্চয়৷
বাবাজনে নোটখন হাতত লৈ দীঘলকৈ দুই-তিনিভাঁজমান কৰিলে৷ তাৰপাছত সৈনিকজনক সুধিলে..
"ধন বড়া য়া ধৰম বড়া.... ধন ডাঙৰ নে ধৰ্ম ডাঙৰ?
" ধৰম বড়া..." আশাকৰা মতেই সৈনিকজনে উত্তৰ দিলে৷
এইবাৰ বাবাজনে নোটখন দুহাতেৰে ফালি পেলোৱাৰ উপক্ৰম কৰা দেখুৱাই সুধিলে,
" ফাড় দুঁ?.... ফালি দিওঁ নে?...."
সৈনিকজন অলপ সময় নিমাতে থকাত বাবাজনে আকৌ সুধিলে,
"ধন বড়া য়া ধৰম বড়া.... ?
" ধৰম বড়া..." এইবাৰো সৈনিকজনে একেই উত্তৰ দিলে৷
বাবাজনে আকৌ নোটখন দুহাতেৰে ফালি পেলোৱাৰ উপক্ৰম কৰা দেখুৱাই সুধিলে,
" ফাড় দুঁ ?"
সৈনিকজনে কওঁ-নকওঁকৈ ক'লে...
"জী. ফাড় দিজিয়ে.... ফালি দিয়ক.."
বাবাজনে কিন্তু নোটখন নাফালিলে.. অলপসময় একেথৰে সৈনিকজনৰ চকুলৈ চাই থাকিল৷
এইবাৰ নোটখন নিজৰ পকেটত ভৰাই সুধিলে বাবাজনে ,
"ৰখ লুঁ? ৰাখি থওঁনে?..."
সৈনিকজনে অনিচ্ছা স্বত্বেও মূৰ দুপিয়ালে৷
এশটকীয়া নোটখন পকেটত ভৰাই সাধুবাবা নিমিষতে তাৰ পৰা অন্তৰ্ধান হ'ল৷
মইও স্বস্তিৰ নিশ্বাস পেলালো৷
কিন্ত থতমত খাই বহি থকা সৈনিকজনলৈ চাইহে বেয়া লাগিল৷

No comments:
Post a Comment