ইমান ডাঙৰ লাও,
ক’তনো পেলাওঁ?
তিতাবৰ বুনিয়াদী
অভ্যসন বিদ্যালয়ত পঢ়ি থকা সময়ৰ কথা৷ বগাগাওঁ, তাঁতীগাওঁ, কাছজান , চিপহাসত্ৰ আদি বিভিন্ন
গাওঁ-ঠাইৰ ল’ৰা-ছোৱালী একেলগে পঢ়িছিলো৷ প্ৰায়বোৰৰ লগতেই নলে-গলে লগা বন্ধু আছিলো৷ আমি
আছিলো স্কুল-চৌহদৰ গাতে লাগি থকা চৰকাৰী ৰেচম পামখনত৷ মাজৰ কাঁটা-তাঁৰৰ বেৰখন পাৰ হ’লেই
আমাৰ ৰেচম পামখন৷ মাজে মাজে বেৰ পাৰ হৈয়েই অহা-যোৱা কৰিছিলো স্কুললৈ৷ নহ'লে স্কুলৰ
সম্মুখেৰে যোৱা ৰেল আলিটোৰ পাৰে পাৰে গৈ পামখনৰ মূল প্ৰৱেশদ্বাৰেৰে ঘৰলৈ অহা-যোৱা কৰিছিলো৷
সাধাৰণতে পানীখোৱা ছুটীৰ সময়ত অলপ লৰা-লৰি হৈছিল বাবে কাঁটা-তাঁৰৰ বেৰ পাৰ হৈ চমু বাটেৰে
ঘৰলৈ গৈছিলো আৰু স্কুল ছুটী হোৱাৰ পাছত হাতত সময়েই সময়েই বাবে লাহে-ধীৰে খোজ কাঢ়ি মূল
বাটেৰে ঘৰলৈ খোজ লৈছিলো৷ কিন্তু ছুটীৰ পাছত সোনকালে ঘৰলৈ যাবলৈ মন নোযোৱা বাবে অলৌ-তলৌকৈ
ঘূৰি ফুৰিছিলো৷
দেউতাক সকলোৱে চিনি পাইছিল৷ আন কোনো ধৰণৰ ভয়ৰ কাৰণো নাছিল৷ গতিকে নিশ্চিন্ত
মনে অনাই-বনাই ঘূৰি ফুৰিছিলো৷ কেৱল আন্ধাৰ হোৱাৰ আগে-আগে ঘৰ সোমালেই হ’ল৷ সিমানখিনি
স্বাধীনতা আছিল৷
কাছজানৰ লক্ষ্য
আছিল মোৰ অতি নিকট বন্ধু৷ সি প্ৰায়েই তাৰ ঘৰলৈ মাতে৷ স্কুলৰ চৌহদৰ পৰা ওলাই ৰেলআলিটো
পাৰ হৈয়েই তিনি আলিটো৷ তাৰে এটা আলিৰে অলপদূৰ আগুৱাই গৈয়েই আৰম্ভ হয় ধাননি পথাৰ৷ সেই
পথাৰৰ মাজেমাজে আৰু কিছুদূৰ গৈয়েই পোৱা যায় বিখ্যাত ধোদৰ আলিটো৷ পথাৰৰ মাজেৰে যোৱা
আলিটো ধোদৰ আলিত লগ লগাৰ আগতেই সোঁহাতে আছিল লক্ষ্যহঁতৰ ঘৰ৷ হয়তো এতিয়াও আছে৷
লক্ষ্যহঁতৰ ঘৰলৈ
মোক প্ৰায়েই মাতে৷ গৈ ভাল পাওঁ৷ সকলোৱে আদৰ-সাদৰ কৰে৷ ডাঙৰ কাঁহৰ বাটিত এৱাঁ গাখীৰ
আৰু গুড়েৰে চিৰা খাবলৈ দিয়ে৷ স্বভাৱতেই খকুৱা মোৰ বাবে সেয়া আছিল অতি প্ৰিয়৷ এদিন লক্ষ্যহঁতৰ ঘৰত আবেলি তেনেদৰে জলপান খাই আহিবলৈ
লওঁতেই লক্ষ্যৰ ককায়েক নে আন কোনোবা এজনে ঘৰৰ চালত উঠি লাও এটা পাৰি আনি মোৰ হাতত দিলে৷
এহাতত স্কুলৰ কিতাপ আৰু আনহাতে প্ৰকাণ্ড লাওটো লৈ কেঁকাই-গেথাই ঘৰ পাওঁতে বেলি মাৰ
যাবৰ হ’ল৷ পোনে-পোনে পিছপিনৰ চোতাললৈ গৈ পাকঘৰৰ বাৰান্দাত বহি থকা মাৰ হাতত লাওটো দিলোঁগৈ৷
দেউতাও ওচৰতে কিবা কাম কৰি আছিল৷ আন কাৰো পৰা ফুটা-কড়ি এটাও দেউতাই কেতিয়াও আমাক ল’বলৈ
নিদিছিল৷ মোৰ হাতত লাওটো দেখি দেউতাই সুধিলে,
“ সেইটো ক’ত পালি?”
“ লগৰ ল’ৰা এজনৰ
ঘৰলৈ গৈছিলো৷ দি পঠিয়াইছে৷”
“ আমাৰ ঘৰত লাও
উভৈনদী৷ কাটি কাটি দানা সিজাই গৰুক খুৱাওঁ৷ তই বেলেগৰ ঘৰৰ পৰা লাও লৈ আহিছ? আজিৰ পৰা
নানিবি৷”, দেউতাই খং কৰি ক’লে৷
আমাৰ ঘৰৰ বাৰীত
লাও-কোমোৰা-জিকা-ভোল সকলো উভৈনদী আছিল৷
কিছুদিন পাছত
লক্ষ্যহঁতৰ ঘৰলৈ আকৌ গ’লো৷ আহিবৰ সময়ত আকৌ দিলে লাও এটা৷ এইবাৰ আগৰটোতকৈও ডাঙৰ আৰু
দীঘল জাতিলাও৷ মই নালাগে নালাগে বুলি বাৰেবাৰে আপত্তি কৰা স্বত্বেও জোৰকৈ দি পঠিয়ালে৷
ইমান মৰম কৰি আগ্ৰহেৰে দিয়া বস্তুটো নানোনো কেনেকৈ? গতিকে এহাতত কিতাপ আৰু কান্ধত লাওটো
লৈ ওলাই আহিলো৷ তাৰপাছত পথাৰৰ মাজ পালোহি৷ ইফালে ঘৰত দেউতাৰ গালি খাব লাগিব লাওটো ঘৰলৈ
নিলে৷ মূৰত এটা বুদ্ধি খেলালে৷ আগে-পিছে চাৰিওফালে চালো৷ কোনো নাই৷ পথাৰৰ মাজৰ সেই
বাটটোত মই তেতিয়া অকলে৷
কান্ধৰ পৰা লাওটো
নমাই মই ধাননিৰ মাজলৈ দলিয়াই দিলো৷ কোনেও নেদেখিলে৷ তাৰপাছত একোৱেই যেন হোৱা নাই এনে
ভাবেৰে ঘৰলৈ বেগাই খোজ ল’লো৷
সেই লাওটো কি
হ’ল আজিলৈকে গমহে নাপালোঁ৷
No comments:
Post a Comment